কোনে কি ভাও ল'বা আঁহা

©Admin
0
আমাৰ হিয়াৰ আমঠু, বিশ্ব গৌৰৱ, অসমীয়াৰ কৌস্তভমণি ড° ভূপেন হাজৰিকাই ঠিকেই গাইছিল ।
   ৰাইজ আজি ভাৱৰীয়া
   দেশেই নাটঘৰ ,
  কোনে কি ভাও ল'বা আহাঁ
  সময় যে তাকৰ ।
  ...............................
..................................
তেহে ৰহণ চৰিব নাটৰ
কোনে কি ভাও ল'বা আহাঁ
সময় যে তাকৰ ।
এতিয়া সমাজত মুখা পিন্ধা অলেখ ভাৱৰীয়া। চিনিবই নোৱাৰি প্ৰকৃতি স্বৰূপ ।মতাই নে মাইকী , ল'ৰাই নে ছোৱালী , সিংহই নে শিয়াল , ফেঁচাই নে আন কিবা ? মুখাৰ আঁৰৰ ভাৱৰীয়া চিনাৰ কৌশল কি ? আমি জনাৰ উপায় নাই | আমি আঠুৱাৰ তলৰ মহ , উমনিত বহা হাঁহ। আমি নাটক চাব পাৰো , সংলাপ শুনিব পাৰো , কিন্তু একো কৰিব নোৱাৰো নিৰীহ প্ৰাণী যে । আকৌ সময় হৈছে নতুন ভাৱৰীয়াই ভাও দিয়াৰ ।সকলো লুভীয়া বগা কাপোৰ পিন্ধা চোৰ ।কোনেও একো কৰিব নোৱাৰে , সিহঁত বৰ শক্তিশালী , যাৰ দ্বাৰাই শক্তিশালী হয় সিহঁতকেই ঔকিল দিয়ে ।কিন্তু তামোল চোৰ , লোটা চোৰ কেইটাক ৰঙা ঘৰত বান্ধি থয় । ইয়াৰ পৰা বচাৰ উপায় নাই । আমাক মুচৰি মাৰিব । এতিয়া আমি একো দেখা নাই, একো শুনা নাই , একো কোৱা নাই এনেদৰে চলিলে ভাত মুঠি নিমখে খাৰে খাই ভাগৰৰ টোপনি মাৰিব পাৰিব ।নীলা শিয়াল হ'লেও চৰিয়াৰ পানী নামাৰিব । এতিয়া সকলোৱে ভাও দিব পাৰিব , লৰা ঢপৰা কৰক । সময় বৰ তাকৰ । নিজক প্ৰস্তুত কৰক । কেতিয়াবা সংলাপ ভুলিলে শিয়াল খেদাও খাব পাৰে আপুনি ।তাৰ বাবে পুৱা গধুলি দৌৰাৰ অভ্যাস কৰক।লাগে দিয়কচোন সকলো অভিজ্ঞতা । নিজৰ কাৰণেই ভাল । কথাতে কয় অভ্যাসৰ নৰ কৰ্ণ পথে কৰে শৰ ।মুঠতে এজন সফল ভাৱৰীয়া হওক । হ'বলৈ যত্ন কৰক ।তেহে মনত ৰাখিব আমাৰ পুত্ৰ পুত্ৰাদি সকলে । পাৰিলে নাঙঠ হৈয়ে ওলাব, ধোবীৰো প্ৰয়োজন নহ'ব । তেহে নাটৰ ৰহণ চৰিব । কিন্তু সাৱধান হ'ব সকলোৰে কিন্তু শেষ বিচাৰ নামৰ এখন বিচাৰ হয় । সেইখন আদালতৰ চূড়ান্ত ৰায় কিন্তু বিফল নহয় ।তাৰ উকিল, হাকিম সকলে ভাওনাৰ ৰায়দান সঠিক সময়ত সঠিক হিচাবত দিয়ে । অতীত এবাৰ পঢ়িব । সকলো উত্তৰ পাব ।পানী সদায় উতলি নাথাকে , সি ঠাণ্ডাও হয় আৰু মেৰুৰ বৰফৰ সাগৰো এদিন গলে ।সময়ে কাকো ক্ষমা নকৰে । কিন্তু নাটকত ভাও দি থাকোতে সেয়া আমাৰ খবৰ লোৱাৰ আহৰি নহয়। মাথো বোকা চটিওৱাৰ প্ৰতিযোগিতা ফুলজাৰি মাৰা ।আজিকালি সকলো সহজ নহয় । Over Acting নকৰিব ।মঞ্চতে মুখা সুলকি পৰিলে, ৰং আতৰি গ'লে পানীত ভিজা মেকুৰীটোৰ দৰে নহ'বনে আপুনি ?

     🖋️ হেমেন হাজৰিকা
             মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)