বৰ্ষণ জাগ্ৰত ৰাতি-বিনিতা বৰা

©Admin
0
শৰতৰ জোনাক ৰাতি
স্নিগ্ধ পোহৰত
নিয়ৰ সৰিছে দুবৰিত ।

শেৱালিয়ে গা ধোৱাৰ পৰত
আমোল-মোল সুবাস লৈ,
বৰ্ষণ জাগ্ৰত ৰাতি
দুবৰিৰ দলিচাত সৰগ হৈ সৰিছে
মুকুতা মণি ।

কাল ৰাতি শেৱালিৰ মিঠা সুবাস লৈ,
শৰতৰ শব্দময় নৈঃশব্দত
কথা পাতিম তোমাৰ সতে
হিয়া উজাৰি ।

কঁহুৱা বিৰিণাৰ আঁৰত বহি
পুৰণি স্মৃতি কৰিম সোঁৱৰণি ।

শেৱালিৰ সুবাস ভৰাই
ৰাখিছো হৃদয়ত গোপনে দুৱাৰ খুলি !
কাল ৰাতি গোপনে আছো
তুমি অহা বাটলৈ চাই,
কঁহুৱা বিৰিণাৰ আঁৰত বহি ।
          
✍️ বিনিতা বৰা
হোজাই জিলা,লংকা-কাকী-৩
      
     •••••••••••••••••••••••••••

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)