মই এজনী ছোৱালীয়ে কৈছো-জয়শ্ৰী দাস

হেৰৌ ল'ৰাহঁত শুনিছনে ? 
মই এজনী ছোৱালীয়ে কৈছো
মোৰ ভগ্ন হৃদয়ৰ কথা। 
হেৰৌ তহঁতে ক' 
ছোৱালীবোৰ হেনো মিছলীয়া, 
আৰে! কেতিয়াবা ভাবি চাইছনে?
ছোৱালীবোৰ মিছলীয়া হ'ল কেতিয়াৰ পৰা? 
এবাৰ ভাবিবিচোন ছোৱালীবোৰৰ হৃদয়খনৰ কথা। 
বহুত হেপাঁহেৰে যেতিয়া আমি তহঁতৰ মাজৰে এজনক হৃদয়খন দিওঁ
বুকুত মৰমৰ ঢৌ উঠে, যৌৱনে আমনি কৰে
আত্মহাৰা হৈ পৰো নিজৰ জীৱনক লৈ 
আৰু সেই দুৰ্বলতাৰ সুযোগ লোৱাও আছে তহঁতৰ মাজতেই। 
প্ৰেম‌ সদৃশ নাটক খনে আমাৰ বহুতকে পাগল কৰি দিয়েও। 
তহঁতৰ বহুতে এতিয়াও বুজি নাপায় প্ৰেমৰ মূল্য। 
প্ৰেম মানে বিবাহ নহয়, সেইবুলিয়ে জানো ধ্বংস হ'ব পাৰে।
সেয়েহে আমিও এতিয়া সাহসী হৈছো 
তহঁতৰ দৰেই আমিও এতিয়া প্ৰেম মানেই বিবাহ নহয় ক'বলৈ শিকিছো। 
প্ৰতাৰণা কৰিবলৈ শিকিছো। 
নিজকে তহঁতৰ লগত ফেৰ মাৰিবলৈ প্ৰস্তুত কৰিছো। 
সেয়েহে আমাক মিছলীয়া বুলি ক' ন?
আমি নাৰী, আনক দুঃখ দিব নিবিচাৰো।
কিন্তু আমিতো পুতলাও নহয়।   
আমি নাৰী। 
মই এজনী ছোৱালীয়ে কৈছো।

✍️জয়শ্ৰী দাস।

Post a Comment

Previous Post Next Post