থোৰতে বিজ্ঞান আৰু আমি~প্ৰবন্ধ- হেমেন হাজৰিকা

©Admin
0

 বিজ্ঞানৰ জৰিয়তে বৰ্তমান মানৱ সমাজখন আৰু মানৱ সমাজৰ জীৱন ধাৰণ পদ্ধতি সম্পূৰ্ণৰূপে সলনি হৈ যাব ধৰিছে | বিজ্ঞানৰ ন ন আৱিস্কাৰে পৃথিৱীখনক হাতৰ মুঠিত ধৰি ৰাখিব পৰা কৰিছে | ম'বাইলত, টেবলেট , লেপটপ ,আদিত থকা গুগল , ফেচবুক , ৱাটচ এপ , টুইটাৰ , হাইক আদিৰ জৰিয়তে আমি সহজে নজনা কথা জানিবলৈ সক্ষম হৈছো | ইণ্টাৰনেটৰ জৰিয়তে আমি যি কোনো প্ৰশ্নৰ উত্তৰ সহজতে পাইছোঁ | ফলত আমাৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি পাইছে | কিন্তু আমি সহজে কম সময়ৰ ভিতৰত সকলো সুবিধা পেৱাৰ বাবে বৰ্তমানে কিতাপ পঢ়াৰ অভ্যাস কমি আহিছে আৰু ছাত্ৰ ছাত্ৰী সকলেও কষ্ট কৰিবলৈ চেষ্টা নকৰা হৈছে |
     বিজ্ঞানে দিয়া সহজ সাধ্য বস্তু বিলাক আমি সজ কামতহে ব্যৱহাৰ কৰিব লাগে | অদৰকাৰী কামত সেইবোৰ ব্যৱহাৰ কৰিলে বিজ্ঞানক অৱমাননা কৰা হয় | প্ৰয়োজন সাপেক্ষে ম'বাইল , টেবলেট, লেপটপ, আদিৰ জৰিয়তে ইণ্টাৰনেট ব্যৱহাৰ কৰি নজনা কথা জানিবলৈ চেষ্টা কৰা উচিত , অন্যথাই মানুহ গুচি ৰৱটৰ দৰে যন্ত্ৰত পৰিণত হোৱাৰ আশংকা আছে | মানৱ হিচাপে মৰম, চেনেহ , দয়া, ক্ষমা, মমতা আদি মানৱ ধৰ্মবোৰ নোহোৱা হৈ যাব যেন লাগে |
   আমি জানো আজিৰ তাৰিখত বিজ্ঞান অবিহনে এটা খোজো দিব নোৱাৰো | ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে আৰম্ভ হয় বিজ্ঞান | হাতত টুথপেষ্টটো লৈছো সেয়া বিজ্ঞানৰ অৱদান | চাহ তপতাবৰ কাৰণে গেছ জ্বলাইছোঁ সেয়া বিজ্ঞানৰ অৱদান | মুঠতে বিজ্ঞান নহ'লে আমি এটা খোজো আগবঢ়াব নোৱাৰা হৈছো | তাৰোপৰি দিনে দিনে আবিস্কাৰ হ'বলৈ ধৰা কৌশল সমূহেও সমাজখনক এখোজ এখোজকৈ আগবঢ়াই নিছে | অবশ্যে ইয়াৰ অপকাৰীতাও নথকা নহয় | সেইটো নিৰ্ভৰ কৰিব তাক ব্যৱহাৰ কৰাৰ ওপৰত | বিজ্ঞান নিজে আৰ্শীবাদো নহয়, অভিশাপো নহয় | 
     গতিকে আমি আশা কৰিম বিজ্ঞানক আমি সঠিক পথত ব্যৱহাৰ কৰি আমাক আগুৱাই লৈ যোৱাত সহায়ৰ হাত আগবঢ়াও | ধ্বংসাত্মক চিন্তাৰ অৱসান ঘটাই প্ৰগতিৰ উজ্বল সোপানেৰে আগুৱাই গৈ আমি প্ৰকৃতাৰ্থত মানুহ হোৱাৰ গৌৰৱ অৰ্জন কৰো বিজ্ঞানৰ জৰিয়তে | কাৰণ বিজ্ঞান অবিহনে মানৱ আগুৱাব নোৱাৰা কথাটো খাটাং | বিজ্ঞানৰ বাবেই আজিৰ পৃথিৱীখন ইমান পোহৰ |
   বিজ্ঞানৰ কথা কৈ শেষ কৰিব নোৱাৰি | বৰ্তমান যুগৰ মানৱ সমাজে বিজ্ঞান আৰু মানৱতাবোধৰ মাজত সম্পৰ্ক ৰাখি চলা উচিত |

✍️হেমেন হাজৰিকা
মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)