"আমাৰ দল সদায় মেহনতী জনতাৰ ওচৰত আছে। আপোনালোকৰ প্ৰতি টোপাল শ্ৰমৰ মূল্য আপোনালোকক দিবলৈ আমি সাজু।" দিন হাজিৰা কৰা আবেদৰ চকুহাল উজ্বলি উঠিল।অন্ততঃ এটা দলটো আছে তেওঁলোকৰ কষ্টখিনিক উপলব্ধি কৰিব পৰাকৈ।
"নাই,নাই। কামলৈ আহোঁতে আধাঘণ্টা পলম কৰিলা। আজি আৰু কাম কৰিব নালাগে, উভতি যোৱা।" মেহনতী জনতাৰ কাষত থকা আগদিনাৰ বক্তাজনৰ পাছদিনাৰ ৰূপ দেখি আবেদ শিল পৰা কপৌটোৰ দৰে হ'ল। সকলো একেই ভাষণবাজী। গোটেই দিনটো অথলে গ'ল।
✍️অংশুমান ভূঞা
চামতা,নলবাৰী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ