প্ৰলাপৰ মূল্য- ডাঃ প্ৰণৱ চক্ৰৱৰ্তী

©Admin
0

ৰজাক বিচাৰি গ’লো
গৈ দেখিলো
অহংকাৰী ৰজাই প্ৰলাপ বকি আছে,
মই প্ৰতিবাদ কৰিলোঁ
ৰজাই গুৰুত্ব নিদিলে
ৰজাৰ কুটুমহতে মোক হাঁহিলে ৷
মই পেটৰ ভোকৰ কথা কলো
ৰজাই নগৰৰ ধুনীয়া হোটেলখনৰ কথা ক'লে,
মই চন পৰা খেতি মাটিডৰাৰ কথা কলোঁ
ৰজাই বিদেশী চাউলৰ কথা ক'লে,
মই পানীৰ বাবে হাহাঁকাৰ কৰা জনতাৰ কথা কলোঁ
ৰজাই বিলাতী মদিৰাৰ গুণ বখানিলে,
মই চিকিৎসালয়ৰ অভাৱবোৰ ক’লোঁ
ৰজাই হাঁহি হাঁহি অনাগত দিনৰ আঁচনিবোৰৰ তালিকা দিলে ৷
মই অপমানত কান্দিলোঁ
ৰজাই চকুপানীবোৰ ভুৱা বুলি ক’লে,
মই ৰজাক ওফৰাই পেলোৱাৰ হুংকাৰ দিলোঁ
ৰজাই মোক ৰাষ্ট্ৰদ্ৰোহীৰ পোচাক পিন্ধাই দিলে ৷
মই আশাত পিচলৈ ঘূৰি চালোঁ
চিনাকি মুখবোৰ বিচাৰিলোঁ,
মোৰ পাচফালে কোনো নাছিল
চিনাকি মুখবোৰ
ৰজাৰ প্ৰলাপ শুনি আনন্দ কৰাত ব্যস্ত আছিল...

✍️ডাঃ প্ৰণৱ চক্ৰৱৰ্তী
নলবাৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)