শৰতৰ এক মিঠা অনুভূতি

শৰতৰ আগমনে পৃথিৱীলৈ কঢ়িয়াই আনে শেৱালিৰ সুবাস। শৰৎ আহে শেৱালিৰ পাহে-পাহে। শেৱালিৰ প্ৰতিটো পাহিত লুকাই থাকে শৰতৰ সৌন্দৰ্য্য।শেৱালিৰ কোলাতে শৰতে ঠন ধৰি উঠে। শৰতৰ আগমনে প্ৰেমৰ বাৰ্তা কঢ়িয়াই আনে। শৰতৰ ফৰকাল আকাশৰ তলত দূবৰিৰ দলিচাত পৰি ৰয় নিয়ৰৰ টোপাল আৰু তলসৰা শেৱালি আলফুলে। নিৰ্মল স্ফটিক পানী। ফৰকাল আকাশ।শেৱালিৰ সুবাস। পথাৰত সেউজী ধাননি। কৃষকৰ সোণালী সপোন। কিযে এক শিহৰণকাৰী অনুভূতি।
                শৰততেই আকুলতা জন্মে। শৰতেই দুখৰ কলীয়া ডাৱৰ আঁতৰাই সুখৰ ৰঙা বেলিৰ মাদকতা উপলব্ধি কৰোৱায়। শৰতে জীৱনত নতুন কিবা এটা অনুভৱ কৰায়। জীয়াই থকাৰ সমল শৰৎ। শৰতে আপোনজনৰ কথা সোঁৱৰাই। ৰিঙিয়াই মাতে অতীতৰ স্মৃতিক আৰু ভৱিষ্যতৰ স্বপ্নক। শৰৎ থিয় হয় দুখীজনৰ সমুখত সুখৰ আধাৰ হৈ। শৰতে জীৱনটো নতুন ৰূপত সজাই তোলাৰ ইংগিত বহন কৰে।
               শৰতৰ আছে এক ব্যতিক্ৰমী মাদকতা। গ্ৰীষ্মৰ অৱসান ঘটাই শীতৰ আগমন ঘটে প্ৰকৃতিৰ বুকুলৈ। শীতৰ কুঁৱলী ফালি অহা অকণমান কোমল ৰ'দালিয়ে আমাৰ মনটোও শুভ্ৰ আকাশখনৰ দৰে নিৰ্মল কৰি তোলে। গছ-লতিকাত উলমি ৰয় নিয়ৰৰ ক্ষুদ্ৰ কণিকা। তলসৰা হালধীয়া শুকান গছ-পাতবোৰেও কৈ যায় শৰতৰেই কথা। চৰাই-চিৰিকটিয়ে গাই শৰতৰ গান। শাৰদীয় দূৰ্গোৎসৱে শৰতৰ আগমনিৰে ইংগিত বহন কৰে। এই শৰতেই মানুহৰ অন্তৰাত্মাক স্পৰ্শ কৰি বিষাদৰ ছাঁ আঁতৰাই প্ৰেমৰ আলোকেৰে আলোকিত কৰে।ৰিব্-ৰিব্  মলয়াজাক,ৰিম্-ঝিম্ বৰষুণ,হালি-জালি থকা সেউজী পথাৰ আৰু পাহাৰী নিজৰাও শৰতৰ প্ৰেমত বলিয়া হয়।
               এই অপূৰ্ব সুন্দৰ শৰতে মোকো পুলকিত কৰে। প্ৰেৰণা যোগাই, সাহস দিয়ে জীৱনত আগুৱাই যাবলৈ; মোৰ লগতে প্ৰতিজন ব্যক্তিক। শৰতে মিঠা হাঁহিৰে সকলোকে জীয়াই থকাৰ আনন্দ প্ৰদান কৰে।

✍️ প্ৰজ্ঞা দেৱী ভূঞা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send