দুৰ্গতিনাশিনী দেৱী দুৰ্গা ~ প্ৰবন্ধ - পঙ্কজ ৰবিদাস

©Admin
0
কাচিঁ ফুল অৰ্থাৎ কহুৱাৰ কোঁহে কোঁহে শৰৎ আহে। শৰৎ আহে নিয়ৰত ভিজা শেৱালীৰ কোমল পাপৰিত। শৰৎ যেন পূজা পৰৱৰ বতৰ, আনন্দ উৎসৱৰ বতৰ। এই সময়তে এক শুভ ক্ষণত দূৰ্গতিনাশিনী শক্তিৰ অধিস্তাত্ৰী দেৱী দুৰ্গাৰ পূজা অনুষ্ঠিত কৰা হয়। দশভূজধাৰী দূৰ্গা দেৱীৰ দহো হাতে দহপাত অস্ত্ৰ। জগতৰ আদ্যা শক্তি আই ভগৱতী অৰ্থাৎ দেৱী দুৰ্গাৰ বাহন সিংহ। সিংহাৰোহণ কৰি মহিষাসুৰ নিধনৰ বাবে দেৱী উদ্যত। দেৱী দুৰ্গাৰ সোঁকাষে ঐশ্বৰ্যৰ দেৱী লক্ষ্মী আৰু সিদ্বিদাতা গনেশ, বাঁওকাষে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰ্বশুক্লা আই সৰস্বতী আৰু দেৱগণৰ সেনাপতি কাৰ্তিক। পূজা মণ্ডপৰ বেদীত এইদৰে এইসকল দেৱ দেৱীৰ প্ৰতিমা স্থাপন কৰি শঙ্খ ঘণ্টা, ঢাক কাঁহৰ মধুৰ মূৰ্ছনাৰ মাজত চণ্ডী পুথি অনুসৰি বিধিসন্মত পূজা আৰাধনা কৰা হয়। ইয়াৰ নিহিত অৰ্থ এই যে দেৱী মা ভৱানীয়ে দহো হাতে দহ অস্ত্ৰ লৈ দহোদিশৰ বীৰ্যৱন্ত অসুৰৰূপী অসুভ শক্তিক দমন কৰি, ঐশ্বৰ্য বিভূতি, শিক্ষা দীক্ষাৰে জগৎ জোনালীময় কৰি পৃথিৱীত শান্তি স্থাপন কৰিব। মাৰ্কেণ্ডেয় চণ্ডী অনুসৰি এসময়ত অসুৰ ৰজা মহিষাসুৰে স্বৰ্গ জয় কৰি দেৱগণক স্বৰ্গৰ পৰা খেদি পঠিয়াই। প্ৰতিকাৰৰ উপায় বিচাৰি দেৱগণে ব্ৰহ্মা, বিষ্ণু আৰু শিৱৰ কাষ চাপে। নিজৰ দূৰ্গতিৰ কথা দেৱতা সকলে ব্যক্ত কৰে। দেৱগণৰ দূৰ্গতি শুনি ত্ৰিদেৱৰ ক্ৰোধত মুখৰপৰা ক্ৰোধাগ্নি নিৰ্গত হয়। তিনি পৰমেশ্বৰৰ ক্ৰোধাগ্নি মিলিত হৈ সৃষ্ট হোৱা জ্বলন্ত অগ্নিশিখাৰ পৰাই দশভূজা ৰণচণ্ডী দূৰ্গতিনাশিনী দেৱী দুৰ্গাৰ আৱিৰ্ভাৱ হয়। এই শক্তি দেৱীৰ দৰ্শন লাভ কৰি দেৱগণ আহ্লাদিত হৈ দেৱীক নিজ নিজ অস্ত্ৰ শস্ত্ৰ প্ৰদান কৰি অসুৰক বিনাশ কৰি দেৱতাক ৰক্ষাৰ বাবে মিনতি জনালে। দেৱতাসকলৰ প্ৰাৰ্থনা স্বীকাৰ কৰি মহিষৰূপী অসুৰক বধ কৰি দেৱগণৰ দূৰ্গতি নাশ কৰিলে। এইদৰেই দেৱীৰ কৰুণা লভি দেৱগণে হৃতৰাজ্য ঘূৰাই পালে। এই দূৰ্গা পূজা পশ্চিম বংগৰ জাতীয় উৎসৱ। আমাৰ অসম মুলুকটো বৰ্তমান এই পূজা সাৰ্বজনীন ভাৱে অতি উলহ মালহেৰে পালন কৰা হয়। অৱশ্যে এইবেলি কৰুণা মহামাৰীৰ বাবে এই উৎসৱ পাৰ্বনসমূহ অনুষ্টুপীয়াকৈহে অনুষ্ঠিত কৰা হৈছে। অসমৰ বঙালী লোকসকলৰ লগতে বিশেষকৈ চাহ জনগোষ্ঠীৰ লোকসকলে নিজৰ জাতীয় উৎসৱ নহ'লেও দূৰ্গা পূজাত নতুন কাপোৰ কানি পৰিধান কৰাটো এটা ৰীতিত পৰিণত হৈছে। অসমৰ চহৰ নগৰৰ উপৰিও প্ৰায়বোৰ চাহ বাগিচাত এই দূৰ্গোৎসৱ ৰমক জমককৈ খৰচ বহুলভাৱে উদযাপন কৰা হয়।সময়ৰ লগে লগে এই পূজাৰ প্ৰভাৱ গাঁও অঞ্চললৈকে বিস্তাৰিত হৈছে। চাহ বাগিচাসমূহত আজি কিছুদিন আগলৈকে পূজাৰ কেইদিনত ৰাতি চিনেমা প্ৰদৰ্শন কৰা হৈছিল। যোৰহাটৰ লহপহীয়া বাগিছাৰ লগতে দুই এখন বাগিছা অঞ্চলত অৱশ্যে এই পূজা উপলক্ষ্যে ভাওনাহে উদযাপন কৰা হয়। ঠিক তেনেদৰে গোলাঘাট জিলাৰ বোকাখাট চাহ বাগিছাৰ দৰে দুই এক বাগিছা অঞ্চলত চিনেমাৰ পৰিবৰ্তে পূজা উপলক্ষ্যে সাংস্কৃতিক সন্ধিয়া অনুস্থিত কৰাৰ পৰম্পৰা চলি আহিছে।চহৰৰ পূজা মণ্ডপত সন্ধিয়া আৰতি প্ৰতিযোগিতা অনুষ্ঠিত হয়।প্ৰশাসনৰ লগতে বিভিন্ন অনুষ্ঠানে অঞ্চল বিশেষে শ্ৰেষ্ঠ পূজা, শ্ৰেষ্ঠ মণ্ডপসজ্জা, শ্ৰেষ্ঠ প্ৰতিমা আদি বিভিন্ন প্ৰকাৰৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰি পুৰষ্কৃত কৰা হয়। এই মণ্ডপৰ ৰূপসজ্জাৰ প্ৰতিযোগিতা অনুষ্ঠিত নকৰিলেও পূজা সমিতিসমূহৰ মাজত ভিতৰি ভিতৰি এক প্ৰতিযোগিতাৰ ভাৱ অঘোষিতভাৱেই গঢ় লৈ উঠে।শেষতিয়াকৈ সংবাদ মাধ্যমৰ উদ্যোগত শাৰদী ৰাণীৰ নামেৰে সৌন্দৰ্য্য প্ৰতিযোগিতাও গঢ় লৈ উঠিছিল। কিন্তু এইবাৰ কভিড মহামাৰীৰ বাবে সকলোবোৰতে চেঁচা পানী পৰিল।সেয়া যিয়েই নহওঁক, অশুভ শক্তিসমূহক নাশ কৰি শুভশক্তিৰ বিজয় নিচান উৰুৱাই দেশত শান্তি স্থাপন কৰিবলৈ দেৱীৰ বাৰম্বাৰ আবিৰ্ভাৱ হোৱাটো সকলোৱে কামনা কৰে। যা দেৱী সৰ্বভূতেষু শক্তি ৰূপেন সংস্হিতা। নমস্তসৈ নমস্তসৈ নমস্তসৈ নমো নমঃ। 

✍️ পঙ্কজ ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)