সোঁত-ডাঃ প্ৰণৱ চক্ৰৱৰ্তী

©Admin
0
নৈখনৰ সোঁতত বৈ থাকে
মোৰ আজোককাহঁতৰ ইতিহাস,
সোঁতত বৈ গৈছে
মোৰেই কোনোবা উপৰিপুৰুষৰ ঘাম, 
বৈ আছে বহুজনৰ শেষ যাত্ৰাৰ হাড়ৰ টুকুৰা ৷ 
মই নৈখনৰ নিৰৱতা পচন্দ নকৰোঁ,
নৈখন নিৰৱ হ’লেই স্তব্ধ হ’ব
বোঁৱতী সোঁতৰ অলেখ ইতিহাস ৷
মোৰ উপৰিপুৰুষৰ অস্তিত্বৰ সন্ধানত 
মই নৈৰ পাৰত ৰৈ থকাৰ দৰে
মোৰ উত্তৰপুৰুষে বিচাৰিলেও এদিন
বিচাৰি নাপাব স্তব্ধ পানীত মোৰ অস্তিত্ব ৷
নৈখন নিৰৱ নহওক,
বোঁৱতী সোঁতবোৰ একেই থাকক
কঢ়িয়াই থাকক নৈপৰীয়াৰ ইতিহাস..

✍️ডাঃ প্ৰণৱ চক্ৰৱৰ্তী
নলবাৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)