ফটকা~অণুগল্প- জয়শ্ৰী দাস

©Admin
0

হেমেন দুখীয়া পৰিয়ালৰ ল'ৰা। তাৰ বয়স প্ৰায় ৭-৮ বছৰ হ'ব। বয়স কম বাবে তাৰ বুজা শক্তিও বেছি হোৱা নাই। সিহঁতৰ ঘৰৰ ওচৰৰে নীলম তাৰ সমবয়সীয়া। দুয়োজনে একেলগেই খেলা-ধূলা কৰে। নীলমৰ দেউতাকেই চাকৰি কৰে আৰু দীপাৱলী বুলি নীলমৰ বাবে বিভিন্ন প্ৰকাৰৰ ফটকা, আতচবাজি আনিছে। কিন্তু হেমেনৰ দেউতাকে হাতত থকা গোটেইখিনি পইচাৰে মাটিৰ চাকি আৰু বাকী সমল কিনোতে খৰচ কৰিলে যাৰ ফলত হেমেনৰ বাবে এটাও ফটকা আনিবলৈ দেউতাকৰ হাতত টকা নাবাচিল।প্ৰথমতে হেমেনেও ভাবি আছিল নীলমৰ দৰেই হেমেনৰ দেউতাকেও তাৰ বাবে বহুত ফটকা আনিব আৰু সিও নীলমক দেখুৱাবলৈ যাব। কিন্ত সি ভবাতকৈ ওলোটা হ'ল। সি বহুত কান্দিলে। মাক, দেউতাকহঁতে তাক বুজালে আৰু সিও অৱশেষত বুজি পালেই আৰু মাক -দেউতাকৰ লগত পদূলি মুখত মাটিৰ চাকি জ্বলাই ঘৰখনৰ চৌদিশ আলোকিত কৰি তুলিলে আৰু সি যেন ফটকা ফুটোৱাতকৈও বেছি আনন্দ লভিলে। নীলমেও মাক -দেউতাকৰ লগত ফটকা ফুটাই আছিল আৰু তেনেতে এটা ফটকা নীলমৰ হাততে ফুটি গ'ল আৰু নীলমৰ হাত খন পুৰিলে।আৰু তাক তৎকালীন চিকিৎসালয়ত নিব লগা হ'ল।

 ✍️জয়শ্ৰী দাস
                

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)