পৰিৱেশ ~ অণুগল্প - বিশ্বজিৎ সূত

©Admin
0
   আজি বিশ্ব পৰিৱেশ দিৱস । বৰাৰ ছুটীয়েই নাই । সকলোতে নিমন্ত্ৰণ । অ'ত বোলে গছপুলি ৰোপণ, ত'ত বোলে গছপুলি ৰোপণ । এঠাইৰ পৰা আহি থাকোতে বাটতে কলিতাক লগ পালে । কলিতাই বৰাক দেখি মাত লগালে । 

কলিতা- হেৰি বৰা, ক'ৰ পৰা আহিল ? 

বৰা- এ নক'ব আৰু বুজিছেনে কলিতা । আজি মোৰ ছুটীয়েই নাই । সমাজৰ কামতে গৈছিলো । গছপুলি ৰোপণ কৰি আহিলো । পাছে, আপুনি ৰোপণ কৰিলেনে নাই ? 

কলিতা- মই আকৌ আপোনাৰ দৰে নিমন্ত্ৰণ ৰক্ষা কৰি গছপুলি ৰোপণ নকৰো নহয় । ফটোও নুঠো । মাহটোত কিমান পুলি ৰোৱা হয় হিচাপ নাই । যত্নও লওঁ । আপোনাৰ দৰে আজিয়ে ৰুই দায়িত্ব নাসামৰো নহয় । বিশেষ দিন বুলি মোৰ একো নাই । 

বৰা- আপুনি কথাখিনি বৰ বেলেগ কৈ ক'লে দেখোন কলিতা । 

কলিতা- কি বুলি ক'ম আৰু এনেকৈ নকৈ । আপোনালোকে প্ৰকৃতিখন ধ্বংসহে কৰিছে । দেখুৱাই ৰুইছে, ফটো উঠিছে । নিজৰ দায়িত্ব সামৰিছে । তাৰ জানো কোনোবাই কিবা যত্ন লৈছে । যোৱাবছৰ ঘৰৰ ওচৰত ৰোৱা ঘেৰৰ মাজত গছপুলিটো আছেনে নাই সময় পালে এবাৰ চাবচোন । 

বৰা- এ কলিতা, মই যাওঁহে মোৰ দেৰি হৈছে । 

কলিতা- এ ৰ'বহে । গছ থাকিলেহে মানুহ থাকিব । আগতে সচেতন হৈ নিজৰ পৰিৱেশটো নিকা কৰক । সেউজীয়া পৃথিৱীখন ধ্বংস হৈ যাবলৈ নিদিব । পৰিৱেশক ৰক্ষা কৰক । তাৰ পাছত সমাজৰ কথা ভাবিব ।। 

✍️বিশ্বজিৎ সূত
বালিজান, চতিয়া

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)