মই অসমীয়া

মই অসমীয়া লুইতপৰীয়া,
অসমীয়া মই শৰাইঘটীয়া।
শংকৰ-আজানৰ দেশৰ 
বায়ু পানী খাই 
জীৱন জিনাৰ পণ লৈ,
আগুৱাই যাওঁ
 সংগ্ৰামৰ বাটত,
নিৰ্ভীক সেনানী হৈ।
অতীজৰ গৌৰৱময় ইতিহাসৰ চানেকিৰে আজিও  প্ৰেৰিত মই অসমীয়া,
সতী  জয়মতী, মূলাগাভৰু, কনকলতাৰ আদৰ্শ  আমাৰ যাউতিযুগীয়া।
উত্তৰ পূৰ্বাঞ্চলৰ মনোমোহা কীৰ্ত্তিৰে উজ্জ্বলি থকা
অসম দেশৰ মই  সন্তান , 
সাতোভনীৰ ঐক্যতাৰ জয়গান গাই
বিশ্বত বিয়পাওঁ  সমতাৰ গান।
মই অসমীয়া,
ৰূপকোঁৱৰ, কলাগুৰু,সুধাকন্ঠ আৰু কালজয়ী অসংখ্য জনৰ গুণ-গৰিমাৰে হওঁ ‌ ধন্যা,
সাহিত্য সংস্কৃতিৰ পথাৰত
সিঁচি সঁজাল কঠিয়া,
বৰ অসম কৰোঁ 
সবাতোকৈ ধুনীয়া।
মই অসমীয়া,
হাজাৰ শতৰুক কৰোঁ পৰাভূত
পৰাক্ৰমী বীৰ লাচিত হওঁ,
হিংসা, কপটতা, 
ভেদাভেদ নাশি
জনমভূমিৰ  হকে 
নিতে যুজি যাওঁ   ।
এইখন অসমৰে মই হ'লো অসমীয়া,
অসমী আই
ভাৰতৰ নুমলী জী,
অসম মাতৃৰ  সন্মান
সদায়েই ৰাখিম মই
পণ ল'লো আজি!!

🖋️ ৰীতামণি বৰদলৈ 
         (গুৱাহাটী)

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send