এটা সাধু সাৰে থাকে সদায় - মনচুমী কলিতা নাথ

©Admin
0

তাহানিৰ সেই সাধুটো 
এতিয়াও সাৰে আছে ।
সেই যে সাউদৰ জীয়েকৰ সাধু !
ন কৈ গা ধৰা গাভৰুৰ সাধু।
পদুম চকুৰে ,
তিলফুলীয়া নাকেৰে, 
কিচকিচিয়া চুলি ,
আলফুলীয়া দেহেৰে 
এজনী মাউৰা ছোৱালীৰ সাধু।
আই বুলি পূজিছিল তাই, 
মাহীমাকে বিশ্বাসঘাটকতা কৰিলে ।
হাত,ভৰি, মূৰ ঢেঁকীত খুন্দিলে ,
আধামৰা কৰি দলিয়াই পেলালে।
জাতিলাও ,জৰা টেঙা, 
পদুম ফুল ,শালিকী হৈ তাই জীয়াই থাকিলে ।
তেজীমলাৰ সাধু হৈ 
হৃদয়ত সোমালে ।
এতিয়াও জীয়াই আছে 
বহু নাৰী নিৰ্যাতিতা হৈ ,
বাৰে বাৰে জী থাকে 
তেজীমলা হৈ ।
আশাধাৰী আত্মাৰ মৰণ নাই, 
মৰি মৰি জী থাকে সদায় ।

✍️মনচুমী কলিতা নাথ 
মালৌআলি, যোৰহাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)