অসীম ভাৱনাত বুৰে
মোৰ মন
ভাবৰ নাওঁখনি
উজাই য়ে বাওঁ ।
কেতিয়াবা আনন্দৰ জোৱাৰ
কেতিয়াবা বেদনাৰ বান ।
ভাবনাৰ নাই ওৰ
পৰেগৈ খৰস্ৰোত
হাবু ডুবু খাওঁ
নেপাওঁ চোন পাৰ
অথাই সাগৰত
পৰি তল যাওঁ ।
ভাবতে ঢৌ খেলি
সাতুৰি নাদুৰি
ক'লৈ যে যাওঁ ।
ওখ ওখ শৃংগত গৈ
ভাবৰ সাগৰত হওঁ
ইপাৰ সিপাৰ
পিছলৈ যে ঘূৰি
নাচাওঁ ।
ভাবতেই আকাশলংঘী
তৰালীৰ সৈতে
উমলি জামলি
সূৰুযৰ দেশো পাওঁ
এচেৰেঙা পোহৰো হওঁ ।
নৈ হৈ বৈ যাওঁ
পখী হৈ উৰি যাওঁ
সুৰ হৈ বাজনাত বাজো
অসীম ভাৱনাত
ছন্দত যেন মই
তালে তালে নাচো ।
✍️যোগদামোহন গগৈ ,চাচনী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ