অণুগল্প - কাতিবিহু

©Admin
0
আবেলিৰ পৰা কণমাণিজনীৰ মন উদুলি মুদুলি , সন্ধিয়া নামিছে সমনীয়াৰ স'তে কাতি বিহু পাতিব ।

মাকে ঔ-টেঙাৰ বাকলি আনি দুগছিমান চাকি ঠিক কৰিছে , তাই ওলাইছে মাকৰ স'তে ।
দেউতাকক পঠাইছে বজাৰলৈ প্ৰসাদৰ লগত দিবৰ বাবেফলমুল দুবিধমান আনিবলৈ ।
সন্ধিয়া নামিল পথাৰত চাকি দিবলৈ দুয়োজনী ওলাল ।ঘূৰি আহি পদুলি আৰু তুলসীৰতলত জ্বলাব । সকলোৰে ঘৰে ঘৰে বন্তি জ্বলিল, সমনীয়া আহি তাইক লৈ গ'ল ঘৰে ঘৰে প্ৰাৰ্থনা কৰি প্ৰসাদ খাবলৈ ।

সময় বাগৰিল, ওচৰৰ কেইঘৰত শেষ কৰি সিঁহতৰ ঘৰ পালেহি । দুৰৈৰ পৰাই চিঁঞৰি সুধিলে- মা...দেউতাই কি কি আনিলে ? 

এক কৰুণ দৃষ্টিৰে তাইলৈ চাই ক'লে , দেউতাই মদৰ ৰাগীত মাতাল হৈহে আহিল !!চকুপানীকণ মোহাৰি কণমাণিজনীয়ে সমনীয়া কেইজনক খালী বুটকেইটাকে ভগাই দিলে । মাকে ক'লে-
মদাহী পুৰুষে আনৰ সুখ- দুখৰ কথা নাভাবে অ'।

✍️ৰুমী কলিতা দত্ত

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)