এজাক বৰষুণৰ অপেক্ষাত - দ্বিতীয় অধ্যায় (খণ্ড-২৭)

©Admin
0

ঘৰ আহি খাই বৈ আজৰি হোৱালৈ ৰাতিয়েই হ'ল। ৰাতি আকৌ ভাত পানী খাই মই সোনকালে শুই থাকিলো।বহুত ভাগৰ লাগি আহিছিল।

       ৰাতিপুৱা শুই উঠি সময়টো চালো ।৭.৩০ বাজিছে। খিৰিকীখন খুলি সেইখিনিতে অলপ বহি নেদেখাজনক এটাই ককূতি কৰিছো।
__________ আজিৰ পৰা এটা জীৱনটো নতুনকৈ আৰম্ভ কৰিম। অতীতক লৈ আৰু জীয়াই থাকিব নিবিচাৰোঁ। অতীতে বহুতে কিবা কিবি দিলে মোক।আৰু এতিয়া একো নালাগে মোক। বচ অতীতক পাহৰিব বিচাৰো এতিয়া।

         উঠি গৈ মুখখন ধুই ঘৰৰ কাম কিছুমান কৰিব ল'লো। আজি পুৰণা বস্তু অলপ উলিয়াই চাফা কৰিব লাগিব। মায়ে ৰাতিপুৱাই কৈছে। সেইকাৰণে ৰাতিপুৱা চাহ - জলপান খাই মা - মই লাগি গ'লো কামত। প্ৰায় ১১ মান বাজিল। মায়ে বস্তুবোৰ মোক উলিয়াই দিছে আৰু মই চাফা কৰি গৈছো। এইবাৰ মোৰ আলমাৰিটোৰ পৰা বস্তু কিছুমান উলিয়াবলৈ লৈছে।
"জীউ এইয়া কি? কাৰ হয়?"
মায়ে আচৰিত হৈ কথাটো কোৱা দেখি মই ওচৰলৈ গৈ চালো।
প্ৰান্তিকলৈ অনা গামোচাখন আৰু চাৰ্টটো।
" অহ' শেষ মায়ে দেখিলে! কি ক'ম এতিয়া মই?"
_________ কাৰো নহয়।
যেনে তেনে হাত সাৰিবলৈ বিছাৰিলো ।
মায়ে গামোচাখন মেলি আঁতি গুৰি মাৰি চাইছে।
" এইখনটো আমাৰ ঘৰৰ গামোচা নহয়।আৰু এই চাৰ্টটো.....?"

একো কোৱা নাই মই তলমূৰ কৰি আছো।
"প্ৰান্তিকলৈ আনিছিলি?"
__________ হা.....
মাৰ মুখলৈ চাই মই তধা লাগিছো। ইমান সহজভাৱে কথাটো কৈ দিব পাৰিছে আজি।
" কি হ'ল? তাৰলৈ আনিছিলি যদি দি নিদিলি কিয়?
___________ অ'... মা তোমাৰ কি হৈছে। আজি এইবোৰ কথা কৈছা যে.... তাকো ইমান সহজতে।
" হ'ব বেছি আচৰিত হব নালাগে। কিমাননো তোক আৰু বুজাই থাকিম,মানা কৰি থাকিম।এতিয়া তই এজনী ডাঙৰ ছোৱালী।বুজা হৈছ,জনা হৈছ। কি কৰিলে ভাল হব,কি কৰিলে বেয়া হব তই জান' এতিয়া। সেইকাৰণে তোক কৈ নাথাকো আৰু আমি। এনেও তোক এদিন বিয়া দিবই লাগিব। আমি জানো ,তোৰ ওপৰত বিশ্বাস আছে তই কেতিয়াও বেয়া এটা পছন্দ নকৰ। যদি প্ৰান্তিক ভাল ল'ৰা তেতিয়াহ'লে ভাল পাই থাক।আমি একো নকওঁ। ভালপোৱাটো এৰি দিয়া ইমান সহজ নহয়। আৰু তোৰ দেউতা আৰু মইয়ো প্ৰেম বিবাহেই কৰা। গতিকে মই এজনী ছোৱালী হৈ এজনী নাৰী হৈ বুজি পাওঁ তোৰ মনৰ কথাবোৰো। তেতিয়া তোক গালি পাৰিছিলো তই বহুত সৰু হৈ আছিলি,ফাঁকি দিছিলি। সেইটো বয়সত মানুহৰ ভুল হয়েই।তোৰ তেতিয়া পঢ়া শুনাৰো কথা আছিল।সেইকাৰণে তোক তেতিয়া দেউতা আৰু মই গালি পাৰিছিলো। কিন্তু জান' জীউ তাৰ পাছত তই যেতিয়া হোষ্টেল গুছি গৈছিলি মোৰ কিমান বেয়া লাগিছিল। তোক ঘৰলৈ লৈ আহিবলৈ মন যায় কিন্তু তই চল পাবি বুলিয়েই দেউতাই তোক আনিবলৈ নাযায়। আৰু এতিয়া মই জানো মোৰ জীউ এতিয়া ডাঙৰ হ'ল।ভুল কাম কেতিয়াও নকৰে।

কথাখিনি কৈ কৈ বিছনাখনতে মা বহি দিলে। মাৰ মুখত আজি এইখিনি কথা শুনি মোৰ চকুপানী ওলাই আহিল।প্ৰথম হোষ্টেল লৈ যোৱাৰ পাছত মই মা - দেউতাক এনেই ভুল বুজি আছিলো। মাৰ মনত মোৰ কাৰণে মৰম ভালপোৱা সেইদিনাই শেষ হৈ গ'ল বুলি ভাবিছিলো।কিন্তু মই নোহোৱাত মায়ে মোৰ অভাৱ অনুভৱ কৰিছিল। মায়ে কৈ যোৱা কথাখিনি মোৰ আকৌ এবাৰ এতিয়া শুনিব মন গৈছে। মাৰ কথাবোৰলৈ চাই প্ৰান্তিক আৰু মোৰ সম্পৰ্কটো ঘৰত মানিলেহেঁতেন এইবাৰ। প্ৰান্তিকে ঠিকেই কৈছিল সময়ত সকলো ঠিক হৈ যাব। ঘৰত মানি ল'ব বুলি।কিন্তু এতিয়া মই মাক কেনেকৈ কওঁ যে প্ৰান্তিক এতিয়া মোৰ পৰা বহুত দূৰৈত।
" কি হল কান্দিছ কিয়?
___________ এনেই।
" চাৰ্টটো আৰু গামোচা খন নিদিলি যে কিয়?
_________ এনেই নিদিলো আৰু দিয়া নহ'বও চাগে কেতিয়াও।
কথাটো কৈ আঁতৰি গ'লো মই।
" তাক আকৌ ভাল পাইছিলিনে"?
মায়ে পাছৰ পৰা চিঞৰিলে।
________ ওম..... 
তেনেকুৱাতে ফোন টো বাজি উঠা শুনিলো।

আগলৈ.......

🖋️পূৰ্ণিমা হালৈ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)