অংক জংক পংক-০১ (শিশু প্ৰেৰণামূলক কাহিনী)

©Admin
0

প্ৰাৰ্থনা সমাপ্তিৰ লগে লগে ছাত্ৰছাত্ৰী সকলে শাৰী পাতি নিজৰ নিজৰ শ্ৰেণীকোঠাত প্ৰৱেশ কৰিলে ৷ 

দশম শ্ৰেণীৰ ছাত্ৰছাত্ৰীসকলেও শ্ৰেণী কোঠাত সোমাই নিজৰ নিজৰ স্থানত বহিল এনেতে অংক ছাৰ আহি শ্ৰেণী কোঠাত প্ৰৱেশ কৰিলে ৷

ছাত্ৰছাত্ৰীঃ  ( বহাৰপৰা উঠি ) গুড মৰ্ণিং ছাৰ ৷

অংক ছাৰঃ ভেৰী গুড মৰ্ণিং হ'ব বহা ৷ 

অংক ছাৰঃ ( চকীখনত বহি অংক কিতাপখন মেলি ছাত্ৰছাত্ৰীলৈ চাই ) বাৰু তোমালোকৰ হুম ৱৰ্ক কৰি আনিছা নহয় সকলোৱে বহি আনি মোৰ টেবুলত জমা দিয়া আৰু মনে  মনে বহি থাকা ৷

ছাত্ৰছাত্ৰী সকলে লগে লগে নিজৰ বহি লৈ অংক ছাৰৰ টেবুলত থৈ আকৌ নিজ নিজ স্থানত বহিল ৷ তাৰে এজন ছাত্ৰ বহি জমা নিদি খোচামতি কৰি আছে তাকে দেখি অংক ছাৰঃ আৰে পংকজ পণ্ডিত কি হ’ল বহি জমা দিয়া নাই কিয় তোমাক কি স্পিচিয়েলি কব লাগিব সোনকালে বহি লৈ ইয়াত জদা দিয়া ৷

পংকজঃ ( ভয়তে মুখ কাণ শুকাই মূৰ তল কৰি ) ছাৰ ম-- ই হুম ৱৰ্ক কৰা নাই ৷

অংক ছাৰঃ ( খঙত এচাৰিডাল হাতত

 তুলি ) অ হয় নেকি বাৰু কিয় নকৰিলা এইফালে আহা জল্দি ৷

পংকজ ভয়ত কঁপি কঁপি অংক ছাৰৰ সন্মুখত গৈ থিয় দিলে ৷

 অংক ছাৰঃ (  কিতাপখন লৈ পাত 

লুটিয়াই ) ঠিক আছে এতিয়া কোৱাচোন ৪ বৰ্গমূল কিমান ?

কিন্তু পংকজে একো উত্তৰ নিদি মৌন হৈ থাকিল ৷

অংক ছাৰঃ ( খঙৰ ভমকত পংকজক মাৰি মাৰি এচাৰি ভাঙি পেলালে ) গৰু ৪ বৰ্গমূল কি এইয়া নাজানা কিন্তু মবাইলত ফ্ৰী ফায়াৰ খেলিবলৈ ভালকৈ জানা ৷ হাঁ হাঁ হাঁ মবাইল পাই পঢ়া পাহৰি গৈছা যা বহাগৈ ৷

পংকজ মাৰ খাই মনৰ বেজাৰত সেই গোটেই দিনটো এনেদৰেই কটাই দিলে ৷

এনেকৈ সদায় পংকজৰ এই গতি হয় অংক নকৰাৰ বাবে তাক সদায় অংক ছাৰে গৰু পিটন দিয়ে ৷ জানুৱাৰী মাহ শেষ হোৱা মাত্ৰকে ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় সপ্তাহত পংকজহঁতৰ প্ৰথম গোট পৰীক্ষা আৰম্ভ হ’ল ৷ অন্য বাৰৰ দৰে এইবাৰো পংকজে অংকত ফেইল মাৰিলে ৷ অংক ছাৰে আকৌ তাক শাস্তি বিহিলে ৷ পংকজে ভাৱি পোৱা নাই কেনেকৈ অংক বিষয়টোত ৰিজাল্ট ভাল কৰিম ৷ এদিন সি এই বিষয়ে মনোবৈজ্ঞানিকৰ কাষ চাপিল ৷ 

পংকজঃ ছাৰ মই অংক বিষয়টোত ইমান বেয়া কিয় ৷ যিমান চেষ্টা কৰিলেও অংক বিষয়টো বুজিয়েই নাপাওঁ ৷


মনোবৈজ্ঞানিকঃ ঠিক আছে বাৰু এই বিচনাখনত শুই যোৱা ৷

পংকজঃ ( বিচনাখনত বাগৰি ) হব ছাৰ ৷

মনোবৈজ্ঞানিকঃ ( পেণ্ডলামডাল পংকজৰ সন্মুখত লৈ ) এক দুই তিনি এতিয়া তোমাৰ বৰকৈ টোপনি ধৰিছে তুমি লাহে লাহে গভীৰ টোপনি যোৱা ৷ তুমি এতিয়া গভীৰ টোপনি গৈছা ৷ এতিয়া লাহে লাহে তুমি তোমাৰ গণিত কিতাপখনত চোৱা কি দেখিছা ৷

পংকজঃ ( গণিত কিতাপত চাই ) হয় মই গণিত কিতাপত অংক ছাৰক দেখিছোঁ তেওঁ এচাৰিডাল লৈ ৰৈ আছে ৷

মনোবৈজ্ঞানিকঃ কাষলৈ যোৱা আৰু কিতাপখন মেলি চোৱা ৷

পংকজঃ নাই নাই ছাৰ মই নাযাওঁ অংক ছাৰে মাৰিব ৷

মনোবৈজ্ঞানিকঃ ঠিক আছে ।এতিয়া তুমি লাহে লাহে টোপনিৰ পৰা সাৰ পাইছা ৷

পংকজঃ ( শুৱাৰ পৰা উঠি ) ছাৰ কি গম পালে ৷

মনোবৈজ্ঞানিকঃ তুমি অংক বুজি নোপোৱাৰ কাৰণটো অংক ছাৰৰ প্ৰতি থকা ভয় গতিকে তুমি প্ৰথমে অংক ছাৰৰ প্ৰতি থকা ভয় আঁতৰাব লাগিব তাৰ পাছতেহে কিবা হব ঠিক আছে ৷

পংকজঃ ঠিক আছে ছাৰ এতিয়া মই আহিছোঁ ৷

পংকজৰ সমস্যা সমাধান নোহোৱাত সি মনৰ বেজাৰত ঘৰলৈ উভতিল ৷

                আগলৈ


🖊️দুলাল ৰবিদাস








Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)