য’ত একো নাই কিজানি তাতেই একোটা জীৱন সোমাই থাকে
শূণ্য হয় য’ত হাতৰ ৰেখা
কিজানি তাতেই পিটপিটাই ঘূৰি ফুৰে মৃত্যুৰ পৰা জীৱনলৈ উভতিব পৰা চুটি উশাহ একোটা
কোনে কয় জীৱন মাথোঁ এটা ধূলি ধূসৰিত কামিজ?
জীৱন কিজানি মৰাৰ পিছতো জী উঠিব পৰা একোটা বীজ
অথবা আত্মাৰ কবৰৰ পৰা মৰাশক তুলি আনিব পৰা একোটা তাবিজ
আমাৰ চকুত টোপনি বাকি দিয়া
শিলৰ বুকুতো পৃথিৱীৰ ভূগোল আঁকি দিয়া
জীৱন এক পাখি লগা মুক্ত চৰাই
শূণ্যতাবোৰেও পূৰ্ণতা পায় ইয়াৰ পৰাই
য’ত মৰি মৰি জীয়াই থকা যায়
অথচ মৰি যাবলৈ অলপো আজৰি নাই।
✍️ৰাহুল লহকৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ