জীৱনৰ গতিপথ ~অণুগল্প-ৰুমী কলিতা দত্ত

প্ৰাকমুহূৰ্তত বাসন্তী প্ৰেমেৰে লুতুৰি পুতুৰি হৈ বিবাহ পাশত আৱদ্ধ হ'ল ।
এজন ৰঙা- বগা চফল ডেকাৰ সৈতে জীৱন সজোৱাৰ সপোন, ঘৰখন চলিব পৰাকৈ নিজৰ জোখাৰে উপাৰ্জন কৰি ল'ব পাৰিব ।
জীৱনৰ মধুৰতম সময় ন- বোৱাৰী সাজেৰে. ..
কত কল্পনা কত আশা বুকুত বান্ধি আগুৱাই যাবলৈ চেষ্টা কৰিলে, এটি সন্তান আহি বুকু ভৰাই পেলালে , দ্বিতীয়টি সন্তান আহি পূৰঠ কৰিলে ।

পিছে স্বামীৰ মন সলনি হ' ল, বজাৰ সমাৰ কৰি মদ খাই আহিবলৈ ধৰিলে ।
এদিন দুদিনকৈ অত্যাচাৰ বাঢ়ি গ'ল , বজাৰৰ বস্তু বাটে ঘাটে বিলাবলৈ ধৰিলে।
ইফালে বাসন্তী তিনিটা সন্তানৰ মাতৃ হ'ল।

পাঁচটা সন্তানৰ জন্মৰ পিছতেই স্বামীয়ে ঘৰ এৰি গুছি গ'ল যেনিতেনি ...

বাসন্তীয়ে বৰ কষ্টেৰে জংঘলৰ শাক পাত বুটলি সিহঁতৰ পোহৰৰ পাল দিলে ।
পাছে মদৰ ৰাগিত মাতাল স্বামীয়ে দেখা দি এটি এটি কৈ ন- টি সন্তান জন্ম দিয়ালে ।
খাবলৈ নাই চাউল, পিন্ধিবলৈ নাই কাপোৰ থাকিবলৈ মাথো এটি তৰাজিলিকা জুপুৰি ।

দিন বাগৰিল ... যেনেতেনে চাউলমুঠি গোটাই বাসন্তীয়ে নিমখ এজেবাৰ সৈতে সন্তানৰ আগত দিয়ে, মাজে মাজে ৰঙালাও বইল ।
কঠালৰ বতৰত কঠাল খাই জীৱন প্ৰৰ্বতায় ।

সময়ৰ তীব্ৰ গতিত সন্তানে নিজৰ ভৰিৰ ওপৰত থিয় হ'ব পৰা হ'ল, পিছে কি হ'ব কথাতে কয়- বাপেক চাই পুতেক।
শেষৰ দুজনী ছোৱালীৰ বিয়াৰ কথা... দেউতাকৰ লগত কাৰো দেখা দেখি নাই, খবৰ নল'লে , সিহঁতে নিজৰ স্হান নিজেই ললে ।
লাহে লাহে বাসন্তী ৰোগীয়া হৈ পৰিল , তাইৰ বয়স বৰ কম । চল্লিশ কি পঞ্চলিশ ...
যৌৱনৰ দিনবোৰ সুঁৱৰি তাই সময়বোৰ পাৰ কৰে ।
পু- দিলে বোৱাৰীৰ বুকুত।
জী- দিলে জোৱাই বুকুত।
ৰোগীয়া দেহাটোৰ ওপৰত নিসংগতাৰ বোজা
পুত্ৰ- কন্যাই মাজে মাজে চিকিৎসা কৰি কিছু সকাহ দিয়ে।
পিছে স্বামীৰ ত্যাগে তাইৰ জীৱনৰ মোহ নাইকিয়া কৰি তুলিছে।
এনেকৈয়ে চকুলো বোৱাই নিৰৱে বাসন্তীয়ে ভগৱানৰ ওচৰত দেহাটো এৰি দিলে ।
শেষত অতি কম বয়সতে তাইক ভগৱানে নিজৰ কাষলৈ লৈ গ'ল স্বামীয়ে কিন্তু নুবুজিলে ।বহু দূৰৈত এক নতুন আলিংগনত তেওঁ বন্দী হৈয়ে থাকিল ।
শৱদেহ সৎকাৰৰ সময়ত ভিডিঅ'ক'ল কৰি পত্নীৰ চিতা চালে .. . যৌৱনৰ প্ৰেমত মাতাল তেওঁৱেই আছিল বাসন্তীৰ প্ৰেমিক।

✍️ৰুমী কলিতা দত্ত

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send