নৰসিংহৰ গুণ~স্বাস্থ্য সচেতনতা-ডাঃ প্ৰণৱ চক্ৰৱৰ্তী

©Admin
0

  নৰসিংহ এবিধ ঔষধি উদ্ভিদ ৷ ইংৰাজীত ইয়াক Curry leaf বুলি কয় ৷ বৈজ্ঞানিক নাম Murraya koenji ৷ আমাৰ অসমত অতীজৰে পৰা ঔষধি খাদ্য ৰূপে ইয়াৰ ব্যৱহাৰ হৈ আহিছে ৷ দক্ষিণ ভাৰতত ইয়াৰ (কাৰীপতা)ব্যৱহাৰ সৰ্বাধিক ৷ 
  ই শূন্য চৰ্বিযুক্ত আৰু প্ৰচুৰ পৰিমাণে ভিটামিন তথা খনিজ লোণসমৃদ্ধ ৷ কেলচিয়াম, ফচফৰাচ, আইৰণ, মেগনেছিয়াম, ভিটামিন এ, বি, ই আদি পোৱাৰ উপৰিও এমাইন’এচিড, গ্লাইক’চাইড আৰু ফ্লেবিনয়ড পোৱা যায় ৷ বিভিন্ন গৱেষণাই কৈছে যে ইয়াৰ পাত এন্টিঅক্সিডেন্টযুক্ত আৰু কৰ্কট প্ৰতিৰোধী গুণযুক্ত ৷

কেইটামান উপকাৰ-

নৰসিংহ পাতৰ আঞ্জা খালে গ্ৰহণী ৰোগ উপশম হয় ৷

অৰুচি আৰু বমি ভাৱ আঁতৰায় ৷ নৰসিংহৰ চাটনিৰ লগত এচামুচ তেতেলীৰ ৰস মিহলাই খালে বদহজম কমে ৷

যথেষ্ট পৰিমাণে খনিজ পদাৰ্থ, ভিটামিন থাকে কাৰণে শিশুৰ কাৰণে এই পাত উপকাৰী ৷

নৰসিংহৰ পাতে চুলি আৰু নখৰ সৌন্দৰ্য বৃদ্ধি কৰে ৷

নৰসিংহ পাতত থকা কেলচিয়ামে হাড় আৰু দাঁতৰ সুগঠনত সহায় কৰে ৷

নৰসিংহ পাত বহুমূত্ৰ আৰু বৃক্কৰোগীৰ বাবে উপকাৰী ৷

কেঁচুমুৰীয়া থাকিলে নৰসিংহ পাতৰ চাটনি খাব পাৰে ৷

পায়োৰিয়া ৰোগ নিৰাময়ৰ বাবে নৰসিংহ পাতৰ ৰসৰ লগত নিমখ মিহলাই কুলকুলি কৰিব পাৰে ৷

কীট পতংগই কামুৰিলে নৰসিংহ পাতৰ ৰসৰ লগত নেমুৰ ৰস মিহলাই লগালে আৰাম পোৱা যায় ৷

জুয়ে পুৰিলে নৰসিংহ পাত থেতেলিয়াই পোৰা অংশত লগালে সুফল পোৱা যায় ৷

গৰ্ভৱতী মহিলাৰ বাবে নৰসিংহ উপকাৰী ৷

যথেষ্ট পৰিমাণে লৌহ পদাৰ্থ থাকে বাবে নৰসিংহ পাতৰ ৰস খালে শৰীৰত ৰক্ত বৃদ্ধি হয় ৷

নৰসিংহই ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰে ৷

এইবোৰৰ উপৰিও নৰসিংহৰ আৰু কিছু ঔষধি গুণ আছে বুলি শেহতীয়া চিকিৎসা বিজ্ঞানৰ গৱেষণা বোৰত প্ৰকাশ পাইছে ৷ গতিকে আমি ইয়াৰ ব্যৱহাৰত গুৰুত্ব দিয়া উচিত ৷

✍️ ডাঃ প্ৰণৱ চক্ৰৱৰ্ত্তী ৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)