এজাক বৰষুণৰ অপেক্ষাত দ্বিতীয় অধ্যায় (খণ্ড -৩১) পূৰ্ণিমা হালৈ

©Admin
0
ঘৰলৈ অহা আলহী আন কোনো নাছিল। প্ৰান্তিক আছিল। মাৰ সন্মুখত প্ৰান্তিকক এনেদৰে বহি থকা দেখি মোৰ চকু কপালত উঠিল। তাতকৈও তিনি/চাৰি মাহৰ মূৰত প্ৰান্তিকক দেখি মোৰ খং,অভিমান সকলোখিনি উজাৰি দিবলৈ মন গ'ল।

প্ৰান্তিক___________ হেই পোৱালি!
ইমান দিনৰ পাছতো প্ৰান্তিকৰ মুখত সেই আগৰ হাঁহিটোৱে আছে। মাৰ মুখৰ আগতে মোক পোৱালি বুলি কোৱাত বৰ লাজ লাগিল। পিৰিককৈ মাৰ মুখলৈ চাই অলপ গহীন হৈ দিলো।
___________ তুমি ইয়ালৈ কিয় আহিছা? কি কথা আছে এতিয়া মোৰ লগত?
প্ৰান্তিক____________ আজি গালি খোৱাৰ দিন পৰিছে মোৰ। সেইকাৰণে আহিলো।
কথাটো শুনি মোৰ পেটে পেটে খুব হাঁহি উঠিল।
" জীউ কিয় এনেকৈ কৈছ"?"
___________তুমি বুজি নাপাবা মা। মিছা অজুহাত উলিয়াই কিছুমান মানুহ আঁতৰি যোৱাৰ দুখ।
" কি?"
অহ মই এইবোৰ কি কৈ দিছোঁ মাক।
প্ৰান্তিকে কিবা এটা ক'বলৈ লওঁতেই মই আকৌ ক'লো।
____________ কোৱা কিয় আহিছা এতিয়া?
প্ৰান্তিক__________ ব'লা অলপ ফুৰি আহো।বহুত কথা আছে তোমাক ক'বলৈ।
প্ৰান্তিকৰ চকু দুটা চল-চলীয়া হৈ আহিছে। ইমান দিনৰ মূৰত আজি প্ৰান্তিক হঠাতে ঘৰ ওলালহি আকৌ এতিয়া ফুৰিবলৈ যোৱা কথা কৈছে।মোৰ বৰ আচৰিত লাগিছে।

__________ কি? মই আকৌ তোমাৰ লগত কিয় যাম?

"জীউ যা অলপ ওলাই যা,প্ৰান্তিকে এতিয়া আহি মোক কথা অলপ ক'লে। মই বুজি পোৱাৰ দৰে কথাখিনি তইয়ো বুজি পাবি। সব কথা খঙেৰে নহয়।"

মাৰ আজি কি হ'ল।প্ৰান্তিকৰ ফালে কথাবোৰ কৈছে যে? কি কথা,কি বুজি পোৱা কথা কৈছে মই একো ধৰিব পৰা নাই। চাৰি মাহৰ পাছত আজি হঠাতে ঘৰত প্ৰান্তিক ওলালহি। নাজানো মাক কি কথা ক'লে। কথাখিনি মোৰ জানিবলৈ মন গ'ল।মাৰ কথা মতেই মই ঘৰত যেনেকৈ আছিলো তেনেকৈয়ে যাবলৈ ওলালো।আহি পেলাই গেটৰ ওচৰত ৰৈ আছো। প্ৰান্তিকলৈ চোৱাও নাই, মতাও নাই। তেওঁ গাড়ী খন ঘূৰাই দৰ্জা খন খুলি দিছে। মই বাহিৰলৈ চাই চাই গৈ আছো। তেওঁৰ ওপৰত বহুত খং উঠি আছে। কোনেও কাকো মতা নাই। দুয়োটা মনে মনে গৈ আছো। ঘৰৰ পৰা অলপ দূৰ আগবাঢ়ি অহাৰ পাছত প্ৰান্তিকে গাড়ীখন ৰাস্তাৰ কাষতে ৰখালে। ৰাস্তাৰ দুয়োফালে পথাৰ। বহুত দিন মই এইফালে অহা নাছিলো। গাড়ীখন ৰখাই দিয়াত মই খিৰিকী ফালেই চাই বহি আছো।

প্ৰান্তিক___________ এতিয়া কোৱা বিয়া কেতিয়া পাতিবা?

কি বিয়া পতাৰ কথা কৈছে? কথাটো শুনিও মই একো গুৰুত্ব নিদিলো্।
প্ৰান্তিক__________ হেই মিছ কান্দুৰী! আজি কন্দা নাই যে?
কথাটো শুনি মোৰ খংটো উঠি আহিল।
___________ মই এতিয়া ইমান দুৰ্বল নহয় যে তুমি মন গ'লেই মোক কন্দুৱাবা। কিয় কান্দিম মই এতিয়া? কি পালো ইমান দিনে দিনে কান্দি কান্দি?
প্ৰান্তিক__________ওম.. ভালেই হল। কান্দুৰী বুলি ক'ব নোৱাৰিম তেতিয়া আজিৰ পৰা। এতিয়া কোৱা বিয়াখন কেতিয়া পাতিবা ?
___________ মোৰ বিয়া পাতিবলৈ ইমান চখ লাগি থকা নাই।।
প্ৰান্তিক__________ তেতিয়াহ'লে মই বৰলা হৈ থকাই ভাল।
__________ ধেমালি কৰি নাথাকিবা। ঘৰলৈ কিয় আহিলা সেইটো কোৱা।
কথাবোৰ মই এবাৰো তেওঁৰ চকুত চকু থৈ কোৱা নাই।
প্ৰান্তিক____________ ঠিক আছে নকৰোঁ। এইফালে চোৱা।

নাই চোৱা বাহিৰলৈকে চাই বহি আছো মই।
এইবাৰ লাহেকৈ মোৰ হাত খনত ধৰিলে।গাটো সিৰসিৰাই গ'ল।
প্ৰান্তিক_________ I'm sorry
তেওঁৰ ফালে চাই হাতখন টান মাৰি আঁতৰাই আনিলো। কিমান দিনৰ মূৰত আজি মানুহজনক এনেকৈ দেখিছোঁ। তেওঁ আগৰ দৰেই আছে। একো সলনি হোৱা নাই।তেতিয়াহ'লে মনটো কেনেকৈ সলনি হব পাৰিলে? তেওঁৰ চকু দুটাত চকুপানীয়ে পোত খাই থকা দেখি মোৰো দুগালেদি চকুপানী বৈ আহিল।
প্ৰান্তিক__________ নাকান্দো বুলি কৈ আকৌ কিয় কান্দিছা?
মোক চকুপানী খিনি মোহাৰি দি নিজেই কান্দিছে। গাড়ীৰ দৰ্জা খন খুলি মই বাহিৰলৈ ওলাই আহিলো। পাছে পাছে তেওঁ। গাড়ীখনতে আঁউজি তেওঁক কথাবোৰ সুধি গ'লো।
____________ sorry কিয়?
প্ৰান্তিক___________ মই এতিয়া পাখিৰ ঘৰৰ পৰা আহিছো।
___________ পাখিৰ ঘৰলৈ?.... কিয়? তুমি মোৰ লগত কিয় এইবোৰ কৰিলা প্ৰান্তিক? 
প্ৰান্তিক__________ৰ'বা। মই জানো তুমি ভুল বুজি আছা। স্বাগতে মোক সব কথা ক'লে। মই এতিয়া সেইকাৰণে পাখিৰ ঘৰলৈ গৈ তাইক মাকৰ মুখৰ আগতে দুটা চৰ লগাই আহিছো।
_____________ কি.......? কিয়।তাইৰ মাকৰ আগতে তুমি তাইক চৰ দিলা মাকে একো নক'লে নে?
প্ৰান্তিক__________ উহু তাই কেনেকুৱা ছোৱালী তুমি জানিবলৈ বহুত বাকী আছে। তাইৰ কথা মাক বাপেকেও জানে। তাই জানা ঘৰত বহুত কিবা কিবি দিমাণ্ড কৰে। কিন্তু ঘৰৰ অৱস্থা সিমান ভাল নহয়।মাক দেউতাকে দিব নোৱাৰাত তাই ঘৰত বস্তু ভাঙে, মাক দেউতাকক অত্যাচাৰ কৰে। তাই কাৰণে মাক এদিন মৰি যাবলৈও ওলাইছিল।কিমান কান্দে তেওঁলোকে কিন্তু তাই একো বুজি নাপায়।
____________ হে প্ৰভু! পাখি তেনেকুৱা নে? একেটা ৰুমতে ইমান দিনে তাইৰ লগত থাকি মই তাইৰ এইবোৰ কথাৰ বিষয়ে একো গম পোৱা নাছিলো। তুমি চৰ কিয় মাৰিলা তাইক?
প্ৰান্তিক___________ পাখিয়ে তোমাক মোৰ বিষয়ে যিমান বোৰ কৈছিল সব মিছা।আচলতে প্ৰথম বাৰ যেতিয়া মই তোমাক লগ কৰিবলৈ হোষ্টেল গৈছিলো তাৰ পাছৰ পৰাই লাহে লাহে পাখিয়ে মোৰলৈ ফেচবুকত মেচেজ কৰিছিল।প্ৰথমতে hi, hello এইবোৰেই। মই তোমাৰ লগৰ কাৰণে reply কৰিছিলো। তাৰ পাছত তাইৰ মেচেজবোৰ বেলেগ হ'ব ধৰিছিল।যিবোৰ কথা মই তোমাৰ লগত কেতিয়াও পাতি পোৱা নাছিলোঁ সেইবোৰ কথা তাই মোক ক'ব ধৰিছিল আৰু এদিন তাই মোক ভাল পাওঁ বুলি ক'লে।মোৰ খুব খং উঠিল তেতিয়া। সেইদিনা মই তাইক বহুত গালি পাৰিলো। আৰু তেতিয়া তাই মোক যিবোৰ কথা কলে তুমি শুনিলে আচৰিত হৈ যাবা।
___________ তুমি এইবোৰ কথা মোক কিয় কোৱা নাছিলা? তেতিয়াটো তুমি মোৰ লগত কথা পাতিও আছিলা আৰু তাৰ পাছতো তুমি লগ কৰিবলৈ আহিছিলা মোক।তুমি তাইৰ লগত কথা পাতি আছিলা মোকটো ক'ব পাৰিলাহেঁতেন।
প্ৰান্তিক__________ প্ৰথমতে তোমাৰ লগৰ কাৰণে তাই মোৰলৈ মেচেজ কৰিছিল ভাবি মই তোমাক কোৱা নাছিলো। কিন্তু তাই মোক ভাল পোৱা কথাটো মই তোমাক কৈ দিয়া পাছত যদি তুমি তাইক সুধি দিয়া তেতিয়া তাই তোমাক কিবা কৰি দিলেহেঁতেন। কাৰণ যি দিনা মই তাইক মই ভাল নাপাওঁ বুলি কৈ গালি দিছিলো তেতিয়া তাই মোক কৈছিল তাই হেনো ড্ৰাগছ লয়। কথাটো শুনি মোৰ প্ৰথমতে বিশ্বাস হোৱা নাছিল।কেনেকৈ এজনী ছোৱালীয়ে হোষ্টেলত থাকি ড্ৰাগছ ল'ব পাৰে মই ভাবি আচৰিত হৈ গৈছিলো।তেতিয়া মোৰ তোমাৰ কাৰণে ভয় হৈছিল তোমাকো সেইবোৰ দি কিবা কৰি পেলাই তেতিয়া....? তোমাৰ ঘৰৰ মানুহ হোষ্টেল গৈ পোৱালৈ বা মই গুৱাহাটীৰ পৰা তাত গৈ পোৱালৈ তোমাক হয়টো নাপালোঁহেঁতেন।তাই মোক প্ৰমাণৰ সৈতে কথাটো কৈছিল।তাইক ড্ৰাগছ কোনে দিয়ে গৈ তুমি জানানে? তোমাৰ লগৰ নয়নে। নয়নৰ কথা তাই আজি মোক সব কৈ দিছে। তাইয়ে তাক তোমাৰ পাছত লাগিবলৈ শিকাইছিল।যাতে তুমি মোৰ পৰা আঁতৰিব পাৰা।
___________ কি.......? তুমি এইবোৰ সঁচাকৈয়ে কৈছানে? মোৰ বিশ্বাসে হোৱা নাই পাখিয়ে যে এইবোৰ কৰে। যিজনী পাখি বাহিৰৰ পৰা দেখিবলৈ তেনেই সাধাৰণ সেইজনী পাখিৰ আজি আকৌ আন এটা ৰূপ দেখিছোঁ। তাইক দেখোন মই এবাৰো দেখা নাই ড্ৰাগছ লোৱা।
প্ৰান্তিক___________ তাই তোমাক দেখুৱাই এইবোৰ কৰিব নেকি? তুমি বিশ্বাস নকৰিবা মই জানো কিন্তু পৰা হ'লে তোমাকো মই সেইখিনি কথা দেখালোহেঁতেন,শুনালো হেঁতেন। তাৰ পাছত তাই মোক সেইদিনা কৈছিল তাই মোক বলেৰে নোৱাৰিলেও চলেৰে লৈ হে এৰিব।তাই তোমাক মোৰ পৰা আঁতৰ কৰিব। আৰু তুমি এইবোৰৰ বিষয়ে কিবা গম পালে তোমাক ড্ৰাগছ দি দিম বুলিও কৈছিল।
___________ সেইকাৰণে সেইদিনা কথাবোৰ মই গম পোৱাত তাই মোক সাৱধানে থাকিবলৈ কৈছিল।তাইৰ মাজত সোমাবলৈ মানা কৰিছিল নহ'লে মোৰ বিপদ হব বোলে।
প্ৰান্তিক__________ ওম..... যোৱা বাৰ ঘৰলৈ আহোঁতে তোমাক সেইকাৰণে এটা ইংগিতত কৈছিলো যে মানুহক ইমানো বিশ্বাস নকৰিবা।
___________ ওম...
প্ৰান্তিক__________ তাই যেতিয়া কৈছিল তাই চলেৰে কিছুমান কাম কৰিব,তোমাক মোৰ পৰা আঁতৰাব। মইয়ো সেইকাৰণে যোৱা তিনিমাহ তোমাৰ পৰা আঁতৰি তাইক প্ৰমাণ দিব বিচাৰিছিলো যে তাই তোমাক মোৰ পৰা আঁতৰোৱাত সফল হ'ল।যদি এনে নকৰিলোঁহেঁতেন তাইটো গম নাপালেহেঁতেন যে তোমাক মই এৰি দিছোঁ বা আমি সম্পৰ্কত নাই। নহ'লে তাইৰ কথাবোৰ তুমি নিজেই কেনেকৈ ধৰা পেলালাহেঁতেন।
___________ তুমি এজনী ছোৱালীৰ ভাবুকিলৈ ভয় কৰিছিলা নে? তুমি টো মোক তাইৰ কথাখিনি ক'ব পাৰা তেতিয়া মই তাইৰ পৰা আঁতৰি আহিলোহেঁতেন নহয়।
প্ৰান্তিক__________ তোমাক মই তাই বেয়া বুলি তাইৰ পৰা আঁতৰি আহিবলৈ ক'লোৱেই যেনিবা তেতিয়া তাই আৰু মোৰ কি পাৰ্থক্য থাকিব মই ভয়াতুৰ হৈ তোমাক তাইৰ পৰা আঁতৰি আহিবলৈ কোৱা হে হব। তাই মোক চেলেঞ্জ কৰিছিল তাই তোমাক ,মোক আঁতৰাই হে এৰিব গতিকে তাইক মই জিকিবলৈ দি তলে তলে হৰুৱাৰ কথা ভাবি আছিলোঁ। লাহে লাহে যেতিয়া মই তোমাৰ লগত কথা পতা এৰি দিছিলো তেতিয়া তোমাৰ দুখবোৰ তাই দেখি এদিন মোক আকৌ কৈছিল যে তাই মোক যিটো কৈছিল সেইটো হ'ব ধৰিছে। আৰু শেষত একেবাৰে আমাৰ সম্পৰ্ক নাই বুলি যেতিয়া তাই গম পাইছিল তেতিয়া তাই নয়নৰ হতুৱাই তোমাক মেচেজ কৰাইছিল।আৰু নিজেও তাই নয়নৰ লগত অশ্লীল কথা বতৰা পাতি থাকে।তাই তোমাক এইটো প্ৰমাণ কৰাব বিচাৰিছিল যে মই আৰু পাখি সম্পৰ্কত আছো।তোমাক এৰি মই তাইক ভাল পাওঁ।
____________ কথাবোৰ যে বৰ কিবা লাগিছে। এনেকুৱা কাহিনী চিনেমাতহে দেখিবলৈ পাওঁ কিন্তু এতিয়া মোৰ নিজৰ লগতেই হৈ গ'ল। পাখিয়ে কেনেকৈ ইমানখিনি কথা ভাবিব পাৰিলে? আৰু মইয়ো পৰহি ভাবিছিলো, যেতিয়া সেই ফোন নম্বৰ টো তোমাৰ নহয় বুলি স্বাগত দাই কৈছিল তেতিয়া নয়নে হ'ব বুলি ভাবিছিলো।কিন্তু নয়নে মোৰ নম্বৰ ক'ত পাব বুলি ভাবিয়েই কথাটো সিমান গুৰুত্ব দিয়া নাছিলো। সেইকাৰণে মই ঘৰলৈ অহা দিনা সি তোমাৰ কথা সুধিছিল।পাখিয়েই কৈছিল মানে। কিন্তু পাখিয়ে নয়নক কেনেকৈ চিনি পায়?
প্ৰান্তিক____________ আগৰ পৰা চিনাকিও হব পাৰে। সেইটো বাদ দিয়া।এতিয়া তাইক যেতিয়া মই চৰ সোধাই পুলিচত দিম ক'লো। তেতিয়া সব কথা কৈছে ভয়ত।তাই ড্ৰাগছ লয় বুলি যেতিয়া মই তাইৰ মাকক কলো মাকে মোৰ আগতে কান্দিছে। বৰ দুখ লাগিল মোৰ।মাকৰ মুখলৈ চাই মই তাইক আৰু একো নক'লো। মই ভবাই নাছিলো যে তাই মোক লৈয়ো তোমাক হাৰ্ট কৰিব।তাই আৰু মোৰ মিছা সম্পৰ্কৰ কথা যে তোমাক ক'ব।
___________ ওম....
কি ক'ম একো ভাবি পোৱা নাই।পাখিয়ে বহুত ডাঙৰ খেল খেলিলে মোৰ লগত।

আগলৈ.......

✍️ পূৰ্ণিমা হালৈ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)