ৰাজনীতিৰ পুৰোধা হে তুমি তৰুণ- অলকেশ কাকতি

©Admin
0
অৱসান হ'ল এটি যুগৰ
ধূলিস্যাৎ হ'ল হেজাৰটি প্ৰত্যাশাৰ,
মৰহি গ'ল ৰাজনীতিৰ বাগিচাৰ
এপাহি প্ৰস্ফূটিত পুষ্প।।।।

আজি যেন কুলু-কুলু ধ্বনিৰে বৈ যোৱা
নৈখনিয়েও মানি ল'ব খোজা নাই
গগৈৰ মৃত্যুৰ যথাৰ্থতা,,,
হেজাৰ হেজাৰ জনতাৰ মাজত
কেৱল দেখা গৈছে
আৰ্তনাদৰ দপদপনি।।।

হে , ৰাজনীতিৰ ভোটাতৰা তৰুণ!
অসমবাসীক নিঠৰুৱা কৰি
তুমি গ'লাগৈ
আকাশত উজ্জ্বল নক্ষত্ৰ হৈ উজ্বলিবলৈ,
স্বৰ্গৰাজ্যত সুখৰ পৰিধি বিস্তৃত কৰিবলৈ।।।।

হাঁহিটিয়েই আছিল তোমাৰ প্ৰাণ
নিভাঁজ মৰমেই আছিল তোমাৰ আদৰ্শ,
নিকা আছিল তোমাৰ কৰ্মৰাজি
ভ্ৰাতৃত্ব আছিল তোমাৰ লক্ষ্য।।।

তোমাৰ আদৰ্শৰে অনুপ্ৰাণিত হওঁক 
প্ৰতিজন ভাৰতীয়,,
তোমাৰ নিভাঁজ কৰ্মৰাজি হৈ উঠক
হেজাৰ অনুৰাগীৰ জীৱনৰ অনুপ্ৰেৰণা।।।।

✍️অলকেশ কাকতি
নলবাৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)