চিন্তা কৰি চাবচোন~অনুভৱ-পৰাগ প্ৰিয়ম

©Admin
0
    আপোনাক হয়তো কোনোবাই নহয় কোনোবাই কতিয়াবা কৈছে -----" কিয় খোলা এটাৰ ভিতৰত অনবৰত সোমাই থাকা ,কেতিয়াবা বাহিৰ ওলাবাচোন ।"

      কাছ এটা যেতিয়া চিকাৰীৰ সন্মুখত পৰে তেতিয়া ই নিজকে বচাবলৈ তাৰ খোলা বা চলঙৰ ভিতৰলৈ সোমাই যায় । আমি মানুহবোৰে হয়তো বিপদ বা টান সময়ত তাকে কৰো । মাত্ৰ এটা কথাত সাৱধান হ'ব , প্ৰত্যেক বোৰ কিবা বিপদৰ বা টান কামৰ সন্মুখীন হ'লেই আপুনি সেয়া কৰে নেকি ? তেন্তে আপোনাৰ এই কৌশলটো হয়তো অলপ সলাব লাগিব । কিয় ? কাৰণ বিপদৰ পৰা বা টান কাম বা সময়ৰ পৰা হাত সাৰিবলৈ খোলাটোত সোমাই গ'লেই বিপদ বা টান ,বেয়া সময়বোৰ নিজে নিজে গুচি নাযায় । তাৰ বাবে আপুনি এইবোৰৰ মুখামুখি হ'বলৈ শিকিব লাগিব আৰু শিকি উঠি সেয়া অভ্যাস কৰিব লাগিব । আৰু আচৰিত কথাটো হ'ল ,যেতিয়া আপুনি সেই অভ্যাসটো কৰা আৰম্ভ কৰিব , তেতিয়া আৰু বিপদে বা বেয়া সময়ে আপোনাক আৰু আগৰ নিচিনাকৈ ভয় খুৱাব নোৱাৰে । সম্ভৱতঃ সেইটো মানুহ হিচাপে কৰিব পৰা এটা বৰ ডাঙৰ কাম ।
বিপদৰ মুখামুখি হোৱাৰ অভ্যাস নকৰাকৈ কেনেকৈ আপুনি বিপদৰ সন্মুখীন হ'ব পাৰিব ? যদি কাৰোবাৰ বাবে বা কিবা পৰিস্থিতিৰ বাবে আপুনি অনবৰতে খোলাত সোমাই থাকিবলগিয়া হৈছে ,তেন্তে সেই মানুহ আৰু পৰিস্থিতি সলনি কৰাটোৱেই আপোনাৰ বাবে ভাল নহ'বনে ? জীৱনটো খোলাৰ বাহিৰত থাকি উপভোগ কৰাটো ,জীৱনটো উদযাপন কৰাটো আপোনাৰ এক অধিকাৰ । কাৰোবাৰ বাবে বা কোনো পৰিস্থিতি পৰিৱেশৰ বাবে ইয়াক বাদ দিব কিয় ? সকলো পৰিস্থিতিতে খোলাটো ব্যৱহাৰ কৰি পলাই ফুৰিবলৈ চেষ্টা কৰাতকৈ নিজকে আৰু টান ,ভয়হীন আৰু ভাল কৰি তোলাত ইয়াক এক সহায় বা চাপ'ৰ্ট হিচাপে ব্যৱহাৰ কৰিব পাৰি নেকি ? চিন্তা কৰি চাবচোন ।
                 
✍পৰাগ প্ৰিয়ম 
যোৰহাট ,তিতাবৰ
                  

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)