কোনে বাৰু সাজে ধুনীয়া আকাশ

©Admin
0
আমাৰ মূৰৰ ওপৰৰ নীলা আৱৰণটোৱেই আমাৰ আকাশ নামৰ ধাৰণা | দৰাচলতে নীলা বুলি তাত একো নাই | আকাশ অন্ধকাৰ | সূৰ্য্যৰ সাত ৰঙৰ ভিতৰত নীলা ৰঙটো বিচ্ছুৰিত হৈ উপঙি থকাৰ বাবে আমি আকাশ নীলা দেখো | ৰহস্যঘন আকাশক লৈ ৰহস্যৰ শেষ নাই | কি আছে বাৰু আকাশখনত ? আকাশক লৈ কবি,গীতিকাৰ,চিন্তাবিদ, গায়ক সকলোৰে চিন্তাৰ অন্ত নাই | সৰুতে এটা কবিতা পঢ়িছিলো ...
ঘৰবোৰ হেনো সাজে মিস্ত্ৰীয়ে
আৰু সাজে মেজ চকী
কোনে বাৰু সাজে
ধুনীয়া আকাশ
দিয়ে তাত তৰা আঁকি  |

মোৰ চোলাবোৰ বজাৰৰ পৰা
আনি দিয়ে দেউতাই
ইমান ধুনীয়া ফুলক চোলা
নাজানো ক'ত নো পায়  |

আকাশ গঢ়োতা খনিকৰজন
কেতিয়াবা পালে চিনি
তেওঁকেই সুধিম
ইমান ফুলক 
কোনে দিয়ে চোলা কিনি ?

এই খনিকৰজন , যিয়ে আকাশ গঢ়ে তেওঁক যদি কেতিয়াবা লগ পোৱা গ'লহেতেন ? তেওঁ বাৰু ক'ত থাকে ? তেওঁৰ ঘৰ ক'ত ? কোন বাটেৰে গলে তেওঁক লগ পাব পাৰি ? কেনে তেওঁৰ চেহেৰা ? কেনে তেওঁৰ ব্যৱহাৰ আদি কথাবোৰ ভাবিলেই ভাল নালাগেনে বাৰু ? লাগিবৰে কথা | য'ত একো দেখা নাপায় , সেইজন খনিকৰ কেনেকুৱা হ'ব ভাবি থাকিলে ভাবি থাকিবৰ মন যায় | কি নাই আকাশখনত ? গ্ৰহ, নক্ষত্ৰ , হাতীপটী, গ্ৰহাণুপুঞ্জ, তাৰাকাপুঞ্জ, আৰু কত কি ? নিতে নতুন ৰহস্য | নতুন নতুন গ্ৰহ , তাৰকাৰাজ্যৰ সন্ধান আদি | সেইবোৰ কথাকে সুধিবৰ বাবে তেওঁক লগ পাবলৈ মন যায় | লগ পালে সুধিব লাগিব তেওঁ কি যাদুৰে, কি শক্তিৰে, গঢ়িছে আকাশখন | য'ত আঁকি দিছে ইমান ৰহস্য | আকাশখন আৰু খনিকৰজন দুয়োকে চাবলৈ দুৰ্বাৰ হেঁপাহ জন্মে | আন্ধাৰৰ মাজে মাজে পোহৰৰ পথ | 
আকাশত আঁকি দিয়া তৰাফুলবোৰ কম ধুনীয়ানে সেইবোৰ ? তমসাচন্ন নিশা তিৰ্ বিৰাই থকা আকাশখন চাই পাহৰি থাকিব পাৰি শোক , দুখ সকলো | কেতিয়াবা আকাশ হ'বলৈ মন যায় | ইমান উদাৰ | সেয়েহে গায়কে গাইছিল...
    হে আকাশ , উদাৰতা সিঁচি দিয়া .....
   তাত ৰ'দ , বৰষুণ , ধুমুহা, গাজনী, শিলাবৃষ্টি এইবোৰৰ আঘাট সহ্য কৰিও আনক আনন্দ দিব পাৰে , কন্দোৱাব পাৰে, সেয়াই বাৰু উদাৰতা নেকি আকাশৰ ? ভাবি পাৰ নোপোৱা কথাৰ অলংকাৰেৰে সজ্জিত আকাশ | সেই সকলোবোৰৰ অধিকাৰ কেৱল খনিকৰজনৰ | সেয়েহে গায়কৰ সুৰেৰে কবলৈ মনযায় হে আকাশ উদাৰতা সিঁচি দিয়া , মানুহৰ মনাকাশ কলিয়া ডাৱৰে ঢাকি ধৰিছে | তাক ধুই নিকা কৰিবৰ বাবে লাগে আমাক আকাশৰ উদাৰতা | হে আকাশ আমাকো উদাৰ কৰি তোলা তোমাৰ মহানতাৰে  |
   
   🖋️হেমেন হাজৰিকা,মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)