তেতিয়া পশ্চিমৰ শেষ প্ৰান্তত ওলমি আছিল
সূৰ্য।
মনত আছেনে তোমাৰ?
আৰম্ভণি আছিল গতানুগতিক।
অৱশ্যে মই স্বীকাৰ কৰিছো
আবেলিটো সুন্দৰেই আছিল।
সেয়ে সি জনাইছিল ভালপোৱাৰ উষ্ম আদৰণি।
কাৰ বাৰু?
তোমাৰ-মোৰ নহয় জানো!
ওখ গৰাত থিয় হৈ থকা
মদাৰ জোপালৈ মন কৰিছিলানে?
সেই যে সূৰ্যৰ পোহৰত ৰঙীণ হৈ পৰিছিল!
সেই মদাৰ জোপায়েও অনুভৱ কৰিছিল জানা!
দুখন হৃদয়ত ঢৌ উঠা
ভালপোৱাৰ কম্পনাংক।।
আবেলিৰ সূৰ্যই বুজি উঠিছিল
আমাৰ মনৰ কথা।
সেয়ে দুহাত প্ৰসাৰিত কৰি সি ছটিয়াই দিছিল সাঁচি ৰখা ভালপোৱাৰ হেঙুলী কিৰণ।
মনত আছেনে তোমাৰ?
এতিয়া আহিছো প্ৰতিশ্ৰুতিৰ কথালৈ......
হাতত হাত ধৰি প্ৰতিশ্ৰুতিবদ্ধ হৈছিলো তুমি আৰু মই।
সাক্ষী আছিল তেতিয়া
ঘৰমুৱা চৰাইজাক,
সাক্ষী আছিল তেতিয়া
ওলমি ৰোৱা সূৰ্য
আৰু মদাৰ জোপা?
মদাৰ জোপাক কেনেকৈ
পাহৰো মই।।
প্ৰতিশ্ৰুতি দিছিলা মোক....
দুখন হৃদয়ৰ ঠিকনা
একেই হ'ব।
মোৰ মন হ'ব তোমাৰ আপোন লগৰী।
সেয়ে আমি সাজিবলৈ আৰম্ভ
কৰিছিলো প্ৰেমৰ পঁজা।
দিব বিচাৰিছিলো আমাৰ ভালপোৱাক তাৰ সঠিক ঠিকনা।।
হঠাৎ.........?
সকলোচোন ঠিকেই আছিল।
তোমাৰ উপস্থিতিত দেখা সপোনবোৰো সূৰ্যৰ কিৰণৰ দৰেই ৰঙীণ আছিল।
আৰু প্ৰেমৰ পঁজাটো?
সিয়ো চোন মদাৰ জোপাৰ দৰেই থিয় হৈ আছিল।
হঠাৎ এতিয়া মোৰ ভালপোৱাই ছন্দ হেৰুৱালে।
তুমি জানো বুজিছা?
বুজিব নালাগে বাৰু।
মই মোৰ সঁচা ভালপোৱাৰ বাবে এতিয়া আৰু তোমাৰ পৰা কোনো উত্তৰ নিবিচাৰো।
উত্তৰত এতিয়া মাথো এটা প্ৰশ্নবোধক।।
আগ্ৰহ নাই জানা।
আবেলিটোৱেও চোন ঘূৰি
নাহো বুলি ক'লে।
সূৰ্যৰ পোহৰত ৰঙীণ হোৱা মদাৰৰ ৰংবোৰো এতিয়া
হেতা পৰিল।
আৱেলিটোৱে এতিয়া সাঁজ সলালে।
নামি আহিল হৃদয়ত ৰাতিৰ আন্ধাৰ।।
মই এতিয়া ভালদৰে বুজি পাওঁ।
মোৰ অবিহনে তুমি এতিয়া ৰচিব পাৰা সপোনৰ ৰহঘৰা।
কিন্তু কি জানা!
মই এতিয়াও কামনা কৰো....
তুমিজনী তুমি হৈ থকা।
সুখী হোৱা।
আৰু মই?
ময়ো সুখী।
সুখী মই আৰু তুমিবিহীন মোৰ এই পৃথিৱী।
কেতিয়াবা তোমাৰ অনুপস্থিতিত মোৰ লগত মেল পাতে উদাসী জোনাকে।
গঢ়ি উঠে জোনাকৰ সৈতে মোৰ ব্যৰ্থতাৰ বাৰ্তালাপ।
সৃষ্টি হয়.....
এটি প্ৰেমৰ ইতিবৃত্ত।।
✍ প্ৰদুম্ন্য দত্ত
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ