পৰাক্রমী বীৰ লাচিত-চিন্ময় ডেকা

হে,মহা যুদ্ধা____অতীন্দ্রিয়, লাচিত"
ক'ত হেৰাই গ'লা 
আজি আমি যেন মহাসংকটত
ভগ্ন হৃদয়ে চিঞৰিছে
অসমীয়া জাতিৰ অস্তিত্বত আজি ...........

বৰাক,ব্ৰহ্মপুত্ৰ সমতলত ভৰি পৰিছেহি'
অসংখ্য বহিৰাগত বিদেশী
মনৰ কাপুৰুষত্ব, বকুত বান্ধি
ৰৈ' আছোঁ, নিৰৱে আজি
আইৰ কোমল বুকুত, আমি যেন____
পথ ভ্ৰস্ত ভিখাৰি..........

ভগ্ন হৃদয়ে কাতৰ কৰিছে
হাতত ল'বলৈ_ধাৰ, তৰোৱাল, হেংদাং 
নকৰোঁ আজি কালৈ'কো ভয়
সংগ্ৰামী চেতনা জাগ্রত কৰি
উদ্ধাৰি আনিম.........
অসমীয়াৰ ইতিহাসৰ সংগ্ৰামীৰ পাতনি_______________
                                                         
✍️ চিন্ময় ডেকা

Post a Comment

Previous Post Next Post