ৰুণজুন খণ্ড -৩০ (ধাৰাবাহিক উপন্যাস)

©Admin
0
   ৰুণ আৰু ৰিহণৰ ল'ৰা দুটা, চান আৰু মুন ঘৰলৈ অহা কথা আছে । সিহঁত বাহিৰত থাকে । ঘৰত বাহিৰা মানুহৰ বাদে কোনো নাথাকে । ল'ৰা দুটা ঘৰলৈ আহিব বুলি মনতো ৰুণৰ ভাল লাগি আছিল । দেউতাকক সিহঁতে তিনি -চাৰিমাহৰ মূৰতহে লগ পায় । চানক দেউতাকে বহুত বেছি মৰম কৰে ।
মুন কিন্তু মাকৰ ভক্ত । মাকে যি কয় সি সকলো মানে ঘৰৰ পৰা ওলাই টিউচন চেণ্টাৰ খোলাৰ পাছৰ পৰা চানৰ বৰ দুখ । মুনে কিন্তু সেইবিলাক লৈ মূৰ ঘমাই নাথাকে । চান এতিয়া বম্বেত থাকে । অহা সপ্তাহত দেউতাক অহাৰ আগে আগে সিহঁত ঘৰ পাবহি ।  
   ইপিনে টিউচন চেন্টাৰৰ পৰা ৰুণক ঘৰলৈ আহিবলৈ ৰিহণে বহুত জােৰ কৰি আছিল । সেয়ে ৰিহণ যথা সময়ত ঘৰ পাবহি । জুলাই মাহতে ঘৰ ৰুণৰ নামত আৰু ফ্লেটটো ল'ৰা দুটাৰ নামত লিখি দিব । ৰুণে বহুত ধৈৰ্য্য ধৰিলে । ৰুণ, সিহঁত অহালৈ অধীৰ অপেক্ষা কৰি ৰ'ল ।
  আঠ জুলাইৰ দিনা ৰিহণ আহি ঘৰ পালেহি আহি চানক পাই ভাল পালে । সি আগদিনা আহি ঘৰ পাইছিলহি । সিহঁতে দেউতাকৰ দ্বিতীয় বিবাহৰ কথাবােৰ তেতিয়ালৈকে একো নাজানে । 
    ৰিহণেও ঘৰলৈ আহি উৰুঙা-উৰুঙা অনুভৱ কৰিছিল । চানৰ উপস্থিতিত ঘৰ হেন অলপ হলেওঁ লাগিছিল ॥ ৰুণক ঘৰলৈ সোনকালে কেনেকৈ আনিব পাৰি তাকে ভাৱি আছিল আৰু যাৱতীয় কাম আগৰ বাৰ আহোতেই কিছু আগবঢ়াই থৈছিল । সেয়ে ৰিহণে চানেৰে সৈতে চেন্টাৰত গৈ ৰুণক লৈ সেইদিনা ঘৰ আৰু ফ্লেট ল'ৰা দুটাৰ নামত দিয়া কামবােৰ কৰি পেলালে । গোটেই কাগজ পত্ৰ ৰুণৰ হাতত দিলে । 
সিক্ত হৃদয়ৰ অশ্ৰুবােৰ আঁতৰাই নাহাঁহিলেও ৰুণে ৰিহণক ক'লে ," কাইলৈ আমি ভােজ এটা খাওঁ দিয়া, তুমি নগাঁৱৰ ঘৰৰ সকলোকে মাতা আৰু মই মাহঁতক খবৰ দিওঁ" । 
:: ভাল কথা । চবেই লগ খালে ভালেই লাগিব । অঁ মুনাে কাইলৈ পাবহি । তাকো বহুত দিন দেখা নাই ।
:: ৰিহণৰ পৰা অনুমতি লৈ ৰুণে মুনলিমাকো নিমন্ত্রণ কৰিলে ।
সেইদিনা ৰুণে ভােজৰ বাবে সকলো বস্তু বজাৰ কৰিবলৈ পথালে ।
    ৮ জুলাই আজি মুন ‌১২ বজাৰ ফ্লাইটত আহি পাবহি । তাক আনিবলৈ ঘৰৰ ড্ৰাইভাৰ পঠিয়াব, ৰিহণে সকলো ঠিক কৰিলে ।
নগাৱঁৰ ঘৰৰ মানুহ আজি থাকিব ৰুণহঁতৰ ঘৰত । 
ৰুণ যোৱাকালিয়েই টিউচন চেন্টাৰৰ পৰা আহিল ঘৰলৈ । ৰাতিপুৱাৰ পৰাই সকলো‍ৱে কামে কামে লাগি গ'ল । 
মুনলিমা আৰু ৰুণে কেনেকৈ পল্লৱী আৰু ৰিহণৰ সম্পৰ্কৰ কথা সকলোৰে আগত ক'বলৈ ঠিক কৰি থৈছিল ।  
ঘৰৰ ড্ৰইং ৰূমত ডাঙৰ স্ক্ৰীনৰ টিভিত ধুনীয়া গানৰ অডিঅ - ভিডিঅ লগাই থৈছিল ।
পুৱা ‌১১ বজাৰ পৰা নিজৰ ঘৰৰ মানুহবােৰ আহিল । 
ৰুণে নিজে চাহ দিয়া কামতো কৰিলে । যদিওঁ ঘৰত সাবিত্ৰী থাকেই -তথাপিওঁ কৰিছিল । 
শহুৰ-শাহু , বৰজনাক - জাক সকলো আহিছে আৰু ৰুণৰ ঘৰৰ সকলো আহিল ।  
বহুতদিনৰ মূৰত লগ পাই সচাঁকৈ সকলোৰে ভাল লাগিল । চৰ্ব্বত, চাহ, কফি, পকৰী আদি যিয়ে যি ভাল পাই খাবলৈ লাগিল ।
 দিনৰ ডেৰমান বজাত ভােজৰ ভাত হৈয়েই গ'ল । অমল কাই মাংসৰ পৰা কাষ্টাৰ্ড বনোৱালৈকে উস্তাদ আগৰ পৰাই । ধুনীয়া ভােজৰ আয়োজন - তাতে ৰিহণৰ আজি মনটো বৰ মুকলি, কাৰণ আজি ৰুণ বহুত দিনৰ মূৰত ঘৰ সোমাইছেহি ।
ৰুণৰ পৰিকল্পনাৰ কথা ৰিহণে ঘূণাক্ষৰেওঁ নাজানিলে । ৰিহণে সকলোকে ধুনীয়াকৈ আপ্যায়ন কৰিছে । ৰুণ আৰু মুনলিমাই শেষত খালে । সকলোৱে ভােজৰ আয়োজন লৈ প্ৰশংসা কৰিলে ।
  সকলোৱে তামােল -চালি আদি খাই হল সদৃশ ড্ৰইং ৰূমত বহি আছিল । ফুৰ্ত্তিতে ইজনে সিজনৰ লগত কথা পাতিছে । 
    অলপ পিছত টিভিৰ স্ক্ৰীনত ধুনীয়া লতাৰ গানৰ পাছত - স্থিৰ চিত্ৰ দেখি সকলো অবাক হৈ গ'ল !!!
 "সেয়া পল্লৱী আৰু ৰিহণৰ মন্দিৰত বিয়া পতা সুন্দৰ ছৱি - কাৰো বুজিবলৈ বাকী নাথাকিল" !!!!!!!
মুনলিমাৰ ফেচবুকতো পল্লৱীৰ ফতো কিছুমান আছিল তাই সেইবােৰ সকলোকে দেখুৱালে । ৰিহণৰ মুখৰ মাত হৰি গ'ল !!! সেই দিনাহে ৰুণে শাহু-শহুৰৰ আগত ৰিহণৰ ঘৰ এৰা স্বভাৱৰ কাৰণতো ক'লে আৰু সিহঁতৰ ফতোসহ সকলোকে দেখুৱালে ।
  ৰুণৰ মাক-দেউতাকে চাইহে থাকিল একো নকলে । ৰিহণৰ দেউতাক আৰু ককায়েকে, ৰিহণক বহোৱাই লৈ সকলো কথা সুধিলে আৰু তেওঁ স্বীকাৰ কৰিলে । ৰুণে সকলোকে কথাখিনি জনাই অলপ শান্তি অনুভৱ কৰিছিল, যদিও মনত সতিনীৰ জ্বালা জ্বলি আছিল । ৰিহণৰ ককায়েকে ৰুণক আস্বাস দিলে সি আৰু যাতে আগবাঢ়ি নাযায় । ৰুণে ক'লে, " দাদা তেওঁৰ ঘৰৰ প্ৰতি অমনোযোগী আজি দহবছৰ মানেই হ'ল । মই কিমান সহ্য কৰিম। পাছত -ধৈৰ্য্য হেৰুৱাই চেন্টাৰত কাম কৰি আছিলোঁ আপোনালোকে নাজানে । সহ্যৰ সীমা পাৰ হৈ গ'ল বুলি ধৰক । যি সময়ত তেওঁক প্ৰয়োজন আছিল -তেতিয়া তেওঁ নিজা জগতত ব্ৰতী আছিল । মই এগৰাকী পত্নী ঘৰত যে আছাে কোনো গুৰূত্বই দিয়া নাছিল ।

সৌ সিদিনা আজি ১৪ দিনৰ আগতহে কথাবােৰ উৎঘাটন হ'ল । 
ৰিহণৰ হাতত যেন পুলিচে হাতকেৰেয়াহে লগালে ৰিহণ চকী এখনত বহি পৰিল । বৌৱেকৰ আগত ভুল স্বীকাৰ কৰিলে । কিন্তু, ৰুণক ক্ষমা খুজিবলৈ অকণো সাহস নকৰিলে ।
ৰুণক, ৰিহণহঁতৰ সকলোৱেই ভাল পাইছিল । 
ৰুণে, ৰিহণৰ ঘৰৰ প্ৰতিজনকে যিমান পাৰে ভাল ব্যৱহাৰ কৰিছিল আৰু সকলোৱেই মুগ্ধ হৈছিল । 
ৰিহণে ৰুণে কৰা পৰিকল্পনা বেয়া পালেওঁ - ক'বলৈ একো ৰাস্তা পোৱা নাছিল । পৰিৱেশ চাৰিওফালে গোমা হৈ গ'ল । ৰিহণৰ ককায়েকহঁতে নগাঁৱৰ ঘৰলৈকে ঘূৰি যোৱাৰ সিদ্ধান্ত ল'লে ।
চান আৰু মুনে কথাবােৰ বুজিলেওঁ ইমান ভিতৰত সোমোৱা নাছিল । 
সকলোৱে ঘৰাঘৰি গ'লগৈ ॥ 
ৰাতি সকলোৱে নিজা নিজা ৰূমত সোমাই থাকিল ।
যিমান হ'লেওঁ ৰুণৰো মনতো কিবা এটা ভাল লাগি নাথাকিল ।
ৰিহণৰ আঁচল চৰিত্ৰ জনোৱাৰ প্ৰয়োজন বুলি ভাৱিয়েই তেনে কৰিলে ।
ৰুণৰ প্ৰতি চৰম অন্যায় !!
ৰুণে কেনেকৈ সহ্য কৰে ??
দোমোজাত পৰা মনতো অলপ বিশ্ৰাম দি ৰুণে সেই ৰাতি শুই থাকিল !!

( আগলৈ)

✍️ মীনা পামে গাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)