ঋতু সন্ধি-ৰণ জ্যোতি নাথ


প্ৰকৃতিৰ পদূলিত সমাগত 
ঋতু সন্ধিৰ অপৰূপ মেলা,
শৰৎ আৰু বৰষাৰ মুখা মুখি বেলা।
আকৌ আহিব শৰৎৰ মধুৰ প্ৰভাত,
ধৰাৰ পদূলি হব উদুলি-মুদুলি
বসুন্ধৰাই পাৰিব কোমল শীতৰ শেতেলি।
শৰৎৰ চুপহিত নিযুত সপোন
এটি দুটি পাহি মেলি আকৌ পৰিব সৰি
দুবৰিয়ে আলাসতে ধৰিব সাৱটি
বিনিদ্ৰ ৰজনীৰ জোন তৰালিয়ে
তাতেই বঢ়াই তুলিব শোভা,
উলাহতে সিঁচি দিব ৰূপোৱালী আভা।
পছোৱাৰ সাজেৰে বৰষাইয়ো এদিন
ঢপলিয়াই আহিছিল ধৰাৰ বুকুলৈ
শুস্ক ধৰাৰ বকু কৰিব জীপাল,
মেদিনীক সজালে সেউজীৰ ভঁৰাল।
বৰষাৰ বেলি পিছে লহিয়াবৰেই হ'ল,
নিলিমৰ ক'লা ডাৱৰ কিম্বা শুকুলা চাদৰ
দিগন্ততেই হেৰাই গ'ল।
ঈৰ্ষা প্লাৱনৰ গগনচুম্বী লহৰ
প্ৰশান্তৰ বুকুত হ'ল নিমাত নিথৰ
একা চেকা বৰষাই নোৱাৰে সহিব
নিষ্ঠুৰ পৰাজয়ৰ গ্লানি,
শৰৎৰ আগমনত আজি পিছে বৰষা
হৈ পৰে শাৰদী ৰাণী।

✍️ৰণ জ্যোতি নাথ
মৰিগাঁও

Post a Comment

Previous Post Next Post