এনেকৈ নিদিবা মোক অন্তিম বিদায় (দৃশ্য -4)~উপন্যাস- মিণ্টু দোলাকাষৰীয়া

 " কি হ'ল বে ? কেচটো নগেন নে খগেন ? নে শুকান পুখুৰীত বগলী ধপধপনি ? " ----- প্ৰৱিত্ৰই ধেমালিৰে মোক কৈছিল ।
" মাৰ পালে গম পাই যাবা  । তেতিয়া নগেন , খগেন কাকো চিনি নাপাবা ।  শুকান পুখুৰীত বগলীৰ ধপধপনিৰ উমান পাই যাবা । দেখিছা নাই , সৌ ফালে চোৱা ছাৰৰ হাতত সোতৰ নম্বৰ বেটডাল আছে আজি । পিঠিত বেটডালে মৰম কৰিব লাগে যদি পেটপেটাই থাকা । কাম নাই আৰু , শাৰী পাতা ।"
        শ্ৰীকুণ ছাৰৰ হাতত এডাল শকত চাৰি ফুট দৈৰ্ঘ্যৰ বেত আছিল । প্ৰাৰ্থনাৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলে  ভালদৰে শাৰী নাপাতিলে , ঠেলা-হেঁচা কৰি থাকিলে ছাৰে ভালদৰে পিটন দিয়ে । সেয়ে ছাৰে বেত লৈ থাকিলে সকলোৱে নিৰৱ হৈ শাৰীবোৰ সুন্দৰকৈ পাতে । প্ৰাৰ্থনা শেষ হ'ল । শ্ৰেণীকক্ষত সোমালোঁ । কিন্তু নিৰ্জুমণিয়ে এবাৰো মোৰলৈ চোৱা নাছিল । প্ৰথম কলাংশ পাৰ হৈ গ'ল । দ্বিতীয় কলাংশ আছিল গণিত । গণিতৰ শিক্ষক যোগল ছাৰ । গণিতৰ কলাংশ আহিলেই আমি সকলোৱে কঁপি থাকোঁ । ছাৰৰ কলাংশত আমি দল ভাঙি পৃথক পৃথক বেঞ্চত বহোঁ যিটো ছাৰৰ কাঢ়া নিৰ্দেশ আছিল । মই গৈ বহিলোঁগৈ প্ৰথম বেঞ্চৰ প্ৰথমত । ছাৰৰ টেবুলখনৰ নিচেই ওচৰতে । ভাবিছিলোঁ নিৰ্জুমণিয়ে এবাৰ হ'লেও মাতিব , কিন্তু মোৰ ফালে কেয়াকৈও নাচালে । গণিতৰ কলাংশ অন্ত পৰিল । নিজৰ আসনলৈ ঘূৰি আহিলোঁ । 
" অই কেচটো কি ? মন কৰিছোঁ আজি দুয়ো নিমাত যে ? "--যোগেশ্বৰে সোধিছিল ।
" বিশেষ একো হোৱা নাই ।"
" আমাৰ পৰাও কথা লোকোৱাব খুজিছ । মানে আমি একোৱেই নহয় তোৰ । " 
" মই জানোঁ ক'লোঁ তেনেকৈ । দুখতে দুখ দিছা যে ।"
" কালি পৰা তহঁত  দুটাৰ মাজত কিবা হৈ আছে । ক' চোন কি হৈছে ? মিলাই দিম নহয় । চিন্তা নকৰিবি । হাম হেই না ।"
" শুনা , তোমালোকেতো জানাই মোৰ কথা যে মই সপোনৰ বন্ধু-ভাইটিৰ অন্বেষণত আছোঁ । সেয়ে তাইৰ পৰা কিছু আঁতৰত থাকিব বিচাৰিছোঁ । সেই কথা তাইক ক'লোঁ । মনত দুখ কৰি আছে । সেইকাৰণে মোৰ মনটোও ভাল লগা নাই ।"
" চিন্তা নকৰিবি । টিফিনৰ সময়ত সকলো ঠিক হৈ যাব । "
         সময়বোৰ বাগৰি বিৰতিৰ কলাংশ সমাগত হ'ল । সকলোৱে শ্ৰেণীৰ পৰা ওলাই গ'ল । মই ডেস্কখনতে মূৰটো থৈ শুই আছিলোঁ । যোগেশ্বৰহঁতো ওলাই গৈছিল । পাঁচ মিনিট মানৰ পাছত যোগেশ্বৰ মোৰ ওচৰলৈ আহিল ।  ক'লে --"ব'লা ফিল্ডত বহোঁগৈ । সকলোৱে তাতে বহি আছে । তোক মাতি পঠিয়াইছে ।"
" নিৰ্জুমণি ক'ত আছে ? " 
" তাতে আছে বৈ ।"
ভাবিলোঁ , শেষ বাৰৰ বাবে এবাৰ কথা পাতি আহোঁগৈ । মই মনটোক নিয়ন্ত্ৰণাধীন কৰিব পৰা নাছিলোঁ । কি কৰোঁ , কি নকৰোঁ লাগি আছিল । এফালে নিৰ্জুমণিৰ প্ৰতি মন , আনফালে বন্ধু-ভাইটিৰ প্ৰতি হেঁপাহ । অৱশেষত ফিল্ডলৈ যোৱা কথাটো থিৰাং কৰি গ'লোঁ । দেখিলোঁ ,সকলোৱে গোল হৈ বহি আছে । ওচৰত গৈ পোৱাত সুৰভিয়ে ক'লে --বহা বহা , কি কৰি আছিলা ?  ইয়াত তোমাৰ বাবেই আমি ৰৈ আছোঁ  ।
"  এনেই ৰোমতে বহি আছিলোঁ । " 
" তোমালোক দুজনে আজি বৰকৈ কথা পাতা নাই যে  কি হ'ল নো ?  প্ৰথমে কোনে ক'ব , নিৰ্জুমণিয়ে নে তুমি ? " 
" মই  মাতিছোঁ নহয়  । কিন্তু কাইলৈৰ পৰাহে তাইক নামাতো বুলি কৈছোঁ । " 
" কিয় ?" ---ৰেণুমনিয়ে আৰ্তনাদ হৈ মাত দিলে । বাকীসকলেও মোৰ চকুলৈ চালে ।
" তোমালোকে জানিও নাজানাৰ ভাওঁ ধৰিছাঁ । হয়তো বহুত দিন হোৱা বাবে পাহৰিয়ে গ'লা চাগে , মোৰ সপোনবোৰ কথা । "--- নিৰ্জুমণিৰ ফালে চাই লাহেকৈ  কথাবোৰ ক'লোঁ ।
" সপোনৰ লগত কি সম্পৰ্ক আছে , ইয়াক মাতা নামাতাক লৈ ।" ---- মাজনিয়ে সোধে ।
  বলিনে ক'লে -" মাজনি , তুমি নুবুজিবা এইবোৰ বহুত কথা । তাতে বহুত পুৰণি । তোমাৰ মনত নাই চাগে , এই ঘটনাটোৰ কথা । নিৰ্জুমণিয়ে বাৰু নাজানে । "
" ময়ো নাজানোঁ । কোৱা চোন কথাটো কি ? " 
" মিণ্টুৱে আমাৰ আগতে প্ৰতিজ্ঞা লৈছিল যে জীৱনত সোপনৰ ভাইটি আৰু বন্ধুক লগ নোপোৱালৈকে কোনো ছোৱালীৰ লগত প্ৰেম নকৰে আৰু বিয়া নাপাতে । ভালদৰে পঢ়া-শুনা কৰিব । এই প্ৰতিশ্ৰুতিটো জানোঁ আমিয়েই ল'বলৈ কোৱা নাছিলোঁ । "
" বন্ধুজনৰ সপোনটো কোৱা দিনাখন মই আছিলোঁ  কিন্তু ভাইটিৰ সপোনটোৰ কথা কওঁতে মই নাছিলোঁ চাগে । মনত পৰা নাই । বাৰু সপোনটো আজি আকৌ ক'বা নে ? ময়ো শুনিম আৰু নিৰ্জুমণিয়েও শুনিব । আজি অন্তিম দিন বুলি ধৰি লোৱা । কোনো দিনেই আৰু আজিৰ পৰা এনেদৰে আমি মেল পাতি  নবহোঁ ।" 
   সকলোৱে এক স্বৰত কৈ উঠিল , --" আকৌ  এবাৰ ভাইটিটিৰ সপোনটোৰ কথাখিনি কোৱা চোন । আমি একেবাৰে সৰু কাললৈ গুচি যাওঁ । মনটো ভাল লাগিব দিয়া ।" 
  মই নিৰ্জুমণিৰ চকুলৈ চাইছিলোঁ । তাইয়ো মোৰ  চকুলৈ চাই পঠিওৱাত মই তল মূৰ কৰি দিছিলোঁ ।
" কোৱা যদি সোনকালে কোৱা । সময় নাই বেছি । নজনা কিছু কথা জানিবলৈ পাৰিম ।"--নিৰ্জুমণিয়ে শুৱলা কণ্ঠৰে মাত দিয়ে ।
         বিৰতিৰ সময়ত অন্তিম দিনৰ বাবে আমাৰ দলটোৱে এক লগ হৈ ফিল্ডত বহিছিলোঁ । ভাবিলোঁ , নিৰ্জুমনিয়েও শুনিবলৈ বিচাৰিছে যেতিয়া কৈ দিওঁ । অন্তত মোৰ মনৰ কথাখিনি বুজি পাব ।
         ভাইটিৰ কথা ক'লেই  মোৰ মনলৈ তাৰ ছবিটিয়েই ভাঁহি আহে । কি ভাল লাগিছিল সেই মুহূৰ্তকণত যি ক্ষণত দুয়োৱে সেউজ পৃথিৱীৰ বিনন্দীয়া সৌন্দৰ্যত বিলিন হৈ পৰিছিলোঁ। মনত পৰিলেই সপোনৰ সমগ্ৰ দৃশ্যবোৰ জলজল পটপটকৈ চকুৰ আগত উজ্জ্বলি উঠে । সেইবাবে ভাইটিটিক দেখা সপোনটি ক'বলৈ ক'লে মোৰ মনটো আনন্দত মতলীয়া হয় ।

" ঠিক আছে হ'ব বাৰু কৈছোঁ শুনা  ---মই এটা কোঠাত  অকলে বহি আছিলোঁ । সেই কোঠাটোলৈ এজন মৰম লগা ভাইটি সোমাই আহিল । ভাইটিৰ গা বৰণ মুগা বৰণীয়া , ধৰা  যোগেশ্বৰৰ দৰে ছালৰ ৰং। ভাইটিটোৱে আহি  মোৰ কাষত বহিল । বয়স চাৰি বছৰৰ মানেই হ'ব। কথা কিন্তু বহিয়া কয়। কথাবোৰ বৰ মৰম লগা । মোৰ  ওচৰত আছিল এটা  ফল-মূলৰ খৰাহী । তাত আছিল পকা কল, আপেল আৰু  কমলা  । ভাইটিটোৱে আহি মই বহি থকা  বেঞ্চখনতে বহিল । মই খৰাহীটোৰ পৰা খাবলৈ হাতত এটা কল লৈ আছিলোঁ । ভাইটিজনে মোৰ হাতৰপৰা কলটো কাঢ়ি লৈ বাকলি গুচাই খাই  পেলালে । মই সোধিলোঁ , " তুমি কিয় মোৰ কলটো ল'লা  ? খৰাহীত  ইমানবোৰ আছে  দেখা নাই নেকি ? "

       উৎফুল্লিত মুখখনত  এটি হাঁহি বিৰিঙাই ক'লে - " তোমাৰ হাতত থকা কলটো খাই বহুত ভাল লাগিল । এইবোৰ খোৱাহেঁতেন , ইমান ভাল নালাগিলহেঁতেন ।"  
      মই  নিৰৱ শ্ৰোতা হৈ পৰিলোঁ । মুখৰ পৰা একো শব্দ নিগৰিত নহ'ল। মই  তাৰ মুখলৈ চাই ৰ'লোঁ । ভাবিলোঁ , পোৱালি কম নহয় । এনে সময়তে ভাইটিজনে খৰাহীৰ পৰা দুটা কমলা বাছি হাতত লয়। তাৰে এটা মোক দিলে , আৰু  আনটো সি খাবলৈ গুচালে  । ময়ো  কমলাটো খাবলৈ বাকলিবোৰ গুচালোঁ। গুচাই  শেষ কৰি ককমাইনা ভাইটিটিৰ হাতলৈ চাই পঠালোঁ। দেখিলোঁ কমলাটো গুচাই ৰৈ আছে । মৰম লগা দেৱতা নয়নযুৰি মোৰ চকুত থৈ ক'লে -" তোমাৰ কমলাটো মোক দিবা নেকি ? মোৰটো তোমাক দিম ।" 
মই  ভাবিলোঁ তাৰটো বেয়া চাগে  , সেইবাবে মোৰটো বিচাৰিছে। মই তাৰফালে চাওঁতে সি মোৰ হাতৰপৰা টপৰাই কমলাটো কাঢ়ি  ল'লে । মই  উত্তৰ  দিয়া পৰিৱৰ্তে প্ৰশ্নহে সোধাৰ সুবিধা পালোঁ । ক'লো   " তুমি কিয়  মোৰ কমলাটো কাঢ়ি  ল'লা ?  খৰাহীত আৰু  ভাল কমলা আছে নহয় ।" 
" তুমি ভুলকৈ মনত ভাবিছাঁ । মোৰ কমলাটো বেয়া নহয়, দাদা । মানে মায়ে কৈছিল-খোৱা বস্তুত আৰু সকলো বস্তুতে মৰম থাকে । দুজনৰ মাজত খোৱা বস্তু সলাই খালে হেনো মৰমবোৰ এডাল চিঙিব নোৱাৰা ৰচিৰ দৰে টান হৈ পৰে আৰু  মৰম বাঢ়ে । মায়ে কয় সেয়াই হেনো মৰম । সেইবাবে মই  সলাই খাব খুজিছোঁ ।তোমাক  মৰম দিব খুজিছোঁ । কি ভাবিছা ?  কমলাটো দিবা নে  নিদিয়া ? যদি তোমাৰ আপত্তি আছে নিশ্বয় ঘূৰাই দিম ।"
                 মোৰ মনত এনে ভাৱ উদ্ভৱ হৈছিল  পোৱালিটোৱে বৰ কথা পেটপেটাই  দেখোন । কথাত চতুৰ । মৰম লগা মাতবোৰ বৈকুণ্ঠপুৰীৰ পৰা ভাহি অহা সদৃশ দেখোন ।  ইমান মৰমেৰে খুজিছে যেতিয়া  দি দিওঁ । মনত  আনন্দ পাব । এনেধৰণৰ কথাবোৰ ভাবি থাকোঁতেই  ভাইটিজনে মোৰ হাতত তাৰ কমলাটো  দিলে।
        ক'লে : " খোৱাঁ । চিন্তা নকৰিবাঁ । ভাল  হয় । বেয়া  বস্তু  কেতিয়াও নিদিওঁ , দাদা । মই  আপোনাৰটো  খালোঁৱেই চাওঁক ।"
          মই তাৰ কথাবোৰত মুগ্ধ হৈ  পৰিছিলোঁ । প্ৰত্যক্ষ কৰি আছিলোঁ তাৰ কোমল ওঁঠ দুটালৈ । ওঁঠ দুটা মেল খালেই জিলিকি উঠিছিল ৰূপালী দন্ত দুপাৰী । অমৃত সনা বচনবোৰে মোক এক কল্পনাৰ জগতলৈ লৈ গৈছিল । মনত কল্পনা কৰিছিলোঁ --- দাঁতকেইটা চাগে গাখীৰ খোৱা দাঁতেই । দেখাত ককমাইনা । ককমাইনা ল'ৰাক  দেখোন ওঁঠ চেপিলেই গাখীৰ ওলাই বুলি কয় , তাৰ ওঁঠ দুটা চেপি  চাওঁ নেকি   ? ওলাই নে নোলায় ? ইমান মৰম লগাকৈ ক'বলৈ বাৰু ইমান সৰুতে ক'ত শিকিলে ? তাৰ তুলনাত দেখোন মই নিচেই নগণ্য । মনে তাক সাৱটি ধৰি  কোলাত বহাই কোমল গাল দুখনত পিটিকি চাবলৈ সাবিয়াস কৰিছিল । 
            মনৰ জগতখনত সোমাই কল্পনা কৰি থাকোঁতে কমলাটো খাবলৈ পাহৰিয়েই গৈছিলোঁ । সি আহি একেবাৰে ওচৰত বহিলহি । মোৰ হাত খনত ধৰি মুখলৈ কমলা ফোটটো নি কয় খোৱা আৰু খলখলাই হাঁহিবলৈ ধৰিছিল । মই লজ্জাবোধ কৰি তল মূৰ কৰিছিলোঁ ।
" দাদা , কথা এটা কওঁ  দেই । " 
" কি কথা ক'বা নো ? "
" ৰ'বা কৈছোঁ , তুমি প্ৰথমে মোৰ ফালে চোৱা । তুমি মোক মৰম কৰিবা নে ? "
" মই মৰম কৰিবই নাজানোঁ ? " 
       মিচিকীয়াই হাঁহি ক'লে  , সময়ে সকলো দি যায় । মায়ে কয় ল'ব আৰু দিব জানিলে হয় । সময়ে সকলো শিকাই যায় । সেই শিকনিৰে জীৱনৰ ভেঁটি গঢ়িব পাৰি । জনা -নজনা , পোৱা -নোপোৱাৰ মাজতে আমি বোলে বাস কৰোঁ । এই বাস কৰা সময়তে যি আন্তৰিকতাৰ আদান-প্ৰদান ঘটে সেয়াই মৰম । ধৰা , এতিয়া তুমি মোৰ কথা মনোযোগ দি শুনিছা , মই আগ্ৰহেৰে তোমাক কৈ আছোঁ , এয়া তোমাৰ মোৰ প্ৰতি থকা মৰম আৰু তোমাৰ প্ৰতি থকা মোৰ চেনেহ । বিশেষ আৰু নাজানোঁ , ইমানেই জানোঁ যে মা-পাপায়ে মোক নামাৰে , মোক এৰি একো বস্তু নাখায় , মোক কোলাত তুলি চুমু (চুমা) দিয়ে । এয়াই মা-পাপাই মোক মৰম কৰি বুজায় । আৰু কি জানা মা-পাপাই মোৰ সকলো কথাবোৰ শুনে । তুমিও যদি মোৰ কথাবোৰ শুনা , মোক নকন্দুৱা মই জানিম তুমি মোক মৰম কৰা ।
         " হয় নেকি ? বহুত কথা জানা দেখোন ককমাইনাটো । চাওঁ এইফালে আহা ।" --মই তাৰ কথাবোৰত আকৰ্ষিত হৈ হাত দুখন তাৰ ফালে মেলি দি ক'লোঁ । মনটোৱে তাক কোলাত বহাই চুম্বন দিবলৈ মনস্থ কৰিছিল । 
           " ওঁহো , নাযাওঁ , প্ৰথমে একো নকৰো কোৱাঁ ।  শপত লোৱা । তুমি মোৰ সকলো কথা শুনিবা । তেতিয়াহে যাম । "---হাঁহি হাঁহি চকুৰ চেলাউৰি ওপৰ-তল কৰি কৰি কথাবোৰ কৈ গৈছিল । সেই অভিনয়ে মোৰ হৃদয়ত আনন্দৰ জোৱা তুলিছিল । অভিনয়ৰ দৃশ্যবোৰ ভাল লাগিছিল চায় । 
" হ'ব , আহা  একো নকৰোঁ । "
" শপত যে দিয়া নাই ।" 
" ঠিক আছে , শপত লৈছোঁ একো নকৰোঁ ।" 
       কথাষাৰ শুনিয়েই দৌৰি আহি মোক গাপোট মাৰি ধৰিলহি । মই তাক দাঙি কোলাত ল'লোঁ । কোমল দেহাটো মোৰ শৰীৰত স্পৰ্শ কৰাত মনৰ বেদনাবোৰ সুখ হৈ পৰিছিল । ভাইটিজনে দুয়োখন হাতে মোৰ  দুখন গালত ধৰি ওঁঠ দুটাৰ ওচৰলৈ আনি দুখন গালত দুটা আৰু কপালত এটা চুমা দিছিল । 
" তিনিটা চুমু দিলা যে কিয়নো ???? "
" কিয় ? বেয়া পাইছা ? "
" নাই পোৱা । মানে কাৰণটোহে বুজা নাই ।"
" ব্ৰক্ষ্মা , বিষ্ণু , মহেশ্বৰ তিনিওৰ নামত তিনিটি চুমু দিলোঁ । তুমি মোৰ বাবে এই তিনিও গৰাকীৰ সমতুল্য । তুমি মোৰ প্ৰাণৰো প্ৰাণৰ , কলিজাৰ তেজ । মায়ে কয় আপোনবোৰ তিনিটি চুমাৰ  অধিকাৰী । সেয়ে দিলোঁ । তুমি মোক নিদিয়া (অভিমানি মনেৰে চকু দুটা ধেলা কৰি লাহেকৈ মাত দিয়ে ) । " 
" কিয় নিদিম , নিশ্বয় দিম । " ---  মই কথাৰ অন্তত তাৰ দুগালত দুটা আৰু কপালত এটা চুমা দিলোঁ । তাক কোলাত লৈ কোঠাৰ বাহিৰলৈ ওলাই গ'লোঁ ।
" মোক নমাই দিয়া চোন , দাদা ।" --চোতালত পৰি থকা ৰবাব টেঙাটো দেখি সি চিঞৰি উঠিল  ।
" কিয় ? "
"সৌটো কি হয় , চাওঁগৈ ।"
" ৰবাব টেঙা হয় ।"
       মই কোলাৰ পৰা নমাই দিলোঁ । দৌৰি গৈ টেঙাটো হাতত তুলি ল'লে । চোতালৰ সোঁ-মাজলৈ আহি ভৰিৰ বুঢ়া আঙুলিৰে এডাল আঁচ টানি তাৰ ওপৰত টেঙাটো থ'লে । টেঙাটোৰ ওচৰৰ পৰা কিছু দূৰ পাছলৈ গৈ এঠাইত ৰ'ল । সেই ঠাইৰ পৰা দৌৰি আহি টেঙাটো গুৰ মাৰি পঠিয়ায়। বহু দূৰৈত ওফৰি পৰা দেখি আনন্দত চিঞৰি উঠে ।
         ভাইটিটিৰ আনন্দৰ ধ্বনিৰ লগতে ভাঁহি আহিছিল আন এটি কণ্ঠ --" বেটা আহা যাবলৈ পলম হৈছে ।"  এইটো কণ্ঠই মোৰ সুখেৰে পৰিপূৰ্ণ হৈ থকা  হিয়াখনত বিষাদক আসন পাৰি দিছিল । ভাইটিটিক বিদায় দিয়া মানসিকতা মোৰ নাছিল । 
" মায়ে মাতিছে দাদা । ঘৰলৈ যাবলৈ হ'ল । মই যাওঁ হাঁ । আকৌ লগ পাম । মোক পাহৰি নাযাবা কিন্তু । " 
" ৰ'বা অকণমান । " --মই ওচৰ চাপি গৈ ক'লোঁ , "  অলপ সময় আৰু থাকিব নোৱাৰিবা ।" 
" ওঁহো , মায়ে মাতিছে নহয় । দেৰি হ'লে আকৌ ঘৰলৈ যাবলৈ বাছ নাপাম নহয়  । তুমি দুখ কৰিছা ন  ? দুখ নকৰিবা , মই তোমাৰে ভাইটি । আকৌ লগ পামেই । তুমি মোৰ কথা শুনিম কৈছিলা নহয় । মই তোমাক কেইটামান কথা কৈ যাওঁ , তুমি  কথাকেইটা মানি চলিম বুলি কথা দিয়া । আকৌ শপত লোৱা ।"
"  শপত লৈছোঁ  , কোৱা ককমাইনাটো । মোৰ চুমুটো । " 
" মোক চুমু বুলি মাতিলা যে ? মোৰ নাম চুমু নহয়,  নহয় । "
" কিয় বেয়া পাইছা ? চুমু বুলি মাতিলে বেয়া পাবা নেকি ? তুমি মোক প্ৰথম চুমু দিছা । সেইবাবে তোমাক চুমু বুলি মাতিছোঁ । "
" নাই পোৱা , নাপাওঁ । তুমি মোক যি নামাৰে মাতিবলৈ ইচ্ছা কৰা , মাতিব পাৰা ।"
" ধন্যবাদ , মোৰ চুমুটো " 
" ওম , ঠিক আছে দাদা । এতিয়া শুনা ---- তুমি কেতিয়াও বেয়া বস্তু নাখাওঁ আৰু ভালকৈ পঢ়িম বুলি কোৱা  । মায়ে মোক সদায় বেয়া বস্তু নাখাবলৈ আৰু  ভাল দৰে পঢ়িবলৈ কৈ থাকে । ময়ো তোমাক কৈছোঁ । মোক লগ নোপোৱালৈকে কাকো ভাল নাপাওঁ  বুলি কোৱা ।  আমাৰ পেহীয়ে ফোনত তাৰ লগৰ জনৰ লগত কথা পাতিলেই এনেদৰে কয় । ময়ো আজি তোমাক কৈছোঁ । আৰু কি কয় --জানাঁ , কয় , তোমাক খুব ভাল পাই পেলাইছোঁ , তোমাক সদায় কাষত বিচাৰোঁ । দাদা  তোমাকো মোৰ খুব ভাল লাগিছে । ময়ো সদায় তোমাৰ লগতে থাকিব বিচাৰোঁ । " 
" কথাত তোমাক তল পেলাব নোৱাৰোঁ , চুমু । হ'ব দিয়া । তোমাৰ তিনিওটা কথাই তোমাক লগ নোপোৱালৈকে সম্ভৱ হ'লে আজীৱন মানি চলিম ।"
" চাওঁ এইফালে আহাঁ । এক দুই তিনি । এতিয়া যাওঁ হা । নহ'লে মায়ে আহি ইয়াত ওলাবহি । " 
               এক দুই তিনি বুলি গণণা কৰি দুগালত দুটা আৰু কপালত এটা চুমা দিছিল । আৰু এতিয়া যাওঁহা বুলি কৈ গালত দুয়োখন হাতে  পিটিকি গুচি গৈছিল । মই নিৰৱ হৈ চাই ৰ'লোঁ । মনত ভাবি থৈছিলোঁ নামটো সোধিম , কিন্তু সোধা নহ'ল । সি গৈ নঙলা মুখত পালেগৈ । 
উভটি চাই ক'লে --" মন মাৰি নাথাকিবা । "
" অ' , তোমাৰ নামটো ? " -- মোৰ মুখৰ পৰা  আপুনা -আপুনি ওলাই গ'ল ।
" নামে পৰিচয় নিদিয়ে নহয় কামেই পৰিচয় । ধৰি ল'বা ফুল আৰু সূৰুযৰ সমাৰ্থক নাম । মনত ৰাখিবা একেলগে বস্তু খালে মোৰ ভাগটো তোমাৰ , তোমাৰ ভাগটো মোৰ । মই তোমাক খুৱাই দিম , তুমিও মোক খুৱাই দিব লাগিব । তুমি বিচৰা সকলো গুণেই মোৰ ওচৰত পাবা । এতিয়া যাওঁ , দেৰি হৈছে । বাই বাই ।" --- চিঞৰি চিঞৰি নঙলা মুখৰ পৰা কৈ গ'ল । মোৰ সপোনৰ জগতখনো হেৰাই গ'ল । বাস্তৱ জগতত চকু মেলি দেখিলোঁ নিৰ্জন ৰাতি । ঘৰৰ সকলোৱে টোপনিত নিটাল মাৰি আছে । বিচনাৰ কাষতে থকা চাকিটো জ্বলালোঁ আৰু এখন বহী লৈ কাঠপেঞ্চিলডালৰে লিখি থ'লোঁ স্বপ্নৰ গোটেই থকাবোৰ । বাৰ আছিল বৃহস্পতিবাৰ । বৰ্ষ আছিল ১৯৯৬ । 

         তোমালোকে নিশ্বয় বুজি পাইছা এতিয়া মই বৃস্পতিবাৰে কিয় ব্ৰত থাকোঁ । বহুত আশাৰে বাট চাই চাই দিনবোৰ পাৰ কৰিছোঁ , এদিন নহয় লগ পামেই বুলি । জীৱন সোঁতত ভাল লগা বহু বস্তুকে এৰি যাব লগা হৈছে । মোৰ প্ৰতিজ্ঞা নিৰৰ্থক হ'বলৈ নিদিওঁ । মোৰ গাত শকতি থকালৈকে প্ৰতিজ্ঞা ৰাখিম । কথাবোৰ কৈ থাকোঁতেই বিৰতি কলাংশৰ অন্ত পৰা ঘণ্টাৰ টং টং টং শব্দ আহি আমাৰ কাণত পৰিল । 
         " ভাল লাগিল শুনি  । এতিয়া  শ্ৰেণীকোঠালৈ যাবলৈও হ'ল । আজিৰ পৰা আমি এনেদৰে লগ নাখাওঁ । সকলোৱে নিজে নিজে পঢ়াত মনোযোগ দিব লাগে । এতিয়া যাওঁ বৈ ।" ---মাজনিয়ে কথাখিনি কৈ থিয় হ'ল । লগে লগে বাকীসকলো থিয় হৈ ইটোৱে - সিটোক , সিটোৱে-ইটোক  ক'লে ব'লা যাওঁ ।
       মই  যাবলৈ লওঁতে নিৰ্জুমণিয়ে মোৰ বাঁও-হাতত ধৰি টানি কয় , " ৰ'বা কথা আছে ।  তুমি সপোনৰ ভাইটিটিৰ বাবে মোক এৰিছা । চাবা , এদিন তুমিও কান্দিবা তোমাৰ ভাইটিক লৈ , যি দিনা তোমাৰ কথা ভাবিবলৈ  তোমাৰ  ভাইটিজনৰ সময় নহ'ব । তোমাকে অভদ্ৰামি কৰি যি দিনা সমাজত তোমাক তল মূৰ কৰোৱাব । সেই দিনাখন নিশ্বয় বুজিবা ভাল পোৱা কি বস্তু ।"

                   নিৰ্জুমণিয়ে কোৱা এই কথাবোৰে কিন্তু মোৰ মনত বিন্ধিছিল । মনত ক্ৰোধো জাগি উঠিছিল । কিন্তু বিবেকে ক্ৰোধক  বুজাইছিল নালাগে দিয়া , বাদ দিয়া । তাইৰ ভগ্ন হৃদয়খন কি অৱস্থাত আছে তুমি বুজিবলৈ প্ৰয়াস কৰাঁ । কথাতেই জানোঁ ধৰিব পৰা নাই , মাজে মাজে দেখোন তোমালোকৰ মিলনৰে কামনা কৰিছে । হয়তো এবাৰ-দুবাৰ নিজকে দুখত ডুবি নিয়ন্ত্ৰণ কৰিব  নোৱাৰে চাগে । তেতিয়াই এনেবোৰ কথা মুখৰপৰা ওলাই পৰে ।খং গৈ মূৰৰ চুলিৰ আগত পায়গৈ , যেতিয়াই মোৰ হৃদয়ৰ মানুহবোৰৰ বিপক্ষত কোনোবাই বিৰোধ মত দিয়ে । কিন্তু নিৰ্জুমণিয়ে মোৰ ভাইটি-বন্ধুৰ বিষয়ে বেয়াকৈ ক'লেও  মনক বিবেকে বুজাই  আঘাত, বেদনা আৰু ক্ৰোধবোৰ মুচন কৰিছিল ।
            স্কুল ছুটীৰ পাছত ঘৰলৈ আহিলোঁ । পুৱা স্কুললৈ যাওঁতে ভাতৰ কথা মনতেই নপৰিল । মাথোঁ মনত আছিল নিৰ্জুমণিৰ চিন্তা । স্কুলৰ পৰা আহি ভাইটিয়ে মোৰ চকুৰ সম্মুখতে ভাত খাই আছিল যদিও মোৰ  ভাতলৈ মনতে পৰা নাছিল । মনত মাথোঁ ভৰি আছিল নিৰ্জুমণিক হেৰুৱাৰ বেদনাবোৰ । নিজৰ ওপৰতে খং উঠিছিল । মই কিয় ইমান মূৰ্খ । সপোন জানোঁ কেতিয়াবা বাস্তৱত ৰূপান্তৰিত হ'ব পাৰে । অতীতৰ কথাবোৰ ৰোমন্থন কৰি কৰি মাটিত ঢাৰিখন পাৰি শুই আছিলোঁ । দুচকুৰে চকুলো বৈ গাৰুটো তিতি গৈছিল । কিন্তু  চিঞৰি কান্দা নাছিলোঁ । 
        ডাঙৰ বাইদেউৱে আহি ক'লে , "চুনু , আজি খাবলৈ একো নাই , ৰাতি সোনকালে ভাত বাঢ়ি দিম । গৰুকেইটা লৈ আহগৈ যা ।"
            বাইদেউৱে ভাতৰ কথা কোৱা লগে লগে মোৰ ভোক অনুভৱ হৈছিল । মোৰ চকুৰ আগতে ভাইটিয়ে ভাত খাই আছিল ,কিন্তু মোক বাইদেউৱে ভাত নাই বুলি কোৱা কথাষাৰে নিতৌ মোৰ ওপৰত চলি থকা অত্যাচাৰৰ দৰে আজিও এয়া এক বুলি মনত ভাবিলোঁ । মনতে নিজকে ধিক্কাৰ দিলোঁ -- চিঃ নিলাজ । নিজৰে একো অস্তিত্ব নাই । দুবেলা দুহাজ খাবলৈ নোপোৱা ভিক্ষাৰীটো । নিশা শুবলৈ ঠাই নথকা অঘৰীটো , প্ৰেম কৰ' , ছোৱালী ভাল পাৱ , লাজ নালাগে । নিজৰেই পৰিচয় নাই , তই কোন ?  পিতৃ-মাতৃ, পৰিয়াল -পৰিজনৰ দ্বাৰা নিন্দিত এক অৰ্থহীন মানুহ তই । "
          আত্ম সমালোচনাৰ বশৱৰ্তী হৈ মই ঢাৰিৰ পৰা উঠি এৰালি গৰুকেইটা ঘৰলৈ অনাৰ উদ্দেশ্যে  পথাৰলৈ ওলাই গ'লোঁ । পথাৰৰ মাজত গৈ নিৰ্জনতাত অকলে অকলে বহি  চিঞৰি চিঞৰি কান্দিলোঁ ,য'ত মোৰ কান্দোন শুনিবলৈ পথাৰত চৰি থকা গৰুকেইটা আৰু নৰাবোৰৰ বাহিৰে একো নাছিল । ধাৰাসাৰে বৈ আহা চকুলোক এবাৰো হাতেৰে মঁচিবলৈ ইচ্ছা নকৰিলোঁ । চিঞৰি চিঞৰি কৈছিলোঁ -- নিৰ্জুমণি , তোমাক হেৰুৱাব নুখুজোঁ , তোমাক মই সঁচাকৈ বহুত ভাল পাওঁ । তোমাৰ সমান মোক বাস্তৱিক জীৱনত কোনোৱে মৰম কৰা নাই । কিন্তু মই কি কৰোঁ  । মই কি কৰিছোঁ একোৱেই গম পোৱা নাই । অন্তিম বিদায় তুমি মোক এনেকৈ নিদিবা । মই নোৱাৰিম জীৱনটো কটাবলৈ । মোৰ জীৱনটোত কেৱল দুখ দুখেই নিৰ্জুমণি । তুমি নাজানা , নুবুজা আৰু  কেতিয়াও বুজি নাপাবা । মই কিয় ? কিয় ? এনেকুৱা কিয় ? 

       
✍️মিন্টু দোলাকাষৰীয়া 

        

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send