কাৰ্বিসকলৰ লোক-সংস্কৃতি~প্ৰবন্ধ- ৰিজু দেৱী

©Admin
0
অসমৰ এটা প্ৰধান পাহাৰীয়া জনগোষ্ঠী হৈছে কাৰ্বি জনগোষ্ঠী। বৃহত্তৰ অসমীয়া জাতিৰ অংগ স্বৰূপ হৈ পৰা কাৰ্বিসকল নৃতাত্বিক দৃষ্টিকোণৰ পৰা মংগোলীয় গোষ্ঠীৰ লোক আৰু ভাষাতাত্বিক দৃষ্টিকোণৰ পৰা তিব্বতবৰ্মী ভাষাগোষ্ঠীৰ অন্তৰ্গত। অসমৰ ভৌগোলিক পৰিৱেশ আৰু পাৰিপাৰ্শ্বিকতাৰ লগত নিজকে খাপ খোৱাই লোৱা এই কাৰ্বিসকলৰ শাৰীৰিক গঠন সাংস্কৃতিক দিশবোৰ চালিজাৰি চালে মংগোলীয় লক্ষণ বিদ্যমান।
       অসমৰ দক্ষিন-পূব অংশত বসবাস কৰা এই কাৰ্বি জনগোষ্ঠীৰ লোকসকলৰ অধিক সংখ্যকেই কাৰ্বিআংলং আৰু ডিমাহাচাও(উত্তৰ কাচাৰ) পাৰ্বত্য জিলা দুখনত বাস কৰে।তাৰোপৰি নগাওঁ,কামৰূপ,শোণিতপুৰ,
কলিয়াবৰ আদি আন আন জিলা সমূহতো কাৰ্বি জনগোষ্ঠীৰ লোকসকলে বসবাস কৰে।কলাগুৰু বিষ্ণু ৰাভাৰ মতে,"অসমৰ প্ৰাচীন আদিম জাতি নগা,কুকি,মিকিৰেই (কাৰ্বি)
অসমৰ আদিবাসী। অসমৰ পাহাৰে-পৰ্বতে,গুহাই-কন্দৰে,নৈয়ে-ভৈয়ামে,হাবিয়ে-বননীয়ে এই কাৰ্বিসকলে প্ৰথমে বিচৰণ কৰি ফুৰিছিল। তেওঁলোকেই অসমৰ আৱিস্কাৰকৰ্তা কলম্বা।"
      কাৰ্বিসকলে নিজকে আৰ্লেং বা কাৰ্বি বুলি পৰিচয় দিহে ভাল পায় মিকিৰ বোলাতকৈ। কাৰ্বি ভাষাত এই আৰ্লেং শব্দৰ অৰ্থ হ'ল-ওখ ঠাই আৰু মানুহ বা স্বজাতি।কাৰ্বিসমাজৰ সৰহ সংখ্যক চিন্তাশীল ব্যক্তিয়ে কাৰ্বি শব্দটো 'থেকাৰকিবি'শব্দৰ পৰা উৎপত্তি হোৱা বুলি ক'ব খোজে। কিয়নো এই থেকাৰকিবি শব্দটো ঈশ্বৰ পূজাৰ লগত জড়িত। ভগৱান আৰু আন দেৱ-দেৱীৰ পূজাত বিশ্বাসী জাতিটোৱে কাৰ্বি জাতি।
         অসমত বসবাস কৰা অন্যান্য ভূমিপুত্ৰৰ দৰে কাৰ্বি সকলৰো পৰম্পৰাগত লোকবিশ্বাস,লোকপৰম্পৰা
লোকনৃত্য,লোককলা,লোকসাহিত্য,সাজপাৰ,উৎসৱ-পাৰ্বণ,সামাজিক ৰীতি-নীতি,ধাৰ্মিক পৰম্পৰা,খাদ্যাভ্যাস,শিল্পকলা আদিয়ে জাতিটোৰ সংস্কৃতিক সমৃদ্ধ কৰি ৰাখিছে। অসম-ভূমিত সমন্বয়ৰ সংস্কৃতি গঢ়ি তোলাৰ ক্ষেত্ৰত কাৰ্বি সকলৰ যথেষ্ট সহভাগিতা আছে।

      দেহ গঠন-- দেহ গঠনত কাৰ্বি সকলৰ গাৰ বৰণ মুগা বা মাগুৰবৰণীয়া। পুৰুষসকলৰ উচ্চতা প্ৰায় চাৰে পাঁচ ফুটৰ পৰা ছয় ফুট মানলৈ আৰু মহিলাৰ উচ্চতা পাঁচ ফুটৰ পৰা পাঁচ ফুট 2 ইঞ্চিমান ওখ। তেওঁলোকৰ নাকটো চুটি আৰু ভোটা হোৱাৰ লগতে চেলাউৰিও কম। কাৰ্বি তিৰোতা আৰু পুৰুষসকলৰ ভৰিৰ কলাফুল শকত আৰু সুঠাম। তিব্বতবৰ্মী বিশেষকৈ কুকিচীন ,লুচাই জাতিৰ লগত মিকিৰ সকলৰ শাৰিৰীক মিল কিছুমান দেখা যায়। তিৰোতাসকলে কলাফুলত পৰাকৈ ধুনীয়া ক'লা মেখেলা পিন্ধে। শিক্ষাৰ পোহৰ লাহে লাহে কাৰবি সমাজত পৰাৰ কাৰনে পুৰুষ সকলৰ বহুতেই 'ৰিকং' (লেংটি)ৰ পিন্ধাৰ পৰিৱৰ্তে পেন্ট-চাৰ্ট পৰিধান কৰে।
     সমাজ গঠন --- কাৰ্বিসকলৰ সমাজ হ'ল পিতৃতান্ত্ৰিক সমাজ। ঘৰৰ পুৰুষ মুৰব্বীজনৰ আদেশ-উপদেশ আৰু নিয়ম অনুসাৰে পৰিয়াল চলে। তেওঁলোকৰ পাঁচটা ফৈদ আছে। সেইকেইটা হ'ল--ইংহি,ইংতি,তেৰাং,তিমুং আৰু তেৰণ। তাৰে ভিতৰত আকৌ ইংহিৰ ত্ৰিশটা ফৈদ,ইংতিৰ চাৰিটা আৰু তিমুংৰ ত্ৰিশটা ফৈদ আছে বুলি জনা যায়।কাৰ্বি সমাজত গাঁৱৰ মুৰব্বী অৰ্থাৎ গাওঁবুঢ়া
(ছাৰথে) থাকে। গাওঁখনৰ সমস্ত আইন-শৃংখলা 'ছাৰথে' জনৰ ওপৰতে ন্যস্ত থাকে যদিও তেওঁৰ ওপৰত মৰ্যদাসম্পন্ন সমাজতন্ত্ৰ বিষয়া "হাবাই" অৰ্থাৎ "হাবে পিনপ" থাকে। সমুহীয়াকৈ কাম কৰাৰ নিয়ম কাৰ্বি (মিকিৰ)সমাজৰ অতি প্ৰাচীন। পৰস্পৰে পৰস্পৰক সন্মান,মৰম-আদৰ কৰাটো কাৰ্বি সমাজৰ নিয়ম। পুৰুষ-তিৰোতা উভয়ে ইজনে সিজনৰ সহযাত্ৰী ৰূপে কাম কৰে। জ্যেষ্ঠজনৰ আদেশ-পৰামৰ্শ ৰূপে কাম কৰাটো তেওঁলোকৰ নিয়ম। যিহেতু কাৰ্বি সমাজ পিতৃতান্ত্ৰিক,গতিকে সতি-সন্ততিয়েও পিতৃৰ উপাধি গ্ৰহণ কৰে। এটা কথা কবই লাগিব যে, কাৰ্বিসকল বৰ সমাজ প্ৰিয় আৰু শান্তি প্ৰিয়লোক।

     ধৰ্মীয় অনু্ষ্ঠান আৰু লোকউৎসৱ--কাৰ্বিসকল ঈশ্বৰ বিশ্বাসী হোৱাৰ বাবে তেওঁলোকে বহুতো দেৱ-দেৱীক পূজা-অৰ্চনা কৰে। দেৱ-দেৱীৰ ভিতৰত প্ৰধানত আৰনাম হেমফু,হেমাৰী,প'ৰিজ্ঞা,চিনথং আৰনাম,পেং,
মুক্ৰাং হাৰাচ্ছি,অকৰেং চ্ছল্লংৰেচ,চ্ছেলাংন বা দুইখ্ৰাই,ব্ৰ'-ফ্ৰকবআং,বচ্ছাকাঘ্ৰে,দেংজা-
দুৰি আদিয়েই প্ৰধান। প্ৰত্যেকজন দেৱতাৰ উপাসনাৰ উদ্দেশ্যও বেলেগ বেলেগ।
        কাৰ্বিসকলৰ জাতীয় উৎসৱ বা বিহু নাই বুলিবও পাৰি ,যদিও কৃষিভিত্তিক বা লখিমী উৎসৱ তেওঁলোকৰ মাজত প্ৰচলিত । কিন্তু তাক জাতীয় উৎসৱ বুলি ক'ব নোৱাৰি। অৱশ্যে,ভৈয়ামৰ কাৰ্বিসকলে নিজস্ব ধ্যান-ধাৰণাৰে বসন্ত উৎসৱ 'দমাহী' পালন কৰে। পৰম্পৰাগত উৎসৱসমূহৰ ভিতৰত চ'জন পূজা বা স্বৰগ পূজাও অন্যতম। এই পূজাৰ অন্যতম দেৱতা হ'ল ইন্দ্ৰ(বাৰিথে)। তেওঁলোকৰ বিশ্বাস পৰিয়ালত সঘনাই অমংগল দেখা দিলে চ'জন বা স্বৰ্গপূজা কৰা হয়।

        চমাংকান--কাৰ্বিজনগোষ্ঠীৰ মাজত চমাংকান (মৃতকৰ শ্ৰাদ্ধ উৎসৱ) বুলি এনে এক উৎসৱ আছে,যি থংতেৰণ বীৰৰ কৰুণ স্মৃতি বিজড়িত এক বিশেষ উৎসৱ বুলি জনা যায়। তাৰোপৰি চমাংকান শব্দৰ ব্যুৎপত্তি সম্বন্ধে কাৰ্বিভাষাত বহু ধৰণৰ ব্যাখ্যা পোৱা যায়। যেনে- চমাং মানে যম আৰু খাচি ,আৰু কান মানে উৎসৱ। যম বা মৃতকৰ লগত সংগতিপূৰ্ণ অথবা খাচিসকলৰ নৃত্যগীতৰ লগত সম্পৰ্কিত উৎসৱেই হৈছে চমাংকান। চমাংকান উৎসৱত ডেকা-গাভৰুৱে নাচ-গান কৰিবলৈ পূৰ্ণ স্বাধীনতা পায়। কিন্তু,বিবাহিত পুৰুষে চমাংকানত গাভৰুৰ লগত নাচিলে জৰিমনা ভৰিব লগা হয়। চমাংকানত নচা 'নিমছ'কেৰুং' নৃত্যৰ লগত খাচি সকলৰ 'নংক্ৰেম ' আৰু এই উৎসৱতে নচা 'চমছিনাং' ৰণ নৃত্যৰ লগত খাচিসকলৰ 'পাছতিয়েছ'ৰ বহু মিল আছে। বুৰঞ্জীয়ে ঢুকি নোপোৱা কালৰে পৰা কাৰ্বিসকলে আৰ্লেং কাৰ্হি (শ্ৰাদ্ধ) অৰ্থাৎ চমাংকান পালন কৰি আহিছিল আৰু বৰ্তমানেও পালন কৰি আহিছে। সেয়েহে, কাৰ্বিসকলৰ জাতীয় লোকোৎসৱ বুলিলে চমাংকানকে বুজোৱা হয়। অৱশ্যে,মৃতকৰ শ্ৰাদ্ধ কৰা পৰম্পৰাটো সকলো জাতি-জনগোষ্ঠীৰ লোকৰ মাজতে চলি অহা দেখা যায় যদিও কিছুমান জনগোষ্ঠীয়ে এই পৰম্পৰাক এক উৎসৱ হিচাপেই পালন কৰি আহিছে।এই উৎসৱৰ অন্যতম অপৰিহাৰ্য্য সামগ্ৰী হ'ল 'জাম্বিলি আথন' অৰ্থাৎ কাৰ্বিসকলৰ জাতীয় প্ৰতীক। জানিবলৈ চেষ্টা কৰোঁ আহক, আমাৰ কাৰ্বি ভাই-ককাইসকলৰ এই 'জাম্বিলি আথন'নো কি আৰু ই কেনেধৰণৰ? 
     জাম্বিলি আথন হ'ল কাৰ্বিসকলৰ সংস্কৃতিৰ প্ৰতীক। ই কাঠেৰে নিৰ্মিত এক অলংকৃত গাঁথনি। ইয়াৰ মূখ্য দীঘল খুৰাডালৰ দৈৰ্ঘ্য প্ৰায় আঠ ফুট আৰু পৰিধি প্ৰায় সাত ইঞ্চি। জাম্বিলি আথনক লং আলিং( উৰালৰ আৰ্হি), হানথু আৰং(এবিধ শাকৰ আৰ্হি), ব'থু আলক(কপৌ ফুলৰ মালা), হামৰি ক্ৰন(এবিধ উদ্ভিদৰ আৰ্হি), কড়িৰ মালাৰে সৈতে কাঠৰ কাঠৰ সু-সজ্জিত গাঁথনিত লগাই থোৱা কাঠৰ সৰু বাঢ়ৈটোকা চৰাই ,মূল খুৰাৰ ওপৰত কাঠেৰে নিৰ্মিত ভৃংগৰাজ(ৱ'জাৰু) আদিক আচল চৰাইৰ নেজ ,চকুত-ডিঙিত ৰঙা মণিৰে সজ্জিত কৰি এক জীৱন্ত ৰূপ দিয়া হয়।
      চমাংকান উৎসৱত অংশ গ্ৰহণ কৰিবলৈ যাওঁতে প্ৰতিখন গাঁৱৰ দলপতি (ক্লেংছাৰপ') এজনে একোখনকৈ জাম্বিলি আথন কঢ়িয়াই নিয়ে। চমাংকান উৎসৱত গৃহস্হই অভ্যৰ্থনা জনোৱা মানপেং (হৰলাং মদ), চিৰা(ছাংফেৰ), তামোলপান,ছ'ইক (দাঁত ক'লা কৰা কাঁজিলা), থেংতন আদি দলপতিয়ে সাদৰেৰে গ্ৰহণ কৰি জাম্বিলি আথনতে ৰাখি থয় আৰু যথা সময়ত ক্লেংদুন অৰ্থাৎ সহকাৰী দলপতিজনে তাৰ পৰাই সকলো অংশগ্ৰহণকাৰীক ভগাই দিয়ে।
       জাম্বিলি আথন ক'লা বৰণৰ। ছ'ইক গছৰ ছাই আৰু মিঠাতেল সানি আৰু ধোঁৱাচাঙত তুলি থৈ ক'লা বৰণীয়া কৰা এই জাম্বিলি আথনৰ দাৰ্শনিক ব্যাখ্যাও নোহোৱা নহয়। ক'লা বৰণ হ'ল মহাকাল বা অদৃষ্টৰ প্ৰতীক। মানুহৰ ভাগ্য যেতিয়া উদয় হয়, কেতিয়া কাল আহে কোনেও ক'ব নোৱাৰে। সেয়ে,এই প্ৰতীকটিক কালচক্ৰৰ সৈত্যেও ৰিজোৱা হয়। জাম্বিলি আথনৰ মূল খুৰাই মহাকাল আৰু বাকী চাৰিটা শাখা খুৰাই সত্য,ত্ৰেতা,দ্বাপৰ আৰু কলি যুগক সূচাইছে। জীৱনৰ সমাপ্তি আছে কিন্তু আত্মা অমৰ। শোক-তাপত ভাগি নপৰি,জন্ম-মৃত্যু-জড়তাগ্ৰস্হত ভীতিগ্ৰস্হ নহৈ, পুনৰ সংসাৰলৈ মন মেলাৰ উদ্দেশ্য আগত ৰাখিয়ে মৃত্যু উৎসৱৰ কৰুণ শোক গীতৰ তালে তালে আনন্দ-উৎসৱৰ ফল্গুধাৰা বোৱাই ৰখাই হৈছে চমাংকান উৎসৱৰ তাৎপৰ্য্য।
       চমাংকান উৎসৱত যি শোকগীত গোৱা হয় তাৰ মাজেদি মৃতকৰ গুন গোৱা হয়। চমাংকানত গোৱা শোকগীতবোৰক 'মাচিৰা কোহিৰ ' বোলা হয়। এই চমাংকানতে উচেপীয়ে ( শ্ৰদ্ধাগীতত প্ৰসিদ্ধা বৃত্তিধাৰী বৃদ্ধা) জাম্বিলি আথনৰ উৎপত্তিৰ সম্পৰ্কেও বৰ্ণনা কৰে।
     মুঠতে জানিব পৰা গ'ল যে জাম্বিলি আথন কাৰ্বিসকলৰ জাতীয় গৰিমা আৰু আস্হাৰ প্ৰতীক। এই জাম্বিলি আথনে এখন গাওঁ সমাজ তথা জাতিৰ মহানতা স্বকীয়তা,বিশ্বাস আৰু পৰম্পৰাক জাতিস্কাৰ কৰি ৰাখিছে। জাম্বিলি আথন নথকা গাওঁখনক নিম্নস্তৰৰ বুলি বিবেচনা কৰা হয়। সেয়ে, ক'ব পাৰি জাম্বিলি আথনে সমাজ-সংস্কৃতিৰ উপৰি আধ্যাত্মিক দিশতো সিংহভাগ অধিকাৰ কৰি আহিছে।

       লোকগীত-নৃত্য--লোকগীত আৰু নৃত্যত কাৰ্বিসকল অতি চহকী বুলি ক'ব পাৰি। জনজাতীয় ভাইসকলৰ মূখে মূখে চলি অহা এই গীতবোৰত নিহিত হৈ আছে জাতিটোৰ ৰীতি-নীতি,আচাৰ-ব্যৱহাৰ,আবেগ-অনুভূতি,হাঁহি-কান্দোন,আশা-আকাঙ্খাৰ লগতে আধ্যাত্ম স্বৰূপ আৰু বুৰঞ্জীৰ প্ৰগাঢ়তা।
     মাচিৰা কোহিৰ-- এই গীতটি(ওপৰত 'শোকগীত'বুলি উল্লেখ কৰা হৈছে) সাধাৰণ গীতৰ ভিতৰত নপৰে। কিয়নো এই গীত পিতৃ-পিতামহৰ শ্ৰাদ্ধতহে গোৱা হয়। বাটে-পথেও আনকি এই গীত গোৱাটো নিষেধ। মাচিৰা কোহিৰক মন্ত্ৰগীত বুলিও কোৱা হয়। এই মন্ত্ৰবোৰত কাৰ্বিসকলৰ সৃষ্টি তত্বৰ কথা বিদ্যমান হৈ আছে। মন্ত্ৰটিৰ দুৱাৰ মুকলি কৰা এটি পদ্যাংশ তলত উল্লেখ কৰা হ'ল,য'ত কাৰ্বি সমাজৰ সমস্ত নীতি-নিয়ম আৰু সৃষ্টি-বৃত্তান্ত ব্যক্ত হওঁক বুলি প্ৰকাশ কৰা হৈছে।
   "ইলি কাৰ্বিতাংতে
     নিয়মকে কি দৌকক্
     নিহাত কে কি দৌকক্
     কিপ্লাং চ্ছিংথুম্ নাংকক্
     কেফি চ্ছিংথুম্ নাংকক্
      কিপ্লাং লাপুহেল
       কেফি লাপুহেল।"

কাৰ্বি কেপ্লাং-- কাৰ্বি কেপ্লাং বা পিৰথে কিকম গীতৰ যোগেদি সৃষ্টিকৰ্তা ব্ৰক্ষ্মাৰ কথা কোৱা হৈছে। সৃষ্টিতত্বই এই গীতৰ সাৰ। ব্ৰক্ষ্মাই প্ৰথমতে এই জগত সৃষ্টি কৰিলে। তাৰ পিছতেই গছ-গছনি(থেংপি,পেন থেংফান্),ঘাঁ-বন,গাহৰি-পহু,পোক-পৰুৱা,চৰাই-চিৰিকতি আদি সৃষ্টি কৰিলে। সকলোখিনি সৃষ্টি কৰাৰ পাছত পৃথিৱীখন দেখিবলৈ ধুনীয়া হ'ল যদিও কাৰ্বিলোক নথকাত পৃথিৱীখন আচহুৱা যেন লাগে। তাৰ পাছত আকৌ ব্ৰক্ষ্মাই নিজৰ শৰীৰৰ অলপমান কাটি কাৰ্বিলোক গঢ়িলে। তাৰ পাছত আকৌ বস্ত্ৰদান কৰিবলৈ দেৱীক পঠালে।
     গীতৰ আৰম্ভনীতে এনেদৰে আছে-- " নিচে' মুদেংলাত্ মাৰাং
কাৰ্বিপ'নীংফি নাংপ্লাং
আচ্ছেং পিৰ্ দি থৌৱিজৌং
এৰু ব্ৰক্ষ্ম প'মাৰাং।"
       এইগীতবোৰত হিন্দুধৰ্মৰ দাৰ্শনিক ভাবৰ ছাঁ পৰা দেখা যায়। গীতবোৰত তেমুৰ তেজি অৰ্থাৎ পানী অমৰা গছৰ উল্লেখ আছে যি এক সংসাৰ স্বৰূপ বৃক্ষ আৰু মাচিৰা কোহিৰত যি ডিম্বৰ কথা কোৱা হৈছে সেয়া ব্ৰক্ষ্মডিম্বহে(বৃদ্ধসকলৰ গূঢ়াৰ্থমতে)।

      লক্ষ্মী কেপ্লাং--লক্ষিমী অনা আৰু ন খোৱাৰ উদ্দেশ্যে আয়োজিত গীতক লক্ষ্মী কেপ্লাং বোলা হয়। এই গীতবোৰৰ মাজেদিও প্ৰাচীনতাৰ গোন্ধ পোৱা যায়। গীতৰ মাজত ধানখেতিৰ কথা জড়িত হোৱাৰ লগতে কাৰ্বিসকলৰ কুকিচীনৰ লগত থকা সম্বন্ধৰ কথা নিহিত হৈ আছে।
   "কুকিচীন্ দাইপো পেন্ তেৰন্ ৰং চ'প'
   চাৰ্ নাম্ চেপিনত্
   ৰি কাঠি ৰেচ্ছ' ক'ল'ল
  কুলেং আবিচ' চ্ছপি পাম্ ৰুংফ্ৰ(ফ)
  দণ্ডিৱাৰ চাৰপ' ল'মা থুম দামফ'।"
কথাখিনিৰ সাৰমৰ্ম এয়ে যে তেৰন ৰংচ'প' নামৰ মিকিৰ(কাৰ্বি)বৃদ্ধলোক এজনে কুকিচীন মানুহৰ পৰা অৰণ্যৰ ধান গছৰ গুটিৰ পৰা কেনেকৈ অন্ন তৈয়াৰ কৰি জীৱন নিৰ্বাহ কৰিব পাৰি সেই পদ্ধতিটো শিকি লৈ লগত বহুত মানুহৰ সহযোগেৰে তেওঁও ধানখেতি কৰিছিল। যিহেতু অন্নৰ দেৱী লক্ষ্মী,সেয়ে মৰণা মাৰি চাউল উলিয়াই প্ৰথমতে 'চকেৰয়' নামৰ লক্ষিমী উৎসৱ পাতিলে। কাৰ্বিভাষাত 'চক' মানে ধান। ন-খোৱা প্ৰথা অসমীয়া-গোৰ্খাৰ দৰে আজিও তেওঁলোকৰ মাজত বিদ্যমান। এই উৎসৱত তেওঁলোকে 'যচকেকান' নাচে। গীতৰ মাজত এক পৰম্পৰা ,ৰীতিনীতি প্ৰাণভৰি থকাৰ লগতে কুকিচীনৰ লগত তেওঁলোকৰ ঘৰ সজাৰ প্ৰণালী,সাজপাৰ,ব্যৱহাৰ আদিৰো যথেষ্ঠ মিল আছে। চকেৰয় উৎসৱত কাৰ্বিসকলে হাচাকেকান নাচে। হাচাকেকান ৰাতি কৰা হয়। দুপৰ ৰাতি নাচ-গান কৰি ভাগৰি পৰা ডেকাসকলে গৃহস্থক লক্ষ্য কৰি গায় এনেদৰে----"ৰাতি দুপৰ হ'ল। সপ্তৰ্ষিমণ্ডল (ৱচ্ছক্) মূৰৰ ওপৰ পালেহি। গোটেই ৰাতি আমোদ-প্ৰমোদ কৰি কটাব নোৱাৰি। গতিকে ৰাইজক খোৱাই-বোৱাই বিদায় দিয়া। অন্যান্য কৃষিভিত্তিক নৃত্যৰ ভিতৰত ৰিতনং চিংদি,হেন আপ আহি কেকান আদি নৃত্য কৰে।

চাবিন আলুন(ৰামায়ন গীত)--চাবিন আলুন এক পুৰণি ভক্তিমূলক গীত। য'ত ৰামায়নৰ ঘটনাটো চমূকৈ ৰূপ দিয়াৰ প্ৰচেষ্টা কৰা হৈছে। গীতৰ বৰ্ণনাৰ মাজেদি কাৰ্বি সমাজৰ কিছুমান চিত্ৰও ফুটি উঠা দেখা গৈছে।
      "বাহুবলী ডেকা ৰাম আৰু লক্ষ্মন। সীতা জনকৰ জীয়াৰী। জনকৰ এখন লোহাৰ ধনু আছিল। চোতাল সাৰোতে সেই ধনু সীতাই সোঁহাত আৰু বাওঁ হাতেৰে ইফাল সিফাল কৰে। তাকে দেখি ৰজা জনকে কয়,"এই ডাঙৰ ধনুখন যিয়ে ভাঙিব পাৰে ,তেৱেঁই সীতাক পাব।" এই বৰ্ণনাটি মিকিৰ গীতত এইদৰ দিয়া হৈছে--
   "নিচ'চাবিন্ মিৰলৰি
   কাংটাং ৰাম পেন্ খন্ বেনি
    ................................
     জনক ৰিচ' অ'চ'পি
     আমেন্ সীতা কুংৰিপি
     মাৰনাং কাৰকক্ আৰ্নি
      আৰৱি ৰুংকক্ নাং কেবি
      .................................
      লা লে ৰুং উন্ তাং তেতি
      নে চ'পি সীতা কুংৰি
       লাচি সীতা পিন নাংজি।"
   (অসমৰ জনজাতি,পৃ.নং-১০৪)

      ৰং কেকিম--এই গীতৰ ভিতৰত কাৰ্বি সমাজৰ এজন কাচেন নামৰ গাওঁবুঢ়াৰ নাম পোৱা যায়। কাৰ্বি সমাজত বহুতো পদৱী থকা হেতুকে একোখন খণ্ড বা লংৰিৰ ভিতৰতে 'হাবাই' আৰু গাঁৱে গাঁৱে একোজন গাওঁবুঢ়া পাতি লোৱাৰ নিয়ম প্ৰাচীন। গাওঁবুঢ়া হ'ব পৰাটো কাৰ্বি সমাজত এক গৌৰৱৰ বিষয়। সেই কাৰণে গাওঁবুঢ়াসকলে নিজৰ নামেৰেই গাঁৱৰ নাম ৰাখে। কোনো ঠাইত খেলৰ নামো ৰখা হয়। অৱশ্যে এটা কথা ক'ব লাগিব যে আজিকালি অসমীয়া মানুহৰ ৰীতি-নীতি আৰু নিয়মানুসাৰে দুই এখন গাওঁ সংগঠিত হৈছে।
      ৰংকেকিম গীতত গাওঁবুঢ়া-বুঢ়ীৰ গুন-গান শুনিবলৈ পোৱা যায়। তেওঁলোক কেনেধৰণৰ কৰ্মী আছিল,উৎসাহী আৰু উন্নতিৰ সাধক আছিল সেই কথাখিনি এই গীতত পোৱা যায়--
    ৰুকাচেন্ লৰি,
     ইৰু ই লংকি,
      ইৰুপেন্ ইৰি,
       খুৰ ৱকু ৱকি।
কাচেন গাওঁবুঢ়া আৰু গাওঁবুঢ়ানীয়ে কুকুৰাৰ ডাকতেই শষ্যা ত্যাগ কৰিছিল। তেওঁলোকে কিদৰে গাওঁখনৰ উন্নতি কৰিব পাৰি তাৰ চিন্তা কৰিছিল আৰু গাওঁখন উৰ্বৰা ঠাইত প্ৰতিষ্ঠা কৰিছিল।

      অ'চ'কেবেই আলুন্--কাৰ্বিসকলৰ এনে কিছুমান শিশু নিচুকণি গীত আছে,যিবোৰক অ'চ'কেবেই আলুন বোলা হয়। গীতবোৰত অসমীয়া নিচুকণি গীতৰ প্ৰভাৱ পৰিছে। তলত গীতকেইটামান দিয়া হ'ল----
অ' চিক্ল'পি পেন্ চিক্লচ'--অ'জোনবাই অ' সৰুতৰা,লাংচ' আৰ্নি পন্এতল--তোমাৰ ছোৱালী বেলিয়ে নিলে,চেলংপ'ৱাংপ্লোত--এটা গলধন ধৰা ম'হ আহিল,অ'চ'মা-ৰ বে প্লোং--ল'ৰাবোৰ পলাই গ'ল। গীতবোৰ অসমীয়া "জোনবাই এ ,বেজি এটা দিয়াৰ প্ৰভাৱযুক্ত।
     এই গীতবোৰৰ মাজেদি মাতৃহৃদয়ৰ আবেগ,অনুৰাগ,আন্তৰিক প্ৰেম-ভালপোৱা প্ৰস্ফূটিত হোৱা দেখা গৈছে।

     হাইমু আলুন--হাইমু আলুন হ'ল ডেকা-গাভৰুৰ বিচ্ছেদৰ কৰুণ কাহিনী গীত। হাইমুগীতত অতি হৃদয়পৰশা আৰু ব্যথাভৰা কাহিনী লুকাই আছে। 'লা তেৰণ' আৰু 'হাঈ' দুয়ো অতি সৰল প্ৰাণ স্বামী-স্ত্ৰী আছিল। কিন্তু হাঈৰ দেউতাক ছাই ৰং হাঙে ৰাজ সুখ আৰু ৰাজ অনুগ্ৰহৰ বশৱৰ্তী হৈ জীয়েকক চ্ছচেঙ্গৰ কৰ্মচাৰী লং দিলি লৈ বিয়া দিলে। সামন্তযুগৰ ৰাজবিষয়া আৰু মিথ্যাচাৰী প্ৰতাৰক পিতাৰ এই অমানৱীয় আৰু নীতিহীন কাৰ্যৰ বিৰোধিতা কৰিবলৈ লং তেৰণ আৰু হাঈৰ মানসিক শক্তি নহ'ল ,যাৰ ফলত লংতেৰণে আত্মহত্যাৰ পথ বাচি লয়। লংতেৰণৰ আত্মহত্যাৰ এই কৰুণ কাহিনীয়ে কাৰ্বি সমাজৰ প্ৰাণত দকৈ সাঁচ বহুৱাই থৈ গ'ল। লাং হাঈৰ এই অন্তৰ ভগা ছবিৰ স্মৃতি ৰোমন্থন কৰি আজিও কাৰ্বি ডেকা-গাভৰুৱে বিষাদৰ গানগাই শোকতো শান্তনা লাভ কৰে। 

      থেলু আলুন--থেলু আলুন হ'ল বিয়া সম্পৰ্কীয় গীত। এনে গীতত কন্যা খোজাৰ পৰা আৰম্ভ কৰি বিয়াৰ কাম শেষ হৈ যোৱালৈকে সকলো কথা চিত্ৰিত হোৱা দেখা যায়। অন্যান্য সমাজৰ দৰে কাৰ্বি সমাজতো একে গোত্ৰ বা খেলত বিবাহ সম্পন্ন নহয়। যেনে --তেৰণৰ ছোৱালীৰ লগত তেৰণ বিয়াত নবহে। কাৰ্বি সমাজত বিবাহৰ চাৰিটা নিয়ম আছে। সেইকেইটা হৈছে- প্ৰথমে,'নেংপি আৰু নেংচ' বৌ-নন্দৰ মাজত আলোচনা,দ্বিতীয়তে, 'কেহাং আহুৰ' সোধনি ভাৰ,তৃতীয়তে, 'লাম আথেক আহুৰ'(ঘৰ জোঁৱাই) থকা/নথকাৰ সিদ্ধান্ত আৰু চতুৰ্থতে 'আজ আৰ্নি কেফা'। কন্যাৰ ঘৰলৈ যাওঁতে প্ৰত্যেকবাৰ 'হৰ্ লাং' আৰু 'হৰ্ আৰাম' নামৰ দুবিধ মদ নিয়াৰ নিয়ম। ই হৈছে সন্মানৰ প্ৰতীক।
   কাৰ্বি সমাজত কাহিনী গীত ,পুৰ্বপুৰুষৰ গৌৰৱৰ গুনগান আদিও শুনিবলৈ পোৱা যায়।
    "পুতা চিনথং আমৰি মিৰলং
     নিলিপ্ ৰংহাং লাপু আনতা
     নিদেৎ নে জাতি কাৰ্বি দ'আদাং।" অৰ্থাৎ আমি কাৰ্বি জাতি,ৰংখাং আমাৰ ঠাই আৰু আমাৰ উপৰি পুৰুষ চিনথং,আমৰি আৰু ৰংহাং আদি। অৱশ্যে এটা কথা,যিসকল মিকিৰে বহুদিনৰ পূৰ্বে থল বা ভৈয়ামলৈ আহি নিজৰ ভাষা হেৰুৱাই পেলালে,তেওঁলোকক অন্য মিকিৰে 'হয় অ'চ' বা 'দুম্ ৰলি' বুলি কয়।

সাধুকথা-- মিকিৰ লোকগীতৰ লগতে পৌৰাণিক মিকিৰ সাধুকথাৰ মাজেদিও অসমৰ সামাজিক বৈচিত্ৰ ফুটি উঠা দেখা যায়। অসমীয়া সাধু শুকনি সখীৰ বেজাৰত বগে নিয়া মুৰি খোৱাৰ আধাৰতে সাধুবোৰ পোৱা যায়। যেনে-
চিৰি প'থি বুপ--জৰীগছ মৰিল।
ৱলংকম্ মণ্ডুক মঞ্চান্-- বগলীয়ে বেজাৰ পালে।
লাংকু মাতৎচ্ছক্--নৈৰ পাৰত বগলী বেজাৰ কৰি বহিল।.....
......................................................।

ফঁকৰা-যোজনা--
১.আৰংতা থৰদাক্ আথেটা থৰদাক।
অসমীয়া--বাপেক চাই পো।
২.অ'চপ্ৰাক্ জাংটাং আফিপ্ৰাক্ কাংঠিন্।
অসমীয়া--চোৰ গ'লে বুদ্ধি বৰষুণ গ'লে জাপি।
৩.অবিপেন আহেৰু আবং পেন আমাৰেথু।
অসমীয়া--বিল চাই বিহ চুঙা চাই সোপা।

লোকবাদ্য-- প্ৰত্যেক জাতি-জনজাতিৰে নিজস্ব লোকবাদ্য থকাৰ দৰে কাৰ্বি সকলৰো বিভিন্ন বাদ্যযন্ত্ৰ আছে। সেই কেইটা তলত উল্লেখ কৰা হ'ল-- চমাংকান উৎসৱত বজোৱা বাদ্যযন্ত্ৰ হ'ল 'চেংপি',ডেকাচাঙৰ বাদ্য 'চেংক্লপ'(এমুখীয়া ঢোল),বঙই আলুন(বনগীত)ৰ বাদ্যযন্ত্ৰ 'পংচী',কাৰ্বি পেঁপা 'মূৰি' গগনা 'ক্ৰুংচুই',চাবিন আলুন আৰু হাচা কেকানৰ সময়ত ব্যৱহাৰ কৰা 'কুমলেং' ,দোতাৰা,প্ৰাকচ(সৰু টিলিঙা), দহাৰ সময়ত পৰিবেশন কৰা সৰু ঢোলৰ বাদ্যযন্ত্ৰ 'চেংছ'
ইত্যাদি।

 সাজপাৰ--কাৰ্বি গীতসমূহ বৰ অৰ্থপূৰ্ণ আৰু হৃদয়স্পৰ্শী। অসমীয়া বিহুগীতত যিদৰে সাজপাৰৰ বৰ্ণনা থাকে,ঠিক সেইদৰে কাৰ্বি গীতসমূহতো সাজপাৰৰ বৰ্ণনা থাকে। পুৰুষৰ বাবে জেংকি আফ্ৰে পাং টেনবং,হাচাকেকান পাং দুকজন(দহি লগা চোলা),প'হ(পাগুৰি),লেক(মনি),চই,কঁকালত ৰিকং,ছাতৰ(ধুতি) আৰু হাতত ৰয় পাংখ্ৰা(খাৰু) পিন্ধে।
মহিলাসকলে পিনী(মেখেলা),পেকক(চাদৰ),জিছ'(বক্ষবন্ধনী),পীবা ৱামকক(টঙালী) আৰু বৃদ্ধাসকলে পেচাৰপী(চাদৰ),চই-আইৰ(হাঁচতি) আদি পৰিধান কৰে। কিন্তু,আজিকালি আধুনিকতাৰ প্ৰভাৱ পৰাৰ বাবে ডেকা-গাভৰুসকলে আধুনিক পোচাকো পৰিধান কৰে।

অলংকাৰ-- নাৰীসকল সৌন্দৰ্য্য প্ৰিয়। সাজপাৰ অলংকাৰেৰে নিজকে সজাই মেলি বৰ ভাল পায়। কাৰ্বি নাৰীসকলেও নিজকে তাম,ৰূপ আৰু সোণৰ অলংকাৰেৰে নিজকে সজাই তোলা দেখা যায়। তেওঁলোকে নথেংপী(ৰূপৰ কৰিয়া), ৰয় লেখাৰু(ৰূপৰ খাৰু), আৰনান (ৰূপৰ আঙঠি) আৰু লেক (বিভিন্ন ধৰণৰ সৰু-ডাঙৰ সোণৰ গুটি আৰু পইচা থকা ডিঙিৰ মালা) আদি অলংকাৰ পৰিধান কৰে।

কুটিৰ শিল্প--কুটিৰ শিল্পৰ ক্ষেত্ৰতো কাৰ্বিসকল পিছপৰি থকা নাই। কাৰ্বি সমাজত বাঁহৰ এক সুকীয়া মৰ্য্যদা আছে। বাঁহেৰে তেওঁলোকে 'হংসৰ' তৈয়াৰ কৰে। মানুহ এজন বহিব পৰা চকীৰ নিচিনাকৈ বাঁহেৰে সজা বৰ্গাকৃতিৰ চাংখনকে 'হংসৰ' বোলা হয়। খুটিবোৰতো নানাধৰণৰ কাৰোকাৰ্য্য কৰা থাকে। ডেকাচাঙৰ দলপতিজন এই 'হংসৰ'ত বহিব পাৰে। তাৰোপৰি হটন( ধান ৰখা সঁজুলি) মাৰজং(শংখ আকৃতিৰ ঢাকনী থকা পেৰা) ,ইংক্ৰাং (চালনী),বৰকনবং (জলকীয়া ৰখা সঁজুলি) আদি নিৰ্মান কৰে। মহিলা সকলেও ৰঙ-বিৰঙৰ কাপোৰ তৈয়াৰ কৰাৰ লগতে ডলা,খৰাহী,চালনী,পাচি(খাং),দোন আদিও নিজে প্ৰস্তুত কৰি লোৱাত পুৰুষসকলক সহায় কৰে। বিভিন্ন ধৰণৰ জাঠি,জোং,দা-কটাৰী আদিও তেওঁলোকে প্ৰস্তুত কৰে। তেওঁলোকে পক্ষী,ফুল,হৰিণআদিৰ চানেকী খটুওৱা ফুলাম আৰু ৰংচঙীয়া হাক্ বা হোৰা(পাচি) আদিও তৈয়াৰ কৰে।
যেনে- হাক্-লং/ইংতং , হাক্-ছিলি , হাক্-খাংৰা , হাক্-মাৰজং , হাক্-চংহেপ্ ,........ইত্যাদি।

ভাষা--কাৰ্বি ভাষা নিজস্ব ব্যাকৰণ গুন বিশিষ্ট ভাষা। ভাষাই জাতিৰ ঐতিহ্য বহন কৰে। কাৰ্বিসকলে নিজৰ মাজত কাৰ্বি ভাষা ব্যৱহাৰ কৰিলেও ভাষা বিনিময়ৰ ক্ষেত্ৰত আনৰ লগত অসমীয়া ভাষা ব্যৱহাৰ কৰে। অৱশ্যে এটা কথা ,কাৰ্বি আংলংৰ ভাষা আৰু কামৰূপৰ যমুনামুখ অঞ্চলৰ কাৰ্বি ভাষাৰ মাজত ভাষাগত প্ৰভেদ নিশ্চয় আছে।
     অসমীয়া ভাষা আৰু কাৰ্বি ভাষাৰ উৎস একে নহ'লেও একে ভৌগোলিক পৰিবেশ,সামাজিক,ৰাজ-
নৈতিক পৰিবেশত বসবাস কৰাৰ বাবে দুয়োটা ভাষাৰ মাজত পাৰস্পৰিক সম্বন্ধ নুই কৰিব নোৱাৰি। যেনে--
অসমীয়া কাৰ্বি
আলমাৰি আলমাৰী
কবি কুবি
বটল বটল ইত্যাদি।

      কেইবছৰমান আগতে কাৰ্বিভাষাত প্ৰকাশিত বাতৰি কাকত পিৰথে কিমি(নতুন পৃথিৱী)য়ে অসমীয়া আখৰকে ব্যৱহাৰ কৰিছিল। তাৰোপৰি কাৰ্বিভাষাতে প্ৰকাশিত হাঈ, ক্লংকৰ আথেকাৰ কেতিআকিতাম আদি পুথিতো অসমীয়া ভাষাই ব্যৱহাৰ হৈছে। কাৰ্বি ভাষাত বড়ো,কুকিচীন আৰু অসমীয়া শব্দও ব্যৱহাৰ হৈছে। কাৰ্বি ভাষাৰ নিজস্ব লিপি নথকাৰ বাবে আজিকালি অৱশ্যে ৰোমান লিপি ব্যৱহাৰ কৰা দেখা যায়।

সামৰণি-- অসমৰ সোঁ-হাত স্বৰূপ কাৰ্বি ভাই-ভনীসকল সহজ-সৰল প্ৰকৃতিৰ। যুগ যুগ ধৰি অসমতে বসবাস কৰি অসমীয়াৰ হৃদয়ত আপোন ভাৱ গঢ়ি তুলিবলৈ সক্ষম হৈছে। যুগান্তৰৰ কত ধুমুহাই তেওঁলোকক জোকাৰি গ'ল, সামন্ত যুগৰ কত ৰজাই তেওঁলোকৰ মূৰৰ ওপৰত তৰোৱালৰ ঝনঝননি তুলিলে,তথাপি তেওঁলোক নিচিহ্ন হৈ নগ'ল--তেওঁলোক জীয়াই থাকিল কাৰ্বি ৰূপে ,এটা জাতি ৰূপে । কাৰ্বিসকলৰ লিখিত বুৰঞ্জী নাথাকিলেও তেওঁলোকৰ জাতীয় সমিবলবোৰক সযতনে ধৰি ৰখাৰ প্ৰয়াস কৰাটো সকলোৰে কৰ্তব্য বুলি ভবাৰ থল আছে।

✍️ৰিজু দেৱী
ঢেকিয়াজুলি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)