বিদায় ~ গল্প -অঞ্জন আকাশ

©Admin
0
 আজি দেওবাৰ। খগেনৰ অফিছ বন্ধ। ৰাতিপুৱা চাহৰ জুতি লৈ বাৰাণ্ডাতে বহি তেখেতে বাতৰি কাকতখনত চকু ফুৰাই আছিল। এনেতে তেখেতৰ মোবাইলটো বাজি উঠিল। খগেনৰ পুতেক ৰাজা দশম মান শ্ৰেণীৰ ছাত্র। তাৰ টিউটৰ জনে ফোন কৰিছে। খগেনে ফোনটো ধৰিলে- "হেল্ল"! 
        সিফালৰ পৰা টিউটৰ জনে ক'লে, " নমস্কাৰ! আজি ৰাজাক ১০ বজাত টিউচনলৈ আহিবলৈ ক'ব। "
       "ধন্যবাদ"। খগেনে ফোনটো থৈ ৰাজাক কথাটাে জনালে। খগেন চৰকাৰী চাকৰিয়াল । চহৰতে থাকে। দেওবাৰৰ বন্ধত খগেন প্ৰায়ে বজাৰলৈ যায়। আজিও বজাৰলৈ বুলি ওলোৱাৰ আগে আগে ঘৈণীয়েক বিমলাক বাৰান্দাত বহি থকাৰ পৰাই চিঞৰি মাতিলে, 'হেৰা শুনিছানে বজাৰলৈ যাওঁ । কি কি আনিব লাগিব কাগজত লিখি দিয়া আৰু মোনা খনো দিবা। "
          "দিছোঁ দিছোঁ, যি যি আনিব লাগিব সকলো খিনি লিখি থৈছোঁ, কাগজখন মোনাখনৰ লগতে গাড়ী ত আছে। " পাকঘৰৰ পৰাই ঘৈণীয়েকে মাত লগালে। 
       বজাৰত আজি বৰ ভিৰ। বিমলাই লিখি দিয়া মতেই খগেনে বস্তুবোৰ কিনি মোনাখনতে ভৰাই ল'লে। পুতেকে খাই ভালপোৱা দুই এবিধ ফলো কিনি ল'লে। কিয় নল'ব? সিয়েই একমাত্র সন্তান যে! 
           দিন বাগৰি থাকিল। আজি বুধবাৰ। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ কথা। আজি সকলোফালে উখল-মাখল, ৰাজাহঁতৰ ঘৰতো উথপ্-থপ্! পুতেকৰ পৰীক্ষাৰ ফলাফল ওলাব বাবেই আজি খগেন অফিচলৈ নগ'ল। যথাসময়ত নেট্ যোগে ৰাজাৰ ফলাফল পালে। সি ডিষ্টিংচন (৮৭.৫%) সহ উত্তীর্ণ হ'ল। 
       কিছু দিনৰ পাছত সি চহৰৰে আগশাৰীৰ মহাবিদ্যালয় এখনত নাম লগালে বিজ্ঞান শাখাত। দেউতাকৰ ইচ্ছা তাক চিকিৎসক হ'বলৈ দিব। দুবছৰ পাছত সি পুনৰ ডিষ্টিংচন (৯০%) সহ উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাতো ফল দেখুৱাবলৈ সক্ষম হ'ল। 
               আজি শনিবাৰ। ১২ বজাতে খগেনৰ অফিছ বন্ধ হ'ব। আৰু আজিয়েই খগেনৰ সম্বন্ধীয় ভায়েক বিক্রম আমেৰিকাৰ পৰা আহি পাব। ইতিমধ্যে খগেনে সিদ্ধান্ত লৈ পেলাইছে পুতেকক আমেৰিকালৈ পঠোৱাৰ। পুতেকক বিক্রমৰ লগতে পঠাই দিব। সেয়ে অইন কোনো কাম নকৰি তেখেত ছুটীৰ পিছত পোনে পোনে ঘৰলৈ উভতি আহিল। খগেন ঘৰলৈ আহি পোৱাৰ অলপ পিছতে বিক্রমো আহি পালে। 
       নিজৰ উচ্চাভিলাষক পৰিপূৰ্ণ ৰূপ দিয়াৰ বাবেই খগেন আজি দৃঢ় স্থিতিত অটল। এসপ্তাহ পিছত ঘৰখনৰ একমাত্র মৰমৰ সন্তান ৰাজাই মাক-দেউতাকৰ চৰণত সেৱা জনাই বিক্রমৰ লগত আমেৰিকালৈ উৰা মাৰিলে। 
             বিক্রমে ৰাজাক সি পঢ়া কলেজখনতে নাম লগাই দিলে আৰু সেই কলেজৰে হোষ্টেলতে থকা-খোৱাৰ ব্যৱস্থা কৰি দিলে। এনেদৰেই পঢ়া আৰম্ভ হ'ল। প্রথম কেইমাহমান তাৰ মাক-দেউতাকৰ সৈতে সি ঠিকেই যোগাযোগ ৰক্ষা কৰি চলিছিল। কিন্তু দিন যোৱাৰ লগে লগে সেই যোগাযোগত যতি পৰিল। সি মাক-বাপেকক এটা কথা কোনোটো যোগাযোগতে ব্যক্ত কৰা নাছিল যে তাৰ কিবা এটা গুৰুতৰ ৰোগে তাক গ্ৰাস কৰিবলৈ গৈ আছে। মাজে মাজে ভ্ৰম বকিবলৈ লয়। ইফালে বিক্রমেও তাৰ এই কথাটো গম নাপায়। 
         তাৰ বাবে মাক-বাপেকৰ মহা চিন্তা হ'ল। সি সঁচাকৈয়ে বিদায় ল'লে নেকি! 
         এদিন ৰাজাৰ কলেজৰ পৰা বিক্রমলৈ এটা ফোন আহিল। বিক্রম হতভম্ব। কি ৰাজা আঁতৰি গ'ল। সি আৰু কোনো দিন নাহে তাৰ মাক-দেউতাকৰ উচ্চাভিলাষা পূৰণ কৰিবলৈ! বিক্রমৰ চকুৰে দুটোপাল চকুপানী সৰি পৰিল। 
                       
✍️অঞ্জন আকাশ। 
নলবাৰী, বৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)