পৃথিৱীৰ আচৰিত শিশুৰ বিষয়ে~ শিশু দিৱসৰ বিশেষ প্ৰবন্ধ- মীনা পামে গাম

©Admin
0
      আজি ১৪ নৱেম্বৰ, এই শিশু দিৱসৰ দিনা শিশু সকলৰ উন্নতিৰ বাবেই দুশাৰী লিখিবলৈ হাতত কলম লৈছাে ।

      পৃথিৱীৰ কিছুমান শিশুৰ মস্তিষ্ক আৰু বুদ্ধিমত্তা এজন বয়সস্থ মানুহতকৈও বহুত ওপৰত ।অতি কম বয়সতে যিবােৰ শিশুৱে প্ৰতিভা দেখুৱাই মানুহক আচৰিত কৰি তুলিছে । সাধাৰণতে এজন প্ৰাপ্তবয়স্ক লোকে তেওঁৰ মন মগজুৰে তেওঁৰ বয়সৰ সৈতে তুলনা কৰি বুদ্ধিমত্তা প্ৰকাশ কৰিব পাৰে । কিন্তু, ভাবিব নোৱাৰা ধৰণে কিছুমান শিশুৱে এনে পাণ্ডিত্য দেখুৱাব পাৰে ভাবিলে আচৰিত লাগে ॥

      এই বিচক্ষণ মগজুৰ শিশু সকলে কিয় ইমান কম বয়সতে ইমান বেছি বিদ্যা আহৰণ কৰিব পাৰে বহু বিজ্ঞানী , বুদ্ধিজীৱীসকলে এতিয়াও ইয়াৰ আঁতিগুৰি ভালদৰে উলিয়াব পৰা নাই ।

      এনে দুই - এটি শিশুৰ বিষয়ে লিখিবলৈ লৈছাে - তেনেধৰণৰ কথাবােৰে আমাৰ শিশু সকলৰ মনতো কেনেবাকৈ মগজু জাগ্ৰত কৰিব পাৰে নেকি ? 

      প্ৰকৃততে, মানুহৰ মস্তিষ্ক, বুদ্ধি-বৃত্তি, আয়ত্ব কৰিব পৰা তীক্ষ্ণ জ্ঞান আদি অতি উন্নত মগজুৰ অধিকাৰী, তীক্ষ্ণ স্মৃতিশক্তিধাৰী শিশুৱে - বিদ্যা আদিত সেই বিচক্ষণতা দেখুৱাবলৈ সক্ষম হয় বা কম বয়সতে বহু জ্ঞানৰ অধিকাৰী হোৱা দেখা গৈছে ॥

      কিছুমান শিশু, শিশুৱস্থাৰ পৰাই সুন্দৰ পৰিৱেশত থাকি উচিত শিক্ষা লাভ কৰা সুবিধা পোৱাৰ বাবে ভালদৰে মন দি জীৱনৰ প্ৰাৰম্ভণিৰ পৰাই বিচক্ষণতা দেখুৱাবলৈ সক্ষম হয় ।

      কিন্তু, কিছু ব্যতিক্ৰমী শিশু আছে যাৰ প্ৰতিভা শুনিলে চকু থৰ হৈ যাবলগীয়া হয় তেনে কিছুমান শিশুৰ কথাকে ক'বলৈ লৈছাে ।।
       আমাৰ গোটেই পৃথিৱীৰে সকলো শিশুৱে সমান সুবিধা পোৱা নাই । কিন্তু, সেই ব্যতিক্ৰমী শিশুসকলৰ কথা বেলেগ, তেওঁলোকৰ বুদ্ধি বৃত্তি সাধাৰণ মানুহতকৈ বহুত ওপৰত, য'ত আমাৰ চিন্তাই ঢুকি নাপায় ।

* উল্ফগেং এমিদিয়াচ মজাৰ্ড

তেওঁৰ জন্ম অষ্ট্ৰিয়াৰ চেল্চবাগত ১৭৫৬ চনত হৈছিল ।
তেওঁ শিশু কালৰ পৰাই আচৰিত প্ৰতিভাৰ অধিকাৰী আছিল।
৩ বছৰ বয়সত তেওঁ হাৰ্ব বজাব পাৰিছিল ।
৫ বছৰ বয়সত তেওঁ university of salzburg ত পিয়ানো বজাইছিল ॥
৬ বছৰত Imperial cord ভিয়েনাত বজাইছিল ।
৬ বছৰত মিউজিক কমপজ কৰিছিল ।
৮ বছৰত তেওঁ নিজৰ চিম্ফনী (elaborate musical composition) উলিয়াইছিল ।
১২ বছৰত অপেৰাত মিউজিক বজাইছিল
১৪ বছৰত ইটালীলৈ ওলাই গ'ল অপেৰাৰ composer হ'বলৈ ॥॥
৬০০ অতকৈ বেচি compose piece তেওঁৰ থাকি গ'ল ॥॥
কাৰণ, তেওঁ ৩৫ বছৰত বৰ কম বয়সতে ঢুকায় থাকিল ।
সেই প্ৰতিভাধাৰী লোকসকল বেছি দিন জীয়াই নাথাকে । ইমান কম বয়সতে গানৰ বিষয় কেনেকৈ আয়ত্ব কৰিছিল ভাবিলে আচৰিত লাগে !!!!

* শকুন্তলা_দেৱী

শকুন্তলা ১৯৩৯ চনত বেংগলোৰত জন্ম হৈছিল । তাইৰ 
দেউতাকে চাৰ্কাচৰ জন্তুক ট্ৰেইনিং দিয়া কাম কৰিছিল । তাই অতি কম বয়সতে ৩ বছৰতে দেউতাকৰ পৰা,
 তাচৰ trics বােৰ শিকি লৈছিল ।
২৩ Root of ২০১ digit number mentally calculate কৰিব পাৰিছিল ।
৩৩২, ৮১২, ৫৫৭, তাৰ কিউব মূল চেকেণ্ডত উলিয়াই দিব পাৰিছিল ॥ তাইৰ অংকৰ পাৰদৰ্শিতাৰ বাবে 
গ্ৰীনিজ ৱৰ্ল্ড ৰেকৰ্ডত বহুত বাৰ স্থান পাইছিল । এই প্ৰতিভাশালী শিশুসকলৰ গুণসমূহ পাছৰ শিশুসকলে শুনিলে মন মগজু জাগ্ৰত হওঁক আৰু ভাল জ্ঞান বুদ্ধি উদয় হওঁক তেনে আশাৰে দাঙি ধৰিলোঁ ॥

* য়াং ইয়ং, দক্ষিণ কোৰিয়া 
     য়াং ইয়ঙৰ জন্ম ১৯৬২ চনত দক্ষিণ কোৰিয়াত হৈছিল । তেওঁ ৪ মাহতে কথা ক'বলৈ শিকিছিল আৰু
আঢ়ৈ বছৰত জাপানীজ, কোৰিয়ান জাৰ্মান ইংলিচ ভালকৈ ক'ব আৰু লিখিব পাৰিছিল ।
তেওঁ ৩ বছৰ বয়সতে হাঙিয়াং University ত guest physics student হিচাবে ক'ৰ্চ আৰম্ভ কৰিছিল ।
৮ বছৰতে নাচাই তেওঁক আমন্ত্ৰণ কৰিছিল U.S. ত পঢ়িবলৈ ।
১৬ বছৰত তেওঁ
কোৰিয়াত ডক্তৰেট দিগ্ৰী লাভ কৰিবলৈ NASA এৰিছিল ॥
২০০৭ চনত চাংবুক University ৰ professor হিচাপে যোগদান কৰিছিল ।।
গ্ৰীণিজ ৱৰ্ল্ড ৰেকৰ্ডত highest আই কিউ (২১০) আছিল ॥

      য,ত কিছুমান শিশুৱে তিনিবছৰত কথাই ভালকৈ ক'ব নোৱাঁৰে -তেনে ক্ষেত্ৰত সেই শিশুসকলে এজন বয়সস্থ মানুহতকৈ বেছি বিদ্যা বা জ্ঞান আহৰণ কৰিবলৈ সক্ষম হৈছিল ।

      মুঠ কথাত আমি ভৱিষ্যতৰ শিশুসকলক ভাল পথ দেখুৱাই সকলো শিশুকে সমান শিক্ষা দিবলৈ সংকল্পৱদ্ধ হ'ব লাগিব । শিশুক শিশু কালৰ পৰাই সৎ পথ দেখুৱাব লাগিব আৰু উন্নতিৰ হকে কাম কৰিব লাগিব । শিশুক ৰক্ষা কৰিব আৰু শিশুক কম বয়সতে ভৃত্য বনোৱা পৃথিৱীত বন্ধ হ'ব লাগে ॥
কাৰণ, নতুন প্ৰজন্মই ভৱিষ্যতে দেশ ৰক্ষা কৰিব লাগিব॥
সেয়েহে প্ৰতিজন অভিভাৱক তাৰ বাবে সচেতন হ'ব লাগিব আৰু প্ৰাইমাৰী শিক্ষা প্ৰতিজন শিশুৰে বিনামূলীয়া শিক্ষা হওঁক ॥

✍️মীনা পামে গাম
চিপাঝাৰ, দৰং, অসম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)