ঘৰৰ চৌপাশ টো খুবেই পছন্দ কৰিছে নমিয়ে।চাৰিফালে মাথোঁ সেউজীয়া আৰু সেউজীয়া।এটা নিৰ্জন নিৰিবিলি পৰিৱেশৰ মাজত গছ গছনি ত আশ্ৰয় হিচাবে থকা চৰাই বিলাকৰ মিঠা মাত,জীৱ জন্তুৰ কোলাহল,ইয়াৰ উপৰিও সেউজীয়া বোৰৰ মাজত ফুলি থকা সুগন্ধি ফুলবোৰে ইয়াৰ মাদকতা যেন আৰু দুগুন বৃদ্ধি কৰিছে।নীৰৱতা ,নিৰ্জন পৰিবেশ তাই এনেও সৰুৰে পৰাই বৰ ভাল পায়।তাই মনতে ভাবে প্ৰকৃতিয়ে নিজকে ইমান সুন্দৰ কৈ সজাই পৰাই ৰাখিব জানে,মানুহ বোৰে আকৌ প্ৰকৃতিৰ সেই সুন্দৰতা বোৰ কিয় ভঙ্গ কৰিবলৈ যায়?মানুহ বোৰে গছ কটা দেখিলে তাইৰ যে ইমান খং উঠে নহয়!মানুহবোৰে এই অনবৰতে সুমধৰ গীত জুৰি থকা চৰাইবোৰৰ কথা অলপো নাভাবে কিয় বাৰু?গছ বোৰ নাথাকিলে চৰাই বোৰ কত থাকিব বাৰু?ইমান কংক্ৰীটৰ নগৰ এখন ত ডাঙৰ হোৱা ছোৱালী জনীয়ে যে এনেকুৱা এটা পৰিবেশো পাব তাইৰ কল্পনাৰো অগোচৰ আছিল।
নমি হত এই চৰকাৰী বাসগৃহ টো লৈ অহা আজি প্ৰায়৫ দিন মান হৈছে।নমি ৰ গিৰিয়েকে এখন বৰ্ষা বন গৱেষণা অৰণ্য ৰ কণিষ্ঠ বিজ্ঞানী হিচাবে নতুনকৈ নিযুক্তি পাইছে।গতিকে নমি হত এতিয়া এই বৰ্ষা বন গৱেষণা অৰণ্য খনত থকা চৰকাৰী কেম্পাছ টো তে থকাৰ সিদ্ধান্ত লৈছে।গিৰিয়েক ওলাই যোৱাৰ পাছত নমিৰ কাম বুলিবলৈ বিশেষ তেনেকুৱা একো নেথাকেই।এইকেইদিন তাই অকল ঘৰ খন সজোৱা আৰু দুই এটা কবিতা লিখা কামতে নিজকে ব্যস্ত ৰাখিছে।নমি হত থকা বাসগৃহ টো ৰ ওচৰ পাজৰৰ মানুহবোৰৰ বাসগৃহ বোৰো বৰ সেৰেঙা।ওচৰৰ কেইবাটাও বাসগৃহ এনেই খালী হৈ আছে।অৱশ্যে নমি হত নতুনকৈ আহিছে বাবে ইয়াৰ ওচৰৰ দুই এঘৰ মানুহৰ বাহিৰে তেনেকৈ বিশেষ চিনাকি হোৱা নাই। হঠাৎ নমিৰ মোবাইল ফোন টো ডাঙৰ কৈ শব্দ কৰি বাজি উঠিল।নমিয়ে দৌৰ মাৰি গৈ ফোনটো ধৰিলে,গিৰিয়েকে ফোন কৰিছে।অ নমি,কি কৰি আছিলা?নাই এনেই কিবা এটা ফেচবুক তে চাই আছিলোঁ।নমি য়ে উত্তৰ দিলে।তোমাৰ আমনি লাগিছে নিকী,?নাই নাই আমনি আৰু কিহৰ?ইমান আৰু ধুনীয়া এটা পৰিবেশৰ মাজত আমনি লগাৰ প্রশ্ন ই নাহে।গিৰিয়েকে ৰ প্ৰশ্ন ত নমিয়ে পুনৰ উত্তৰ দিলে।অ শুনাচোন,মোৰ আজি ৰাতি অলপ যোৱা দেৰি হব।আজি labortory ত কাম অলপ বেছি থকাৰ বাবে মই ৰাতি দেৰিকৈ হে যাম।তুমি ভাত খাই ভালকৈ দুৱাৰ খিৰিকী বোৰ মাৰি শুই যাবা।মই যোৱাৰ আগতে তোমালৈ ফোন কৰিম।হব দিয়ক তেন্তে,আপুনি চিন্তা কৰিব নালাগে।মই ভয় নকৰোঁ দিয়ক।এইবুলি কৈ নমিয়ে গিৰিয়েক ৰ ফোনটো কাটি দিলে।
সন্ধিয়া লাগিছে,নমিয়ে ধূপ চাকি জ্বলাই,ভালকৈ চাহ একাপ খাওঁ বুলি পাকঘৰ ত সোমাল।ভালদৰে গাখীৰ তে চাহ একাপ বনায় নমিয়ে আধৰুৱা হৈ থকা কিতাপ এখন পঢ়িবলৈ বুলি মেলি ললে।চাহৰ কাপত সোঁহা এটা মাৰোঁতে ঘৰৰ কলিং বেল্ট টো বাজি উঠিল।নমিয়ে ঘড়ীটো লৈ চালে,৭.৩০ বাজিছে।এতিয়া নো কোন আহিব পাৰে?নমিয়ে নিজৰ মনতে প্ৰশ্ন কৰি প্ৰথমে কাঠৰ দৰ্জা খন খুলি দি জালনা থকা দৰ্জা খনেৰে বাহিৰলৈ লক্ষ্য কৰি দেখিলে,এজনী ধুনীয়া গাভৰু মানুহ বাহিৰত ৰৈ আছে।নমিয়ে দুৱাৰ খন লাহেকৈ খুলি দি মানুহ জনীক ভিতৰলৈ মাতি আনি বহিবলৈ দিলে। আপুনি আমাৰ ঘৰৰ ওচৰৰে নেকি?নমিয়ে মানুহজনী ক সুধিলে।ও ,আপোনালোক ৰ ওচৰৰে বুলি ধৰিব পাৰে।মানুহগৰাকীয়ে কথাটো এটা শেঁতা হাঁহি মাৰি কৌতুহল পূৰ্ণ ভাৱেৰে কলে।মই পিছে বেছি দেৰি নকৰোঁ,আপোনালোক নতুনকৈ অহা বুলি জানিহে এনেই চাবলৈ আহিলোঁ,মানুহজনী য়ে কলে।অ,ভালেই কৰিলে আকৌ,আপুনি অকনমান বহক ,মই আপোনালৈ চাহ একাপ কৰি আনো।এইবুলি নমিয়ে চাহ কৰিবলৈ ভিতৰলৈ সোমাই গল।চাহ কাপ লৈ আহি নমিয়ে আগফালে দেখিলে,মানুহজনী চোন নাই,আৰে কত গল?কিজানিবা ফোনত কথা পাতিবলৈ আগফালে ওলাই গল!নমিয়ে আগফালে সকলোতে চালে,ৰাস্তাৰ ফালেও বহুত দূৰলৈ চাই পঠিয়ালে।নাই মানুহজনী ক তাই দেখা নাপালে।মানুহজনী চাগে খুব কিবা জৰুৰী হল,কাৰোবাৰ মটৰ চাইকেল, গাড়ীটো লগ পাই গুচি যাব পাৰে, নহলেতো ইমান দূৰ ৰাস্তা অতিক্ৰম কৰি যোৱাটো সম্ভৱ নহয়।এইবুলি ভাবিয়ে নমিয়ে
ঘৰৰ ভিতৰ পালেহি।ৰাতি গিৰিয়েক আহিলত সন্ধিয়া হৈ যোৱা ঘটনা টোৰ কথা গিৰিয়েক ক ভাঙি পাতি কলে।গিৰিয়েকে মাথোঁ তাইক অলপ সাৱধানে থাকিবলৈ কৈ গিৰিয়েকে শুই পৰিল।নমিৰ অলপ ছিলমিল কৈ টোপনি আহিছিল হে ,তেনেতে তাই সপোনত দেখিলে যেন সন্ধিয়া অহা মানুহ জনী সিহঁতৰ বাসগৃহ টো লৈ সোমাই অহা ৰাস্তা টো ত সিহঁতৰ ঘৰ ৰ ফালে এটা মিচিকিয়া হাঁহি মাৰি চাই ৰৈআছে।তাই ঘপহকৈ বিচনা খনতে উঠি বহি দিলে।কি হৈছে আজি তাইৰ?কিয় অকল মানুহজনীৰ কথাই মনলৈ বাৰে বাৰে আহি আছে।টোপনি নহা দেখি মোবাইলৰ সৰুকৈ গান এটা লগাই তাই পুনৰ শুবলৈ চেষ্টা কৰিলে।
পিছদিনা খনৰ কথা,নমিয়ে ভাত পানী খায় অকণমান দুপৰীয়া শুই ললে।আবেলি শুই উঠি মনতে ভাবিলে আজি তাই অকনমান খোজ কাঢ়িবলৈ ওলাই যাব,কিমাননো আৰু ঘৰৰ ভিতৰতে সোমাই থাকিব,সেউজীয়া বোৰৰ মাজত খোজ কাঢ়িলে গা মনবোৰ ভাল লগাৰ লগতে দুই এজন মানুহক লগ পালে চিনাকি হব পাৰিব।এইবুলি তাই অকনমান পৰিপাটিকৈ নিজকে সজাই মোবাইল ফোনটো হাততে লৈ ঘৰৰ তলাটো মাৰি বাহিৰলৈ ওলাই আহিল।তাই লাহে লাহে খোজ কাঢ়ি আগবাঢ়ি গৈ থাকিল,অলপ দূৰ আগবাঢ়ি যোৱাৰ পাছত তাই যোৱা কালি সিহঁতৰ ঘৰলৈ অহা মানুহজনী পুনৰ লগ পালে।অ, আপুনি কৰবালে যায় নিকী?নমিয়ে মানুহজনী ক সুধিলে?নাই এনেই ওলাই আহিলোঁ অলপ খোজ কাঢ়িম বুলি।মানুহজনী য়ে নমিক উত্তৰ দিলে।এ হয়নিকী,ভালেই হব তেন্তে দুইজনী একেলগে যাওঁ ।এইবুলি নমি আৰু মানুহ জনী কথা পাতি পাতি আগবাঢ়ি গৈ থাকিল।কথাৰ মাজতে নমিয়ে মানুহজনী ক কলে,এই চাওকচোন মই আপোনাৰ লগত ইমান কথা পাতিলো আপোনাৰ নামটোকে এতিয়ালৈ সোধাই নাই নহয়।হ'ব একো নাই মই মোৰ নাম ঠিকনাৰএ সৈতে আপোনাৰ মোবাইল তে whatsapp কৰি দিম।হ'ব তেন্তে ,মোৰ তেতিয়া আপোনাৰ ঠিকনা বিচাৰি ওলোৱা ত আৰু সহজ হব,এইবুলি নমি হত আগবাঢ়ি গৈ থাকিল।অলপ দূৰ যোৱাৰ পাছত নমিয়ে এটা নামঘৰ দেখিলে।নামঘৰ ভাগ দেখিয়ে নমিৰ মনটো ভাল লাগি গল।কিন্তু মানুজনীয়ে আৰু আগুৱাই নগৈ লৰা লৰিকৈ উভতি গুচি গল।কি হল আপোনাৰ ?নমিয়ে ইমান মানুহজনী ক মাতিবলৈ ধৰিলে,কিন্তু মানুহজনীয়ে মোৰ দেৰি হৈছে বুলি যিমান পাৰি সিমান সোনকালে সেই ঠাই এৰি গুচি গ'ল।নমিয়ে নামঘৰত সেৱা এটা কৰি ঘৰ আহি পালেহি।তাই অহা অলপ পাছতেই গিৰিয়েকো কামৰ পৰা ঘৰ সোমালহি।তাই লৰা লৰিকৈ গিৰিয়েকৰ বাবে ফুলা ফুলা কৈ দুখনমান লুচী কৰি লগতে দুকাপ গৰম গাখীৰৰ চাহ আনি গিৰিয়েকৰ লগতে তায়ো চাহ খাবলৈ ধৰিলে।চাহ খাই থাকোতে তাই অলপ দিনৰ পৰা সাঁচি ৰখা কথা এটা গিৰিয়েকক কলে ,"হেৰা,আমি যদি আমাৰ ওচৰত মানুহ খিনি মাতি আনি দেওবাৰ এটাত টি পাৰ্টি এটা কৰোঁ কেনে হব বাৰু?সেই চেগতে মানুহখিনিৰ লগত চিনাকি পৰ্ব এটাও হব"।"নিশ্চয় ভাল হব নমি,ময়ো আচলতে কথাটো নভবা নহয়, মাথোঁ সময়ৰ অভাৱৰ বাবে তোমাৰ লগত কথাটো আলোচনা কৰা নাছিলোঁ"।তেন্তে তুমিয়ে কাইলৈ ওচৰৰ মানুহখিনিক অহা দেওবাৰ লৈ সন্ধিয়া চাহ একাপৰ বাবে নিমন্ত্ৰণ দি আহিবা।মই বজাৰ খিনি কাইলৈ আহোঁতে সন্ধিয়া লৈ আহিম"।"ঠিক আছে তেন্তে, " নমিয়ে গিৰিয়েক ৰ কথাখিনি শুনি এটা সন্তুষ্টিৰ হাঁহিৰে চাহ খোৱা কাপ কেইটা লৈ পাকঘৰৰ ভিতৰলৈ সোমাই গ'ল।
আজি নমিৰ ব্যস্ততাৰ অন্ত নাই।ৰাতিপুৱাই সোনকালে উঠি ঘৰ দুৱাৰ মুচি গাটো ধুই লৰালৰিকৈ পুৱাৰ আহাৰ বনাই গিৰিয়েক ক খাবলৈ দি নিজেও খাই ল'লে।দুপৰীয়া হোৱাৰ আগতে মানুহখিনিক কৈ আহিব লাগিব,সেই ভাৱি তাই ধুনীয়াকৈ কাপোৰ এযোৰ পিন্ধি ললে।মনতে ভাবিলে,এইকেইদিন ত তাই লগ পোৱা মানুহজনীকো লগতে গৈ দিবলৈ কব,তেতিয়া মানুহখিনিক মাতিবলৈ আৰু সুবিধা হব।এইবুলি তাই মোবাইল টো ৰ ওচৰলৈ ধপলিয়াই আহিল।লৰালৰিকৈ মোবাইল টোৰ নেট টো অন কৰি whatsappটো খুলি ললে।মেছেজ এটা আহি আছে,পিছে মেছেজ টো হে ভালদৰে ডাউনলোড হোৱা নাই,ছেহঃ নেট টো এ ইমান দিগদাৰী দিছে,কালি মানুহজনী এ চাগে ঠিকনা টো পঠাইছিল।এহ ৰাস্তালে ওলায় গ'লে নেট টো পাই যাম বুলি ভাবি তাই মোবাইল টো হাততে লৈ এঘৰ দুঘৰকৈ মানুহ মাতি মাতি গৈ থাকিল।তেনেতে এটা চৰকাৰী বাসগৃহ লৈ সোমাই গৈ কিবা বৰ আচহুৱা অনুভৱ কৰিলে।যদিও মানুহ ঘৰৰ খিৰিকী বিলাক খোলা আছিল,তথাপিও মানুহঘৰত যেন বহুত দিন মানুহ নাই তাইৰ তেনেকুৱা এটা অনুভৱ হল।কেইবাবাৰো কলিং বেল্টটো বজাই দিয়াত এজন আদহিয়া মানুহ ওলাই আহিল।নমিক ভিতৰলৈ নি মানুহজনে বহিবলৈ দিলে।চকী খনত বহিয়েই নমিৰ ৱালত লাগি থকা এখন ফটোলৈ চকু পৰিল।মানে ফটো খন হৈছে তেওঁ এইকেইদিন ত লগ পোৱা মানুহ জনীৰ ফটো,কিন্তু আচৰিত কথা ফোঁটখনত ওলমি আছিল এডাল ফুলৰ মালা আৰু সন্মুখত জ্বলাই থোৱা আছিল ধূপ আৰু চাকি।"কি চাই আছে?"মানুহজনৰ মাতত নমিয়ে সম্বিত ঘূৰাই পায় হা বুলি চিঞৰি দিলে।মানুহ জনে নমিক কবলৈ আৰম্ভ কৰিলে আপুনি চাই থকা ফটো খনত থকা মানুহ জনী মোৰ পত্নী।আজি ৰ পৰা কেইবা বছৰৰ আগতে মই কাম এটাৰ বাবে বাহিৰলৈ যাওঁতে ইয়াতে হোৱা দুৰ্ঘটনা এটাত তেওঁৰ মৃত্যু হৈছে।মানুহ জনৰ কথাত নমিয়ে কি??????বুলি চিঞৰ মাৰি যেনে তেনে মোবাইল টো খুলি দেখিলে,এটা স্পষ্ট ঠিকনা মোবাইলৰ স্ক্ৰীন খনত ভাঁহি আছিল।ঠিকনা টো আছিল এনেধৰণৰ
শ্মশান নম্বৰ:৩,
ৰাজহুৱা শ্মশান আলি,NH ধাবাৰ কাষত.........
✍️টিনা মণি দত্ত বৰা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ