জীৱন যাত্ৰাত যেতিয়া ভাগৰোঁ ,
সজীৱতা ঘূৰাই আনে -
তোমাৰেই গানে ।
যেতিয়া হাহোঁ ,
যেতিয়া কান্দো ,
যেতিয়া অতীত বিচাৰি ঢপলিয়াও ,
ৰন্ধ্ৰে ৰন্ধ্ৰে অনুভূতি জগাই ,
তোমাৰেই গানে ।
তোমাৰ গীত আকাশ যেন
গীত তোমাৰ উশাহ যেন
তোমাৰ গীত ৰ'দ
আৰু জোনাক যেন।
যেন বতাহ ,
শইচ সেউজীয়া ,
জীৱন জীয়াৰ যেন তোমাৰ গীততেই মায়া।
বিপদ কালত তুমি ,
সম্পদ কালতো তুমি ,
তুমি যেন দুখৰ ঢাল ।
মহোৎসৱত তুমি
উন্মোচনত তুমি ।
সংগ্ৰামত তুমি যেন চোকা তৰোৱাল ।
তুমিয়েই দেখুৱাইছা -
হেৰুৱাই হেৰুৱায়ো কি দৰে উৎসৰ্গিত জীৱন ।
বিলাই বিলায়ো কি দৰে -
জীৱন উৎযাপন ।
তুমি নাগালে বহাগ নাহে ।
তোমাৰ সুৰে সুৰে ফাগুন নামে ।
তোমাৰ কথাৰ ছন্দই -
নিয়ৰ আৰু শেৱালী।
কাগজৰ নাওঁ বনাই -
তোমাৰ গানৰ কথাই কথাই. -
শৈশৱৰ হেজাৰ ধেমালি ।
তোমাৰ গানেই সংগ ,
জীৱনৰ নিসঙ্গতাত ।
তোমাৰ সুৰ বহি আছে,
হৃদয়ৰ নিভৃততাত।
তুমি গীত মহাসভাৰ নক্ষত্ৰ ।
উজ্বলি থাকা চিৰদিন চিৰকাল হৈ জ্যোতিষ্ক ।
✍️ ময়ূৰী শৰ্মা গোস্বামী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ