আঘোণৰ দলিচাত-দীপজ্যোতি বৰদলৈ

আই মুঠি মাৰি কাটিছে ধান কেচ কেচ কৰি ............
বোপাই ডাঙৰি বান্ধিচে মূৰ তল কৰি

বতাহত উৰিছে চৰাইবোৰ 
গোন্ধত বিয়পিচে সপোন 
লখিমী চপাই ____
চোতালত ন খাম 
 দহোটাই খলকনি লগাই 
গুণ গাই মোৰ আই আৰু বোপাই

মোৰ আই বোপাই ৰ লখিমী
 বতৰত বতাহত নিগৰে সোণালী ঢৌ.........
সোণালী ঢৌত হালধীয়া হৈ পৰে 
সঁৰিয়হ ডৰা 
ৰহণ লাগি যৌৱনা হয় পখিলা বাই
উৰি আহি দিয়ে শৰতৰ এটি মিঠা বতৰা !!!!
সৰিয়হৰ হালধীয়া গোন্ধত
___ তোমাৰ শব্দৰ মাজেৰে বৈ আহে কলং খনি 
আৰু বলি দান দি যায় বুকুত পলস 
এই পলসত তুমি উঠি যাবা স্বৰ্গ লৈ
সুখ কৰিবলৈ দুখ নিদিলা মোৰ অন্তৰত 
এতিয়া পথাৰ খনত পৰি ৰৈছে কজলা উশাহ !!!

✍️দীপজ্যোতি বৰদলৈ
মৰিগাওঁ 

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send