শৰত বন্দনা

©Admin
0

বৰ্ষাক বিদায় দি আহিছা তুমি 
বৃষ্টিক ক্ৰমান্বয়ে এৰি
শেৱালি, বকুল ফুলে সুগন্ধি বিলায় 
হেঁপাহেৰে আনিছে আদৰি
নদীৰ পাৰৰ কহুঁৱাই এমোকোৰা হাঁহিৰে
জনাইছে তোমাক উষ্ম আদৰণি
আমিও জনাইছোঁ তোমাক স্বাগতম
তুমি যে আদৰৰ ঋতুৰ ৰাণী।

লগত আনিছা উৎসৱ পাৰ্ৱনৰ
মেটমৰা বোজা
পাতিম বুলি ভাবিছা চাগৈ উলহ মালহেৰে
দুৰ্গা, লক্ষ্মী, দ্বিপান্বিতা আৰু কালীপূজা
অভাৱ অনাটন যদিও হয়
খেতিয়কে কাতি বিহু কৰি আহিছে পালন, 
কিন্তু এইবাৰ দেখোন মহামাৰীয়ে
চলাইছে মৃত্যুৰ বিভীষিকা
ভাবিয়েই পোৱা নাই
এনে জটিল সন্ধিক্ষণত কেনেকৈ
উৎসৱ পাৰ্বন পাতি তোমাক জনাওঁ 
সম্ভাষণ । 

শৰত তোমাৰ আগমনত
ধৰিত্ৰীয়ো হয় আনন্দত উন্মনা
শুকুলা মেঘৰ মাজে মাজে
মন মতলীয়া কৰা মৃদু মলয়াৰ তালত
নাচি উঠে খেতিয়কৰ সপোন
শস্য শ্যামলা ধাননি ডৰা
চকুৱে ঢুকি নোপোৱা দিগন্ত ব্যাপি
সেউজীয়া ধাননিৰ মাজত
দেখিবলৈ পাওঁ তোমাৰ অপৰূপ শোভা
নিজান ৰাতি ভৰা জোনৰ বৰষুণত তিতাৰ
আমেজো যেন সুকীয়া।

শৰত তুমি কেৱল ঋতুয়েই নহয়
তুমি হ'লা আনন্দৰ বতৰা
ভৰা পথাৰ, উৎসৱ পাৰ্বনৰ পয়োভৰ
তোমাৰ বুকুতেই লুকাই থাকে
ডেকা গাভৰুৰ ভৱিষ্যতৰ আশাৰ সপোন
তুমি হ'লা আকাশৰ সাতোৰঙী ৰামধেনু
আমাৰ অতিকে আপোন।

তোমাৰ সৌন্দৰ্য্যক নাযাওঁ পাহৰি
যুগে যুগে কৰি যাম তোমাৰ বন্দনা
তোমাৰ যোগেদিয়েই দুৰ্গতিনাশিনীক
অপশক্তি ৰোধিবলৈ জনাম প্ৰাৰ্থনা।

🖋️ব্ৰহ্মদেৱ গোস্বামী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)