প্ৰতিবিম্ব

©Admin
0
মুখত ভঙা চামুচ লৈয়ে 
হয়তো তাৰ জন্ম 

প্ৰতিকুল প্ৰতিবন্ধক সমুখত
তাৰ আজন্ম সহচৰ
অতিক্ৰম কৰে মাজে মাজে
কিন্তু জয় কৰিব নোৱাৰে

দুপৰীয়াৰ সেন্দুৰী ৰ'দত
বিয়লিও শগুণী জর্জৰতা

ইউজেদ মাৰ্কেটত তাৰ
নৱপ্ৰস্তৰ যুগৰ আচৰণ
অৰণ্যত বহি অকলশৰে
জুই জ্বলাব নিজেই শিকিছে
 
মাজে মাজে সি
চামুচখন লাহেকৈ চুই চায়
এৰা সেইখন একেই আছে 

বুঢ়া আবেলি
আকাশেৰে এজাক বগলীৰ
ধ্ৰুপদী গমন
নামি আহি তাৰ কপালত 
বগা ফোঁট দি যোৱা হ'লে
তাৰ কলিজাৰ টান গাঁঠিটো
সুলকি পৰিলহেঁতেন

সৌৱা পশ্চিমত 
দূৰৰ ওখ শিমলু জোপাৰ 
ফেৰেঙণিত ঘৰলৈ বুলি
বেলিয়ে ক্ষন্তেক ভাগৰ জুৰাইছে
তাৰ কপালত বগা ফোঁটৰ সলনি
এতিয়া বেলিটোৰ প্ৰতিবিম্ব ।

 ✍️সৌৰভ কুমাৰ বৰুৱা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)