শৰৎ মানে যে মিঠা সুৱাস-উৎপল দাস

শৰৎ মানেই যে মিঠা মিঠা সুৱাস, যৌৱনা হৈ পৰে প্ৰকৃতিৰ সকলোবোৰই, শেৱালীৰ তলসৰা সুগন্ধি ফুলবোৰে দলিছা পাৰি যে শাৰদী ৰাণীক আমন্ত্ৰণ জনাইহে  ।

তুলসী জোপাৰ তলত ছাকিগছিয়ে পোহৰ কৰি তুলসীজোপাৰ সবল আৰু আয়ুস বৃদ্ধি কৰে । 

সোণোৱালী ধাননিয়ে হালি জালি শোভা বঢ়াই । সেউজীয়া পথাৰখনে সোণালী অলংকাৰহে পিন্ধিছে ।

নদীৰ কাষত কহুৱাঁবোৰে বগা ৰঙৰ চাদৰ পিন্ধি হাঁহিছে নাচিছে ৰং কৰিছে ।

ৰূপালী জোনাকে ৰাতিৰ আকাশত তৰাবোৰৰ লগত আলোচনাহে কৰিছে ।

শীতৰ আগমনে নতুনত্ব আনে সকলোৰে জীৱনলৈ, প্ৰেমৰ আফুৰন্ত হেপাঁহে সংগী হোৱাৰ প্ৰয়াস আনে, ডেকা গাভৰুৰ মাজত শুভ বিবাহৰ দিন ধাৰ্য্য কৰে মৰমৰ বান্ধোনেৰে বান্ধ খাই। 

বিলৰ কাষত শৰালীযাকে নিটৌ আহি সভা পাতিছে মেটেকা ফুলবোৰে ফুলৰ মেলা পাতিছে । শৰৎ যে মিঠা মিঠা সুৱাস ।

 ✍️শ্ৰী উৎপল দাস
 কুৰুৱাবাহী ,বোকাখাত

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send