আধুনিকতা-সান্নিধ্য শইকীয়া

©Admin
0
আধুনিকতা পৃথিৱীখনৰ মাজত,
বাটৰুৱা মানুহজন
একাঁ-বেকাঁ পথৰ মায়াজালত।
ক'ত নো হেৰাল
পথৰ দুয়োকাষে, বিলাসীতাৰে ভৰা
সু-উচ্চ অট্টালিকা।
এই মায়া সদৃশ বিলাসীতা পূৰ কৰিবলৈ,
মানুহবোৰ হৈ পৰিছে কৰ্মব্যস্ততা।
এইবোৰৰ মাজত হেৰাই গৈছে,
মানুহৰ বাবে মানুহৰ মানৱীয়তা,আন্তৰিকতা।
আধুনিকতাৰ বিলাসী জীৱনৰ মাজত,
মাজনিশা চলি থাকে বৰ্বৰ  মানুহৰ,
মুখা পিন্ধা ভদ্ৰতাৰ নগ্ন শৰীৰৰ ভিন্ন অশ্লীলতা।
স্বৰ্গৰ দৰে সু-সজ্জিত দলিচাৰ মাজত চলি থাকে টকাৰ ব্যৱসায়।
এই সুন্দৰ পৃথিৱীখন যিমানেই আধুনিক কৃত্ৰিমতাৰ
দিশে আগবাঢ়িছে,
সিমানেই বাঢ়িছে কু-কৰ্ম আৰু অশ্লীলতা ।
এয়াই আমি,সকলো মানুহ জীয়াই থকা,
পৃথিৱীখনৰ আধুনিক কৃত্ৰিমতা।
আমি সকলো দেখিছোঁ, কিন্ত একো দেখা নাই।

✍️সান্নিধ্য শইকীয়া।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)