মাথোঁ নাৰী হোৱাৰ অপৰাধ

এন্ধাৰ নামি আহিছিল হঠাতে
চহৰখনৰ প্রান্তে প্রান্তে,
এজাক চেঁচা বতাহে, 
কোবাই গৈছিল
পঁজাঘৰবোৰৰ দুৰ্বল বেৰাবোৰ 
কঁপি উঠিছিল---
নিৰাপত্তাহীনতাত শুই থকা 
কংকাল সাৰ জীৱিত আত্মাবোৰ।
জিঁকাৰ খাই উঠিছিল সমগ্ৰ মানৱ সত্বা
এজনী জীৱিত গাভৰুৰ 
হিয়াভঙা কান্দোনৰ ৰোল,
যন্ত্ৰণাকাতৰ মৰণ আৰ্তনাদ 
যেন বিয়পি পৰিছিল  
হাথৰসৰ আকাশে বতাহে ।
নাৰী হৈ জন্মাই যেন অভিশাপ, 
নাৰী হোৱাই তাইৰ পাপ ।
উশাহ ল'বলৈ তাইৰ নাছিল
এখন মুক্ত আকাশ,
নাছিল নিৰ্মল বায়ু --
কাৰোবাৰ ত্ৰাসত হেৰাই গৈছিল ক্ৰমশঃ
তাইৰ নৱযৌৱনা উচ্ছল হাঁহি ।
যমদূতৰ দৰে অহা সিহঁত
মানুহ ৰূপী দানৱ, লম্পট--
সমগ্ৰ শৰীৰ নেফানেফ কৰি
নপলালে জৈৱিক ক্ষুধা;
থেকেচি ভাঙিলে দেহৰ হাড়
কৰিলে অংগক্ষত
উফ ! কি ভয়ানক
মানুহ বুলিবলৈ লাজলগা ।
কি উত্তৰ প্ৰদেশ, কি দিল্লী
কি ৰাজস্থান --
সমগ্ৰ দেশৰ
প্রতিজনী নাৰী আজি যেন
হৈ পৰিল বিবস্ত্ৰা, নিৰ্যাতিতা,
নাৰীৰ মনত এতিয়া
এক প্ৰচণ্ড অপৰাধবোধ,
ভয়, শংকা আৰু নিৰাপত্তাহীনতা ।
অতীজৰ দু:শাসনৰ হাততে হওক
আজিৰ অসুৰৰ হাততে হওক
নাৰী এতিয়াও লাঞ্চিতা, 
দোষ মাথোঁ একেটাই
এই পৃথিৱীত নাৰী হৈ জন্ম লোৱা ।

✍️কুঞ্জলতা গগৈ

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send