স্মৃতিৰ শীতল ছাঁত
ৰাখিছোঁ নিজকে আৱদ্ধ কৰি,
যেতিয়াই লুটিয়াই চাবা
ভগ্ন হিয়াৰ দস্তাবেজ
বিচাৰি পাবা ।
এমুঠি জোনাকৰ ৰেঙনি
নালাগে আৰু নালাগে
সেই ভালপোৱা সেই মৰম,
মিছা হাঁহিৰ খলকনি
মিছা প্ৰতিশ্ৰুতি ।
প্ৰতিদান পালো মাথোঁ
দুধাৰি অশ্ৰু,
সেই অশ্ৰুৱে ধুৱাই পেলাব
শোকৰ তেজাল স্মৃতি ।
✍️ভগীৰথ গোৱালা
বৰগাং, বিশ্বনাথ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ