ছৈখোৱা ঘাটৰ বেলি - ০৪ (ধাৰাবাহিক উপন্যাস)

©Admin
0
পশ্চিমফালৰ পৰা মানুহৰ চিঞৰ-বাখৰ ভাঁহি আহিছে | দ'তা যদুনাথে কাৰণটো জানিবলৈ ওলাই গৈছিল পশ্চিমফালৰ চুকটোলৈ | আদহীয়া মহিলা এগৰাকীয়ে দ'তা যদুনাথক উদ্দেশ্যি কৈছে - অ' দ'তা, সোনকালে....... সোনকালে ঘৰলৈ যাওক ,মথাউৰি চিগিল......... 
দ'তা যদুনাথে ল'ৰা লৰিকৈ ঘৰ পালেহি | ৰূপহীৰ দেউতা ,মাকক টালি-টোপোলা, প্ৰয়োজনীয় সামগ্ৰী আদি লৈ প্ৰস্তুত হ'বলৈ ক'লে | এনেতে পশ্চিমফালৰ পৰা এক অচিনা চিঞৰ ভাঁহি আহিল |
 গাঁৱত পানী সোমাইছে ,সকলোৱে......... 
বৰ অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ল সকলোৰে | কিছুৱে কলভোৰ, কিছুৱে নাৱেৰে নিৰাপদ ঠাইলৈ আগুৱাই গৈছে | গৰু-ছাগলী বোৰৰ আলৈ-আথানিৰ অন্ত নাই | নিজৰ প্ৰাণ বচোৱাৰ আশা ক্ষীণ দেখি বহুতে গৰু ছাগলীলৈ মন নিদিলে, কিছুমান বান্ধি থোৱাভাগে থাকিল, কিছুমান মৰিল | 
এক অনাকাংক্ষিত ঘটনা | মথাউৰি ছিগি নদীয়ে গতি সলালে | বহুতৰ ভেটি উছন হ'ল | এঘৰৰ চাল নি আন এঘৰৰ চোতালত পেলালেগৈ | ওখ ঠাইত দ'তা যদুনাথৰ লগতে তেওঁলোকৰ পৰিয়ালটো ,গাঁৱৰ মানুহবোৰে ভোকে-লঘোনে সময় কটালে | দ'তাৰ বিপদ সাৰথি ৰেডিঅ'ৰ বাতৰিবোৰবোৰো যেন কালিকা লগা হ'ল | কোনোবা চিনাকী ঘোষকৰ বাতৰি পাঠে দ'তা যদুনাথৰ কপাই তুলিছে |
- ৰাজ্যৰ বান পৰিস্থিতিৰ কোনো সাল-সলনি হোৱা নাই, কিছুমান ঠাইত বান পৰিস্থিতিয়ে ভয়াবহ ৰূপ ধাৰণ কৰিছে ............
দিনৰ পিছত দিন তেনেকৈয়ে পাৰ হ'ল | বহু দিনৰ পিছত সুৰ্যোদয় হ'ল | বান পৰিস্থিতিৰ ভয়াবহতাৰ শাম কাটিল কিন্তু মানুহবোৰৰ আলৈ-আথানিৰ অন্ত নপৰিল | অনেক মানুহ গৃহহাৰা হ'ল ,অনেকে পোহনীয়া পশুধন হেৰুৱালে, অনেকে ভেটিৰ মাটি | কিচকিচিয়া ক'লা আচ্ছাদন এখনে আৱৰি ধৰিলে অনেকৰ মুখ | নিজৰ মাটি-ভেটি হেৰুৱাই অনেকে মথাউৰিৰ কাষৰ বাসিন্দা হ'ল | অনেকে বালিবজাৰ আদি ঠাইলৈ গুচি গ'ল | দ'তা যদুনাথৰ সেই দিনবোৰৰ কথা মনত পৰিলে অন্তৰাত্মা কপি উঠে |

(আগলৈ)

✍️সুমিত দাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)