মানৱীয়তা মহৎ গুণ

©Admin
0
বৰ্তমান বিশ্বখন ইমানেই ব্যতিব্যস্ত হৈ পৰিছে যে কোনেও কাৰো বিষয়ে চিন্তিবলৈ সময় অকণো নাপায় ৷ ৷ এইকাৰণেই মানুহৰ মাজত থকা মানৱীয়তা গুণ নোহোৱা হৈ গৈছে যাৰ ফলত অভাৱী দুখীয়া নিচলাৰ বাবে ক্ষন্তেক ৰৈ চাওঁতা আৰু ভাৱোতা দয়ালু লোকৰ সংখ্যা দিনক দিনে নোহোৱা হৈ গৈছে ৷ 
ময়ো তাৰে ভিতৰত এজন ৷ মই ভৱাই নাছিলো যে কিছুমান সমাজৰ অন্যায় অপমানক সহ্য কৰি জীৱনক নতুন দিশত নিবলৈ সাহস কৰিব পাৰে ৷ ১৩/ ১০/ ২০২০ তাৰিখৰ মংগলবাৰে ৰাতিপুৱা প্ৰায় আঠটামান বজা সময়ত মোৰ দেউতাই দুৱাৰমুখত বহি চাহ খাই থাকোঁতে এজন পাচলি বেপাৰীয়ে নিজৰ ভঙা চাইকেলখনত এসোপা পাচলি লৈ 
" পাচলি লাগে, পাচলি সতেজ আৰু সেউজীয়া পাচলি নিয়মীয়াকৈ খালে নহব কৰ’ণা মহামাৰী "
এনেধৰণৰ চিঞৰি চিঞৰি আহি আছিল ৷ হঠাৎ দেউতাই চাহৰ গিলাচটো তলত থৈ তাক মাত লগালে 
অ’ পাচলি বেপাৰী পাচলি বেপাৰী অ অকণমান এইফালে আহাচোন "
দেউতাৰ স্বৰ শুনি পাচলি বেপাৰীজন থমকি ৰ’ল আৰু যাওঁ কি নাযাওঁ সংকোচ মনেৰে আমাৰ চোতালত সোমাই আহিল ৷
দেউতাই মোক নিৰ্দেশ দিলে 
" চকী এখন দিয়া এওঁক বহিবলৈ "
মই বেপাৰীজনলৈ জুমি চাই চকী এখন চোতালত উলিয়াই দিলোঁ ৷ বেপাৰীজন আৰামকৈ চকীখনত বহি ল'লে ৷ 
বেপাৰীজনে ক’লে
" কওকচোন খুৰা কিয়বা মাতিলে ? "
দেউতাই অলপ উৎসাহী মনেৰে ক’লে
" কিয় যোৱাকালি যে তোমাক মই ঘূৰি আহোঁতে এপাক সোমাই যাবলৈ কৈছিলো তোমাৰ মনত নাই নেকি ? বাৰু হব দিয়া আচ্ছা তোমাৰ ভৰি এখন পংগু নেকি ? "
বেপাৰীজনে দুখ মনেৰে নিজৰ ভৰিখনলৈ চাই ক’লে
" হয় খুৰা "
দেউতাই ক’লে
" বেয়া নোপোৱা যদি ভৰিখন কেনেকৈ পংগু হ’ল অলপ ক'বা নেকি ? "
বেপাৰীজনে নিজৰ বিষয়ে ক'বলৈ আৰম্ভ কৰিলে।
" জানে খুৰা মই এসময়ত এজন শিক্ষিত আৰু সচেতন যুৱক আছিলো ৷ গতিকে মই গাঁওখন প্ৰগতিৰ বিষয়ে চিন্তা কৰি গাওঁখনৰ ছাত্ৰছাত্ৰীসকলক টিউচন দিবলৈ ঘৰতে সৰুকৈ চেণ্টাৰ এটা খুলি লৈ সিহঁতক পঢ়াবলৈ আৰম্ভ কৰিলোঁ ৷ কিন্তু কয় নহয় ভাল কৰ্ম কৰিলে একাংশ চকু চৰহা লোকৰ চকুৰ জুই দপদপাই জ্বলি উঠে ।ঠিক তেনেদৰে মোৰ জীৱনতো হ’ল আৰু এদিনাখন মোক তল পেলাবলৈ সুযোগ পাই গ’ল ।
সিদিনাখন আকাশত ক'লা মেঘে আৱৰি আছিল ।লগতে গুম গুমকৈ মেঘৰ গৰ্জন আৰু চিকমিক বিজুলীৰ ঢেৰেকনি ৷ 
এগৰাকী ছাত্ৰী ঘৰলৈ যাবলৈ লওঁতে হঠাৎ মূৰটো ঘূৰাই দুৱাৰমুখত বাগৰি পৰিল মই ইফালে-সিফালে চাই তাইক কোচত তুলি নি মোৰ বিচনাখনত শুৱাই দিলোঁ ফেনখন চলাই দি মিঠাতেল হাতত লৈ ভৰি হাতত মোহাৰি দি থাকোতে হঠাৎ কোনোবা ফালৰ পৰা কেইজনমান ডেকা যুৱক আহি মোৰ ঘৰত সোমাল পাছে পাছে আহিল গঞা ৰাইজ ৷ তাৰে এজন যুৱকে মোলৈ আঙুলি টোৱাই চিঞৰি চিঞৰি ক'বলৈ ধৰিলে ,
" চাওক চাওক ৰাইজ আপোনালোকৰ প্ৰিয় সমাজ সেৱক কি কাণ্ডত লিপ্ত "
আন এজন যুৱক চিঞৰি উঠিল, "এনে ভণ্ডামী সমাজ সেৱকক কঠোৰ শাস্তি দিয়া উচিত "
বেচেৰা গঞা ৰাইজে ইয়াক মৃত্যু দণ্ড বিহা উচিত "
আৰু কি ক'ম খুৰা মোক কোনেও সচাঁ কথাটো নুশুনি মোক গচকি গচকি মাৰিবলৈ ধৰিলে মই চিঞৰি চিঞৰি ক'বলৈ আৰম্ভ কৰিলোঁ য়ে মোৰ একো দোষ নাই ভণ্টিজনীৰ হঠাৎ মূৰ ঘূৰাই পৰাত মই তাইক সুস্থ কৰি তুলিবলৈ যত্ন কৰি আছিলোঁ ৰ'ব মোক এনেকৈ নামাৰিব মই মৰি যাম মোৰ কথা শুনক "
কিন্তু ধৰ ধৰ মাৰ মাৰ শব্দৰ মাজত মোৰ সত্য কথা পুত গ’ল ৷ শেষত পুলিচ আহি পোৱাৰ পাছত মোক উদ্ধাৰ কৰি মেডিকেলত ভৰ্তি কৰালে ৷ তিনিটা মাহৰ পাছত মোৰ ঘাবোৰ শুকাই গ’ল কিন্তু ভৰিখন চিৰদিনৰ বাবে পংগু হৈ পৰিল তাৰ পাছত কি হ'ব পুলিচৰ অনুসন্ধান চলিল। ছাত্ৰীগৰাকীক সুধাৰ পাছত সকলো কথা আইনাৰ দৰে চাফা হৈ পৰিল আৰু পুলিচে মোক নিৰ্দোষী পাই এৰি দিলে ৷
খুৰা এইয়া হ’ল মোৰ জীৱনৰ এখিলা পাতৰ কৰুণ কাহিনী "
বেপাৰীজনলৈ মই একেথিৰে চাই ৰ’লো তাৰ দুচকুয়েদি দুধাৰি চকুলো শুকান গালৰ ওপৰেদি বৈ আছিল ৷ 
দেউতাই তাক সান্তনা দি ক’লে,
" দুখ নকৰিবা আমাৰ সমাজখন বৰ নিষ্ঠুৰ হৈ গৈছে মানৱীয়তাৰ গুণ নোহোৱা হৈ গৈছে যি ভাল কৰ্ম কৰে তাকে দোষী বুলি দণ্ড দিয়া হয়। গতিকে এতিয়া তোমাৰ ভাল দিন আহিছে পৰিশ্ৰম কৰি যোৱা জীৱন পথত তেনে কিছুমান ভাল মানুহৰ সঁহাৰি পাবা যিয়ে তোমাক আগবাঢ়ি যোৱাত সহায়ৰ হাত আগবঢ়াই প্ৰেৰণা যোগাব ৷ বাৰু ভাগ্যৰ লিখা কোনে মোহাৰিব পাৰে এতিয়া তোমাক এটা ক্ষুদ্ৰ উপহাৰ দিম যাৰ দ্বাৰা তুমি সহজে বেহা - বেপাৰ কৰিবলৈ 
পাৰিবা "
উপহাৰৰ কথা শুনি পাচলি বেপাৰীজনৰ মনটো ফৰকাল হৈ উঠিল উৎসাহেৰে ক’লে
" খুৰা আপুনি মোক কি উপহাৰ দিব ? "
দেউতাই মিচিকিয়া হাঁহি মাৰি ক’লে
" হয় সৌ তিনিচকীয়া গাড়ীখন দেখিছা "
বেপাৰীজনে তিনিচকীয়া গাড়ীখনলৈ চাই অলপ সংকোচ ভাৱে ক’লে 
" কিন্তু খুৰা গাড়ীখন কিনিবলৈ মোৰ হাতত টকা নাই "
দেউতাই ক’লে,"তোমাক মই কি ক’লো উপহাৰ দিম বুলিহে ক’লো ৷ মইতো এতিয়ালৈকে পইচাৰ কথা পতাই নাই ।শুনা ,গাড়ীখন তিনি বছৰ ধৰি একেখন ঠাইতে থাকি থাকি নষ্ট হ'বলৈ ধৰিছে ৷ মই যেতিয়া সুস্থ আছিলোঁ তেতিয়া গাড়ীখন ব্যৱহাৰ কৰিছিলোঁ আৰু এই চাৰিকুৰি বছৰীয়া দেহাই গাড়ীখন টনাত অক্ষম গতিকে এনেই মামৰে খাই পেলোৱাতকৈ তুমিয়েই নি মেলি অলপ মেৰামতি কৰি ব্যৱহাৰ কৰিব পাৰা "
বেপাৰীজনে গাড়ীখন উপহাৰত পাই দেউতাৰ চৰণত পৰি সেৱা জনাই ক’লে,
" সঁচাকৈ আমাৰ সমাজখনত এতিয়াও মানৱীয়তা যে মহৎ গুণ এই পৰিভাষা বুজা মানুহ আজিও আছে , খুৰা মই আপোনাৰ উপহাৰটো নিশ্চয় গ্ৰহণ কৰিম। কিন্তু মই আপোনাক সদায় পাচলিৰ যোগান ধৰিম আৰু এইমাত্ৰ দুশ টকা এটা এটা দি যাওঁ। "
দেউতাই বেপাৰীজনৰ কথাটো ৰাখি গাড়ীখন লৈ যাবলৈ আদেশ দিলে আৰু মোক চাহ কৰিবলৈ ক’লে ৷
শেষত বেপাৰী জনলৈ মই আগবঢ়াই দিয়া একাপ চাহ আৰু মেৰিগ'ল্ড বিস্কুট দুটা খাই পৰম সন্তোষেৰে গাড়ীখন লৈ গুছি গ’ল ৷
মই দেউতাৰ এই কাৰ্যত বৰ সন্তোষ লভিলোঁ আৰু সিদিনাই মানৱীয়তা যে মহৎ গুণ সেই কথা বুজি পালোঁ ৷

✍️দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)