যাত্রা~অণুগল্প-অৰুণিমা ভট্টাচাৰ্য্য

©Admin
0
"হেৰি, অকণমান ৰওঁকচোন।"
কথাষাৰ শুনি মানুহজন থমকি ৰ'ল।
"ওলায়েই অমংগলীয়া জনীক দেখিব লাগেনে? আজি যাত্রা ভংগ।"
পত্নীৰ বিৰক্তি ভৰা মুখ খনলৈ চাই তেওঁ ক'লে, "আজিৰ যুগতো এইবোৰ বিশ্বাস কৰেনে?"
"আপুনি নামানিলেওঁ, মই মানোঁ, অন্ধবিশ্বাস বুলি ক'লেওঁ কওঁক।"
   গাড়ীখনৰ সন্মুখেৰে পাৰ হৈ যোৱা ক'লা মেকুৰীটোৰ চকু দুটা ৰাতিৰ এন্ধাৰত উজলি উঠিল।
                           
 ✍️অৰুণিমা ভট্টাচাৰ্য্য।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)