শুকুলা চাদৰৰ আস্ফালন
সোণোৱালী সুৰুযৰ লুকাভাকু
মৃদু মলয়াৰ বিৰিখৰ পাতে পাতে চুমা চুমি
যেন শান্তিৰ বাঁ- এছাটি ...!!
ৰুণুজুণ নুপুৰৰ ধ্বনিত
পৰিছেহি বৰষুণ এছাটি...
বসুমতীৰ দেহাটি যেন এইবাৰ শাঁত
পৰিল ।
লুতুৰি পুতুৰি হ'ল আইৰ চুলিটাৰি
জীপাল আইৰ পদুলি,
সোণালী সপোন জিলিকিল ।
মৃদু শিহৰণে কঁপাই তুলিলে
কাৰোবাৰ বুকু ।
শান্তিৰ পক্ষী উৰে ডাৱৰৰ আঁৰে আঁৰে
ৰঙীণ পখিলা নাচে
পুষ্পৰ কুঞ্জে কুঞ্জে ...
পুষ্পকাননৰ ৰূপত বিভোৰ
অচিন দেশৰ ভোমোৰাটি
শুকুলা ডাৱৰে কঢ়িয়াই আনে
শান্তিৰ জিৰণি এধানি ...
চিৰিলি চিৰিলি তামোলৰ পাতত
উলমি জিলিকি থাকে শান্তিৰ পঁজা এটি
ভাঁহি আহে ফুটা নুফুটা মাতেৰে
এটি গীতৰ কলি ...।
🖋️ৰুমী কলিতা দত্ত