সদাই সন্ধিয়া শই শই আহি

আমাৰ সকলোৰে প্রিয় কবি , এখুদ ককাইদেউ খ্যাত , শিশু সাহিত্যিক, ককাদেউতাৰ হাড়ৰ ঔপন্যাসিক, অসম সাহিত্য সভাৰ সভাপতি , শ্রদ্ধাৰ নৱকান্ত বৰুৱা দেৱে তেখেতৰ এটা কবিতাত জোনাকী পৰুৱাক প্ৰতীক হিচাবে লৈ উৰণীয়া তৰা নাম দি লিখিছিল 
     উৰণীয়া তৰা
    চোৱাচোন বাৰু আই
    ৰুমী ভনিটিয়ে
    উৰণীয়া তৰা হেনো
    দেখা নাই  ।
    সদাই সন্ধিয়া
    শই শই আহি
    পথাৰ উপচি যায়
    তথাপিতো দেখা নাই
    ৰুমী বৰ বেঙী ভাই
     .... ..... ..... ...... .....
আই তুমিও এজনী ৰুমী  ।
কবিতাটো ইমানেই ভাল পাইছিলো তাক এতিয়া বুজাব নোৱাৰিম । যদিও কবিতাটো আমি বিদ্যালয়ৰ পাঠ্যক্ৰমত পঢ়া নাছিলো তথাপিও কবিতাটো পঢ়িছিলো | বৰুৱা দেৱৰ কবিতাৰ এটা সুকীয়া মাদকতা আছে । কবিতাৰ চিত্ৰধৰ্মীতাই পাঠকক আকৃষ্ট কৰে । ইমান মৌলিকতা, আঙ্গিক, ছন্দৰ আকৰ্ষণে পুনৰ পঢ়িবলৈ পাঠকক বাধ্য কৰে । উৰণীয়া তৰা কবিতাটো পঢ়ি উঠি চকু দুটা মুদি বুকুত হাতখন থৈ ভাবিলে গোটেই ছবিখন চকুৰ আগত ভাহি উঠে । ৰূপালী পৰ্দাৰ ছবিবোৰৰ দৰে । সন্ধিয়া যেতিয়া ঘৰৰ পৰা বাহিৰলৈ ওলাই যাও তেতিয়া মুকলি আকাশৰ তলত উৰিফুৰা জোনাকী পৰুৱাবোৰ দেখিলে যি সৌন্দৰ্য দেখা পোৱা যায় সেয়া সচায়ে চিত্ৰাকৰ্ষক ।এন্ধাৰেই হওক বা শৰতৰ মায়াময় জোনাকেই হওক পথাৰৰ ওপৰে ওপৰে কিমান যে জোনাকী পৰুৱা । কিমান আনন্দৰে সিহঁত উৰি ফুৰে | আতৰলৈ চালে চাই থাকিবৰ মন যায় ।
 কেতিয়াবা কেতিয়াবা ই পথহাৰা পঠিকক পথৰ সন্ধান দিয়ে । কবিয়ে কবিতাটোত ভনীয়েক ৰুমীয়ে উৰণীয়া তৰা কাক কয় বুজি পোৱা নাই । কবিয়ে বুজাবৰ চেষ্টা কৰিছে । বুজি নোপোৱাৰ বাবে ভনীয়েকক বেঙী বুলিছে  । সেই একেখিনি কথাকে মাকেও বুজি পোৱা নাই বাবে মাকক কৈছে আই তুমিও এজনী ৰুমী । কবিয়ে মাকক আই বুলি মাতে । 
     ইমান সাৱলীল ভাৱে কবিতাটো আগবঢ়াই নিছে তাক পঢ়িলে বুজি পোৱা যায় । তাৰ সচা চিত্ৰখন চাবলৈ হলে আমি সন্ধিয়া বাহিৰলৈ ওলাব লাগিব । তেতিয়াহে  তাৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিম | এতিয়াও কবিতাটোৰ সতে একাত্ম হ'ব পাৰো । সৌন্দৰ্য উপভোগ কৰিব জানিব লাগিব । তাৰবাবে আমাৰ সৌন্দৰ্য পিপাসু মন এটা থাকিব লাগিব । উৰি ফুৰা তৰা শুনিলে কিমান যে ভাল লাগে নহয়নে ? আহক আমি চাওঁ এই শৰততে আকাশৰ তলত উৰণীয়া তৰা ।

     🖋️হেমেন হাজৰিকা
                মিৰ্জা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send