ৰুণজুন(খণ্ড ৩২) ~ ধাৰাবাহিক উপন্যাস - মীনা পামে গাম

©Admin
0

   শিৱসাগৰৰ পৰা ঘূৰি আহি গুৱাহাটী পাওঁতে পাওঁতে ৰাতি ন বাজিল । ঘৰত সকলোৰে বাবে ভাত ৰান্ধিবলৈ কৈ থোৱা আছিল আৰু মুনলিমাহঁতকো খাই যাবলৈ ৰুণে অনুৰোধ কৰিলে আৰু ৰুণৰ অনুৰোধ তেওঁলোকে ৰক্ষা কৰিলে । ভাত খাই উঠোতে ৰাতি চাৰে দহমান বাজিলে ।
    তাৰ পিছত চান -মুনে মাকৰ লগত যাত্ৰাত ভাল লগা কথাবােৰ কিছু সময় পাতি থাকোতে কেতিয়ানো বাৰ বাজিল গমেই নাপালে । তাৰ পিছত নিজ নিজ ৰূমত সকলোৱে শুবলৈ গ'ল । 
   ৰুণৰ, ৰুমত সোমোৱাৰ লগে লগে কিবা অকলশৰীয়া ভাবটো আজি বৰ বেছিকৈ অনুভৱ কৰিলে । কাৰণ আগতে ৰিহণ অকল তাইৰেই বুলিয়েই ভাবি আছিল । এতিয়া পল্লৱীৰ জীৱনলৈও সেই ৰিহণেই আহিছে - ভাবিলে তাই জিকাৰ খাই উঠে !!!
 যেতিয়াই অকলশৰে ৰুণ থাকে, তেতিয়াই ৰিহণৰ কথাবোৰে আগুৰি ধৰে আৰু আজি আঠ বছৰে যি জ্বালা যন্ত্ৰনা দিছে এতিয়া ৰিহণক ভাল পাব নােৱাৰিব । যেতিয়া প্ৰয়োজন আছিল তেতিয়া তেওঁ কাষত নাছিল আৰু সেই কথাবোৰ ভাবি ভাবি পাৰ নাপাইছিল । ৰিহণ -কেতিয়াবাই বহুত দূৰলৈ গুচি গৈছিল । ৰিহণৰ সান্নিধ্য নাপাই - নাপাই মনটোত শোকবােৰ যেন বহি গ'ল । আৰু সেইবাবেই তাই টিউচন চেণ্টাৰখন বহোৱাৰ কথা ভাাবিছিল । হেৰুৱা ৰিহণক আকোৱালি ল'লে হয়, কিন্তু এতিয়া লোকৰ স্বামীক কেনেকৈ গিৰিহঁত বুলি মানি ল'ব ? নাই ৰুণৰ মন সলনি হৈ গ'ল । প্ৰথমেই ৰিহণক হেৰুৱাৰ দুখ আজি আঠ বছৰে হৃদয়ত লৈ আছে । মন কেতিয়াবাই ডাঠ হৈ গ'ল । সকলো কথাৰে এটা সীমা থাকে । সেইদৰে ধৈৰ্য্যৰো এটা সীমা আছে - সময় পাৰ  যি কোনো বস্তুৰ প্ৰয়োজন নোহোৱা হৈ পৰে । হৃদয়ৰ দুখ - শোকবোৰ পাতলাবলৈ বন্ধুৰ বৰ প্ৰয়োজন অনুভৱ কৰে । ৰুণে ভাৱে তাইৰ জীৱনত মুনলিমাক লগ নোপোৱাহ'লে কি হ'লহেঁতেন ? যিমান সুখতো মুনলিমাক লগত নল'লে ৰুণৰ ভাল নলগাৰ দৰে দুখৰ কথাবােৰ তাইক নক'লে যেন গধুৰ মনতো পাতল নহয় যেন অনুভৱ হয় ।
সময় সুৰুঙা পালেই দুখবােৰ ভাবে । কথাৰ পাৰ নেপালেওঁ তাই যেন ভাবিবলৈ বাধ্য হৈ যায় ।
এলাপেচা নহয় - দহ বছৰীয়া দুখ হিয়াত লৈ পুহি ৰখা কিমান কষ্টকৰ পাওঁতাইহে জানে । 
      পল্লৱী যে তাইৰ জীৱনৰ এটা ইউৰেকা হ'ব - ৰুণৰ কথাবােৰ মনলৈ আহিলে এনেকুৱা লাগে- কিযে এক "ৰহস্যময় স্বামী, ৰিহণ" ! ব্যৱসায়ৰ নামত গোপনে গোপনে প্ৰেম পল্লৱীৰ লগত !! ভাবিলে নিজকে তাইৰ অভাগিনী যেন লাগে । ৰিহণে ইমান দিনে ৰুণক ঠগি আছিল ।
কোনো মুহূৰ্ত্তত নিজকে বৰ অপদাৰ্থ যেন অনুভৱ কৰিলে ৰুণে । মােতকৈ পল্লৱীৰ এনে কি বেছি আছে ৰিহণ যে তাইৰ প্ৰতি আকৃষ্ট হৈছিল ।  
নাই ৰুণৰ আৰু ভাবিবলৈ বেছি মন নগ'ল । বেছি ভাবিলে মনটো বৰ দুৰ্ব্বল হৈ যায় । ইপিনে ল'ৰা দুটাও আছে , সিহঁতক মই সময় দিব লাগিব আৰু দেউতাকৰ অনুপস্থিতিত মই যিমান পাৰো সংগ দিব লাগিব, নহ'লে সিহঁতে অকলশৰীয়া অনুভৱ কৰিব । সিহঁতে নাজানিছিল দেউতাকৰ দ্বিতীয় পত্নীৰ কথা । 
  ৰুণে সেই বিশ্ববিদ্যালয়তে পোৱা সহপাঠী "পল্লৱী" - তাইৰ নিজৰ সংসাৰত ব্যস্ত বুলি ভাাবি আছিল । তাইৰ খবৰ ৰুণে কোনোদিন ল'বলৈ যোৱা নাছিল । নিজ সংসাৰত ব্যস্ত হৈ আছিল আৰু সেই দিনত মোবাইলৰো প্ৰচলন নাছিল । ২০০২ মানৰ পাছৰ পৰাহে ইয়াত মানুহৰ হাতে হাতে মোবাইল লাহে আহিবলৈ ধৰিলে । সেইবাবে সহপাঠীৰ লগত যোগাযোগ নাছিল । কিন্তু, কি পৰিপ্ৰেক্ষিতত ৰিহণৰ লগত পল্লৱীৰ যোগসূত্ৰ হৈছিল তাই বুজি নাপালে আৰু এতিয়া সেইবােৰ বিছাৰি ফুৰিবলৈয়ো প্ৰয়োজনবােধ কৰা নাই ।
ইতিমধ্যে বহুত দিন হৈ গ'ল ।
   ৰাতি বহুতদেৰি তেনেকৈয়ে থাকিল 
আৰু পুৱা চাৰে তিনি মান বজাতহে শুবলৈ লৈছিল... ॥

( আগলৈ)

✍️ মীনা পামে গাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)