অকণিৰ নেহৰু খুড়া~প্ৰবন্ধ- প্ৰিয়ংকা গায়ন

©Admin
0
ভাৰতৰ স্বাধীনতা সংগ্ৰামী, প্ৰথম প্ৰধানমন্ত্ৰী তথা স্বাধীনতাৰ পূৰ্বৰ আৰু স্বাধীনোত্তৰ কালৰ সুদক্ষ ৰাজনীতিবিদ,শিশু সকলৰ মৰমৰ নেহেৰু খুড়াৰ জন্ম হৈছিল ১৮৮৯ চনৰ ১৪ নৱেম্বৰ তাৰিখে প্ৰয়াগৰাজ নামৰ ঠাইত। শিশুপ্রিয় জৱাহৰলাল নেহৰুৰ পিতৃৰ নাম আছিল মতিলাল নেহৰু আৰু মাতৃৰ নাম স্বৰূপৰাণী নেহৰু।তেওঁ শিক্ষা জীৱন আৰম্ভ কৰিছিল ঘৰতে এজন ঘৰুৱা শিক্ষকৰ তত্বাৱধানত।১৯০৫ চনত তেওঁক দেউতাকে ইংলেণ্ডৰ হেৰ' পাব্লিক স্কুলত নামভৰ্তি কৰে।তাত তেওঁ নিয়মবোৰ ভাল নাপাই পুনৰ কেম্ব্ৰিজৰ ট্ৰিনিটি কলেজত নাম ভৰ্তি কৰে,তাৰ পৰাই ১৯১০ চনত দ্বিতীয় শ্ৰেণীৰ অনাৰ্ছসহ ডিগ্ৰী লাভ কৰে।
             স্বাধীনতা সংগ্ৰামত যোগদান কৰাৰ কাৰণে তেওঁ কেইবাবাৰো জেল জীৱন কটাব লগীয়া হৈছিল।ভাৰতৰ ৰাজনৈতিক প্ৰেক্ষাপটলৈও তেখেতে অনবদ্য আগবঢ়াই থৈ গৈছে। স্বাধীনতাৰ পূৰ্বৰে পৰা তেওঁ ভাৰতৰ ৰাজনৈতিক ক্ষেত্ৰ খনত জড়িত হৈ আছিল।১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখৰ পৰা সুদীৰ্ঘ ১৭ বছৰ কাল প্ৰধানমন্ত্ৰী পদ অলংকৃত কৰি স্বাধীনোত্তৰ ভাৰতৰ প্ৰগতিত অৰিহণা যোগাইছিল।
           তেওঁ আছিল এজন বিশিষ্ট লেখক ।বিশ্ব ইতিহাসৰ জিলিঙনি (Glimpses of World History)
দ্য ডিস্কভাৰী অৱ ইণ্ডিয়া (The Discovery of India)
আত্মকথা এই কেইখন তেওঁৰ বিখ্যাত গ্ৰন্থ। 
      তেওঁ ১৯৫৫ চনত ভাৰত চৰকাৰৰ সৰ্বোচ্চ সন্মান ভাৰতৰত্ন সন্মান লাভ কৰিছিল।
     মৃত্যুৰ আগলৈকে প্ৰধানমন্ত্ৰীৰ পদত থকা জৱাহৰলাল নেহৰু এ ১৯৬৪ চনৰ ২৭ মে তাৰিখে ইহলীলা সম্বৰণ কৰে।

✍️প্ৰিয়ংকা গায়ন

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)