পিতাই, পুতেকৰ মাজত কথোপকথন~শিশু দিৱস বিশেষ লেখা- চিন্ময় ডেকা

©Admin
0
পিতাই:- ঐ, মৰণ নহা। ক'ত ঘূৰি থাক' তই।
পুতেক:- অ, চক'ত গৈছিলো।

পিতাই:-কাম নাপাৱ হা, দিনৰ দিনটো ঘূৰি থকা, বেলেগ চলিক দেখা নাই হা"।
পুতেক:-দেখিছোঁ__চক'ত আদ্দা মাৰি থাকা !

পিতাই:- তইনো ক'ত ভাল বস্তু দেখিবি।নগেনৰ পুতেক কথা কৈছ।
তোৰ সেইকেইটা হে,লগ
পুতেক:- লগ নহৈ কাৰ লগত হম নো? নিপেনে পাত্তাই নিদিয়ে।

পিতাই:- ক'ত তোৰ নিচিনা ধেকুৰা তোক, পাত্তা দিব। 
পুতেক:- এইবাৰ মেট্রিকটো পাছ কৰি লওঁ ৰ'।দেখাই আছো তাক।

পিতাই:- তই তাৰ লগত ফেৰ মাৰিবি, ধেকুৰা টো।
পুতেক:- চাই থাক।তাতকৈ মই দামী বাইক লৈ, কলেজ যাম।

পিতাই:- এই জধা-মূৰ্খ বাপেৰে টকা আছেটো
মোক বেছি তই বাইক ল'বি। তই মান-সন্মান সব খাবি।
এতিয়াই টোৰ এইবোৰ।
পুতেক:- নাই নাই মোক দিব লাগিব!নহ'লে কিন্তু 

পিতাই:- মৰণ নহা তই পঢ়িব নালাগে, কাইলৈৰ পৰা পথাৰত যাবি।
পুতেক:- নাযাওঁ মই

পিতাই:- তই কি কৰি খাবি হা"_____
আমাৰ জীৱনটো গ'লেই। তই ভালেকে পঢ়ি সমাজৰ ভাল মানুহ হ'বি বুলি কষ্ট কৰি পঢ়ালো। আজি এইখিনিহে, পাবলৈ আছিল।

মোৰ দুখেৰেই যাব আৰু দিনকেইটা....


✍️চিন্ময় ডেকা
ওডালগুৰি জিলা,টংলা
৭৮৪৫২১

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)