নামবৰ হাবিৰ চমু ইতিবৃত্ত~প্ৰবন্ধ- ঊষাৰাণী দেৱী

©Admin
0
আমাৰ মাতৃভূমি সোণৰ অসমখনৰ কথা কব’লৈ যাওঁতে আমি সকলোৱেই অতি গৰ্বেৰে একেষাৰেই কৈ উঠো এশিঙিয়া গড়ৰ বাবে বিখ্যাত কাজিৰঙা অভয়াৰণ্যৰ কথা ৷কিন্তু আজি মই এনেকুৱা এখন অৰণ্যৰ কথা ক’বলৈ ওলাইছো,যাক আমি সকলোৱেই নামবৰ ৱাইল্ড লাইফ চেঞ্চুৰি বা চমুকৈ “নামবৰ হাবি” বুলি জানি আহিছো ৷
          নামবৰ হাবি অসমৰ কাৰ্বি-আংলং জিলাত অৱস্থিত ৷মাটি আৰু পানী মিলাই নামবৰ হাবিৰ মুঠ দৈৰ্ঘ্য প্ৰায় ৩৭কিলোমিটাৰ ৷
বিগত ইং ২০০০ চনত অসম চৰকাৰে নামবৰ হাবিক অভয়াৰণ্য বুলি ঘোষণা কৰে ৷নামবৰ হাবিৰ প্ৰাকৃতিক সৌন্দৰ্য তুলনাবিহীন ৷কিয়নো 
ই কাৰ্বি-আংলং জিলাৰ পাহাৰীয়া অঞ্চলত অৱস্থিত ৷ইয়াত বিভিন্ন ধৰণৰ চৰাই যেনে--
মাছৰোকা,হৰ্ণবিল,বৰটোকোলা,ঈগল,কাওঁচা আদি ,আৰু জন্তু যেনে--হলৌ বান্দৰ,ডাঙৰ ডাঙৰ হাতী,অসমৰ স্থানীয় বান্দৰ ,বনৰীয়া গাহৰি,বেংগল টাইগাৰ ,বনৰীয়া কুকুৰ ইত্যাদি পোৱা যায় ৷তাৰোপৰি অজগৰ,কিং কোব্ৰা ,ক’লা ৰংৰ অতি বিষাক্ত সাপ আদি পোৱা যায় এই নামবৰ অভয়াৰণ্যত ৷
              নামবৰ হাবিত পোৱা যায় বিভিন্ন ধৰণৰ অতি মূল্যৱান বনস্পতি সম্পদ ৷যেনে---এজাৰ গছ,তিতা চপা ,সলখ,শিলিখা,চেগুন,শাল গছ,কঁঠাল গছ ইত্যাদি ৷
              গোলাঘাট নগৰৰ পৰা প্ৰায় ৩৫ কি.মি.
আৰু ডিমাপুৰৰ পৰা প্ৰায় ৫৫কি.মি. দূৰত্বত অৱস্থিত এই মনোমোহা নামবৰ অভয়াৰণ্য ভাৰতবৰ্ষৰ উত্তৰ-পূৱ অঞ্চলৰ ভ্ৰমনকাৰীৰ বাবে এখন বিখ্যাত পৰিভ্ৰমন স্থলী হিচাপে জনা যায় ৷কিন্তু বাৰিষা কালি বিশেষকৈ বৰষুণৰ দিনত পৰিভ্ৰমনকাৰীৰ বাবে এই অভয়াৰণ্য বন্ধ থাকে ৷নবেম্বৰ মাহৰ পৰা এপ্ৰিল মাহলৈকে এই অভয়াৰণ্য খোলা থাকে ৷অসমৰ বিভিন্ন বনাঞ্চল তথা অভয়াৰণ্যৰ ভিতৰত নামবৰ হাবিকোএখন উল্লেখনীয় অভয়াৰণ্য হিচাপে পৰিচয় দিবলৈ পাই আমি অসমবাসী আজি অতিকে গৰ্বিত ৷
 জয় আই অসম ৷

                                🖋️ঊষাৰাণী দেৱী
                                    গোলাঘাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)